Sankardev Essay in Assamese

Sankardev Essay in Assamese, যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্রাদুর্ভাৱ বাঢ়ে তেতিয়া সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্কৃতিকাৰী সকলৰ বিনাশ সাধন কৰি ধৰ্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰোঁ।— এই বাণী যিদৰে ধৰ্ম-জগতৰ চিৰন্তন সত্য বুলি মানি লােৱা হৈছে, সেইদৰে ই ইতিহাসতাে সত্য। ইতিহাসৰাে পুনৰাভিনয় হয়।

আৰম্ভণি

Sankardev Essay in Assamese,

চতুর্দশ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত অসমত ধৰ্মৰ বিপর্যয় ঘটিছিল। অধৰ্মৰ প্রভাৱে মানুহবিলাকক অন্ধ কৰি তুলিছিল। দেৱ-দেৱতাৰ সন্তুষ্টি লাভ কৰি বাঞ্ছিত ফল লাভৰ বাবে জীব-জন্তু বলি দিয়াটো নীতিত পৰিণত হৈছিল। মানুহে শদিয়াৰ কেঁচাইখাতী আৰু অন্যান্য থান আদিত উদ্দেশ্য সিদ্ধিতৰ বাবে মানুহাে বলি দিছিল। আহােমসকলে প্রতি বছৰে একো একোটাকৈ মানুহ বলি দিছিল ৰজাঘৰীয়া অপায়-অমংগলৰপৰা পৰিত্ৰাণ পােৱাৰ উদ্দেশ্যে। বলিবােৰক “ভােগী” আখ্যা দিয়া হৈছিল।

ধৰ্মৰ নামত মানুহৰ ওপৰত নানা অত্যাচাৰ-অনাচাৰ চলিছিল। ইতিহাসৰ এইছোৱা কলংকিত সময়তে পঞ্চদশ শতাব্দীৰ মাজভাগত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। জনজীনলৈ ধর্ম-চেতনা ফিৰি আহিছিল। তেওঁ ধর্ম, শিক্ষা, সাহিত্য, সংস্কৃতিৰ বহুমুখী প্রতিভাৰ ছত্ৰছায়াত অসমীয়া জাতিয়ে ভেদাভেদ পৰিহৰি একতাৰ ডােলেৰে বান্ধ খাই অসমৰ বুকুত এক মহান সাম্যৰ ৰাজ প্রতিষ্ঠা কৰিছিল। ধর্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলাে ক্ষেত্ৰতে নৱেন্মেষৰ সৃষ্টি কৰি অসমত নৱ-জাগৰণৰ সূচনা কৰিছিল। মহাপুৰুষ জনাৰ জ্ঞানজ্যোতিৰ পৰশে সমগ্ৰ অসম উদ্ভাসিত কৰি তুলিছিল।

জন্ম বংশ পৰিচয়

Sankardev Essay in Assamese

১৪৪৯ খৃষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলিপুখুৰী গাঁৱত এইজনা মহাপুৰুৰ আবিৰ্ভাৱ হয়। তেওঁৰ পিতৃ কুসুম্বৰ আৰু মাতৃ মহাপুণ্যৱতী সত্যসন্ধ্যা। অসমৰ বিখ্যাত বাৰভূঞাৰ পৰিয়ালত আৱিৰ্ভাৱ হৈ শংকৰদেৱে বংশ-গৌৰৱ যাউতিযুগীয়া কৰি থৈ গৈছে। দেৱাদিদেৱৰ শংকৰৰ বৰত কুসুম্বৰে এই সর্ব সুলক্ষণযুক্ত পুত্রটি লাভ কৰিছিল বাবে তেওঁৰ নাম থােৱা হৈছিল শংকৰ। শাৰদীয় চন্দ্ৰমাৰ মধুস্মিত, স্নিগ্ধ জ্যোতিৰ জ্যোতিষ্মান, শুভ লগ্নৰ যিটো মাহেন্দ্রক্ষণত তেওঁৰ আৱিৰ্ভাৱ হৈছিল, সেই ক্ষণত নানা মংগলসূচক অলৌকিক ঘটনা সংঘটিত হৈছিল। সেয়ে সূচনা কৰিছিল তেওঁ বিষ্ণুৰ অংশ বুলি।

