Albert Einstein

বিশ্ববিখ্যাত বিজ্ঞানী এলবার্ট আইষ্টাইন Albert Einstein.

মানুহৰ জ্ঞান চক্ষু মুকলি হােৱা দিনৰ পৰা যুগে যুগে প্রকৃতিৰ বুকুত বিভিন্ন অধ্যয়ন, চিন্তা-চৰ্চা, গৱেষণা, পর্যবেক্ষণ কৰি অনেক তথ্য উদ্ভাৱন আৰু আৱিষ্কাৰ কৰি আহিছে। বিজ্ঞানৰ অগ্ৰগতিৰ ফলত আজি পৃথিৱীৰ মানুহ মহাকাশত বিচৰণ কৰিবলৈ সক্ষম হৈছে। মহাকাশৰ বুকুত কৃত্রিম উপগ্রহ স্থাপন কৰি মহাকাশৰ অনেক তথ্য সংগ্রহ কৰিছে। বিজ্ঞানৰ এই প্রগতিৰ ক্ষেত্ৰত গেলিলিও, নিউটন, আইনষ্টাইন(Albert Einstein) আদি বিজ্ঞানীসকলৰ অৱদান চিৰস্মৰণীয়।

অনন্ত কোটি নক্ষত্ৰৰে ভৰা বিশ্বব্রহ্মাণ্ডখন অনন্ত কোটি সৌৰ জগতেৰে পৰিপূর্ণ। বিশ্ব ব্রহ্মাণ্ডখন এক জটিল শৃঙ্খলাবদ্ধতাৰ মাজত পৰিচালিত হৈ আছে। মহাকর্ষণ শক্তি আৰু মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত এক নিবিড় সম্পর্ক ৰক্ষা কৰি বিশ্ব ব্রহ্মাণ্ডখন পৰিচালিত হৈছে। আইনষ্টাইনে বিশেষ আপেক্ষিকতাবাদৰ জৰিয়তে মহাকাশ সময়, ভৰ আৰু শক্তিক একত্রিত কৰি বৈজ্ঞানিক চিন্তাৰ এক নতুন দিশৰ সন্ধান দিছিল।

জন্ম আৰু শিক্ষা

বিজ্ঞানী