শৈশব

Sankardev Essay in Assamese

Childhood of Srimanta Sankardev শৈশৱতে তেওঁ পিতৃ মাতৃক হেৰুওৱাত বুঢ়ী মাক খেৰসূতী আইৰ আদৰ-যত্নেৰে লালিত-পালিত হৈ ধূলি-ধেমালিৰ আনন্দ-মধুৰ দিনবােৰ লগৰীয়াৰ লগত অতিবাহিত কৰিছিল আনন্দ-বিভােৰ হৈয়ে। অনুপম সৌন্দর্য প্রতিমূর্তি শংকৰ শাৰীৰিক বলতাে আছিল অতুলনীয় আৰু সেইবাবে শৌর্যৰ পৰিচয় দি খ্যাতিও অর্জন কৰিছিল শৈশৱতেই। বিদ্যা-শিক্ষাৰ প্রতি প্রতিশয় অমনােযােগী দুর্দান্ত শংকৰক লৈ খেসূতী মহা সংকটত পৰিবলগা হৈছিল। বহুতাে বুজনি দিহে তেওঁক মহেন্দ্ৰ কন্দলীৰ বিদ্যালয়ত ভৰ্তি কৰি দিব পাৰিছিল। কিন্তু কেইদিনমান বিদ্যালয়লৈ গৈ ক-ফলাখন শিকিয়ে তেওঁ যি অফুৰন্ত মেধা, প্রজ্ঞা আৰু প্ৰতিভাৰ পৰিচয় দিলে, সিয়েই তেওঁক গুৰুৰ অতি প্রিয়ভাজন কৰি তুলিলে আৰু তাৰ ফলতে গুৰুৱে তেওঁক “দেৱ” উপাধিৰে বিভূষিত কৰি ওজা ছাত্র পাতিলে।

শৈশৱত পাণ্ডিত্যৰ পৰিচয়

Sankardev Essay in Assamese.

শিশু শংকৰদেৱৰ মনীষাৰ চূড়ান্ত নিদর্শন নিহিত আছে এই স্তোত্রটিৰ প্রতি শব্দৰ মর্মে মর্মে। অতি কম সময়ৰ ভিতৰতে তেওঁ চাৰিবেদ, চৈধ্য শাস্ত্র, ওঠৰ পুৰাণত ব্যুৎপত্তি লাভ কৰি বিদগ্ধ পাণ্ডিত্যৰ পৰিচয় দিছিল। শিক্ষা সাং কৰাৰ পাছত কিছুদিন ভূঞা ৰাজ্যৰ দায়িত্বও বহন কৰিবলগা হৈছিল। কিন্তু ধর্ম সংস্থাপনৰ বাবেই যাৰ অৱতাৰ, তেওঁক ৰাজকার্য, ভােগ-বিলাসে বন্দী কৰি ৰাখিব নােৱাৰে। সকলাে জলাঞ্জলি দি তেওঁ একনিষ্ঠভাৱে শাস্ত্রচর্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ সাধন পৰে।

সাধনাত তেওঁ সিদ্ধি লাভ কৰে। ভগৱন্তৰ মহিমাৰ অনির্বাচনীয় জ্যোতিয়ে তেওঁৰ হৃদয় ৰাজ্য উদ্ভাসিত কৰি তােলে। সেই জ্যোতিৰ আলােকত তেওঁ দেখা পায় সর্বব্যাপী, সৰ্বশক্তিমান, নিৰাকাৰ, অব্যক্ত ঈশ্বৰৰ দীপ্ত মূর্তি। তেওঁ উপলব্ধি কৰে— ‘কৃষ্ণস্তু ভগৱান স্বয়ং”। তেওঁৰ দৃষ্টিত ধৰা দিয়ে।

মতবাদ আৰু ধর্মপ্রচাৰ

Sankardev Essay in Assamese, ভগৱানেই সর্বময় কর্তা; “একমেবাদ্বিতীয়ম্‌।” তেৱেঁই স্রষ্টা, তেৱেঁই দ্রষ্টা, তেৱেঁই ধাতা, তেৱেঁই ত্রাতা আৰু তেৱেঁই সংহাৰােতা। সৃষ্টি, স্থিতি, প্রলয়ৰ তেৱেঁই অধিকাৰী। এই মতবাদৰ ভিত্তিতে তেওঁ এক শৰণ ভাগৱতী ধর্ম প্রৱর্তন কৰে আৰু সেয়ে পাছত মহাপুৰুষীয়া ধর্ম বা বৈষ্ণৱ ধর্ম নামে অভিহিত হয়। একান্ত ভক্তিভাৱে হৰিত শৰণ লৈ তেওঁৰ নাম শ্ৰৱণ, কীর্তন কৰি সংসাৰৰ পাপ-তাপ, জৰা ব্যাধিৰপৰা মুক্ত হৈ পৰমপদ লাভ কৰিব পাৰি। গীতাত ভগৱানে কৈছে : “সৰ্ব্ব ধর্মান্ পৰিত্যজ্য মামেকং শৰণং ব্রজ।” বৈষ্ণৱ ধৰ্মৰাে এয়ে মত ? “এক দেৱ, এক সেৱ, একত বিনে নাই কেও।”

তেওঁৰ ধৰ্মত অস্পৃশ্যতা, জাতি ভেদ, জীৱ-হিংসাৰ স্থান নাই। তেওঁৰ ধৰ্মত সাম্য আদর্শ নিহিত আছে। মিৰি, খাচী, গাৰাে, যৱন—সকলােৱে তেওঁৰ মহান ধৰ্মৰ প্রতি আকৃষ্ট হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল শ্ৰীমন্ত শংকৰে হৰিনাম-অমৃতেৰে অসম ভূমি প্লাৱিত কৰি মানুহৰ অন্তৰে অন্তৰে, হৃদয়ৰ ৰন্ধ্রে ৰন্ধ্রে হৰিনামৰ মহিমাৰ সোঁত বােৱাই দিছিল। মহাপুৰুষজনাৰ পৰম ভক্ত মাধৱদেৱৰ ভাষাত:

“হৰিনাম ৰসে বৈকুণ্ঠ প্রকাশে

প্রেম অমৃতৰ নদী।

শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা

বহে ব্রহ্মাণ্ডক ভেদি।”

এইজনা মহাপুৰুষ অলৌকিক শক্তিৰে মহিমামণ্ডিত আছিল । চান্দসাই দর্জীয়ে স্বচক্ষে তেওঁৰ চতুর্ভুজ ৰূপ দেখি চোলা তৈয়াৰ কৰােতে চাৰি হাত লগাই দিছিল। অন্যান্য শিষ্যসকলেও তেওঁৰ অপাৰ মহিমাৰ প্ৰমাণ পাইছিল। সেয়েহে অসমীয়া জাতিৰ বাবে

“শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ

জানা যেন কল্পতৰু

তাহান্ত বিনা ই নাহি নাহি আৰ

আমাৰ পৰম গুৰু।”

তেওঁ দুবাৰকৈ তীর্থ ভ্ৰমণ কৰি নানা সাধু, সন্ত, মহন্তৰ লগত ধর্মালােচনা কৰি ধর্মমতৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিছিল। তেওঁ গৃহী আছিল। দুবাৰকৈ বিবাহ-বন্ধনত আবদ্ধ হৈছিল। কিন্তু তেওঁ অনাসক্ত গৃহী আছিল। তেওঁৰ ধৰ্মত গৃহী আৰু গৃহত্যাগীৰ সমান স্থান। গার্হস্থ্য ধর্ম পালন কৰিও মানুহে ভগৱানৰ কৰুণা লাভ কৰিব পাৰে ।

ৰচনাৱলী

Sankardev Essay in Assamese, শ্ৰীমন্ত শংকৰদেৱে গীত আৰু নাট এই দুটি অতি হৃদয়গ্রাহী আৰু মনােৰঞ্জনৰ আটাইতকৈ শক্তিশালী সমলক ধর্ম প্রচাৰৰ মাধ্যম হিচাপে বাছি লৈছিল। বৰগীত আৰু অংকীয়া নাট গুৰুজনাৰ আপুৰুগীয়া অৱদান। তেওঁ ছকুৰি বৰগীত আৰু চিহ্ন-যাত্রা, কালীয় দমন, কেলি গােপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, পত্নী প্রসাদ আদি নাট ৰচনা কৰি ইয়াৰ প্রভাৱেৰে অসমীয়াৰ ধর্মীয় জীৱন মহীয়ান কৰি থৈ গৈছে।

গীত, নাট পৰিবেশনৰ অংগস্বৰূপে খােল, তাল, ডবা, কহ, শংখ, মৃদংগ আদিৰ সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰালাে চহকী কৰি থৈছে। ধর্ম প্রচাৰৰ প্রেৰণাতে কীর্তন ৰচিত হৈছে। কীর্তন অসমীয়া জাতিৰ বেদ। সৃষ্টিতত্ত্ব, ভক্তি তত্ত্ব, মূক্তিৰ বাণী— সামাজিক জীৱনধাৰাৰ মূর্তিমান ছবি কীর্তনৰ বুকুতে নিহিত আছে। ভাগৱতৰ ১ম, ২য়, ৩য় স্কন্ধৰ ৬ষ্ঠ স্কন্ধৰ প্ৰথমছােৱা, ৮মৰ ২ৰপৰা ২৩ অধ্যায়লৈ, দশমৰ আদিছােৱা, ১১শ আৰু দ্বাদশ স্কন্ধ গুৰুজনাই ৰচনা কৰে।

তদুপৰি ভাগৱতৰ কাহিনীক লৈ সুকীয়াকৈ হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, বলিছলন ইত্যাদি আৰু অন্যান্য গ্রন্থৰ ভিতৰত ভক্তিপ্রদীপ, অনাদি পাতন, ভক্তি ৰত্নাকৰ, গুণমালা, নিমিনৱসিদ্ধ, ৰামায়ণৰ উত্তৰাকাণ্ড আদি সংস্কৃতিক অৱদান বহুতাে গ্রন্থ প্রণয়ন কৰি ধৰ্মৰ জগতখনকে যে বিনন্দীয়া ৰূপেৰে সজাই থৈ গৈছে এনে নহয়, অসমীয়া ভাষা আৰু সাহিত্যকো উভৈদনী সম্ভাৰেৰে চহকী কৰি অসমভূমিত গজগজীয়া কৰি থৈ গৈছে।

তদুপৰি এই গ্রন্থবােৰৰ মাজত অসমীয়া জাতিৰ ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, অসমীয়া সংস্কৃতি, অসমৰ মনােমােহা প্ৰকৃতিৰ মনােৰম বর্ণনা আদি সন্নিৱিষ্ট কৰি সমগ্ৰ অসমীয়া জাতিটোকে গ্রন্থায়িত কৰি গৈছে। এই ক্ষেত্ৰত কোচৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে গুৰুজনালৈ আগবঢ়োৱা অসীম সহায়-সহানুভূতিও চিৰস্মৰণীয়।

সামৰণি

Sankardev Essay in Assamese. জনসমাৱেশ ঘটাই, সামূহিকভাৱে হৰিনাম কীর্তন কৰা, গীত-মাত, ভাওনা আদি পৰিৱেশন কৰা, মিলি-জুলি একতাৰে কাম সম্পাদন কৰা আদিৰ ক্ষেত্ৰত নামঘৰৰ উদ্ভাৱন গুৰুজনাৰ আন এটা বিশিষ্ট অৱদান। মুঠতে গুৰুজনাই ছকুৰি বছৰীয়া মানৱী-লীলাৰ কালছােৱাত অসমীয়া সমাজখন আটকধুনীয়াকৈ সজাই-পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পৱিত্ৰ কৰি, ভাষা-সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি, অসমীয়াৰ কণ্ঠত গৌৰৱৰ, গৰিমাৰ, মহিমাৰ জয়মাল্য পিন্ধাই থৈ গ’ল।

একেজন পুৰুষেই ধর্ম, ভাষা, সাহিত্য-সংস্কৃতি আৰু সমাজবাদ প্রতিষ্ঠাত ইমানবােৰ অৱদান, অৰিহণা দি যাবলৈ সক্ষম হােৱা মহাপুৰুষ ভাৰত কিয়, পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হােৱা নাই। তেওঁ মানৱলীলা সম্বৰণ কৰােতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল।

তেওঁ “একমেবাদ্বিতীয়” ৰূপে আৱির্ভূত হৈ সেই ৰূপতে পৰম ব্রহ্মত লীন হ’ল।

Know more about Sankardev Essay in Assamese, Click Here

Leave a Comment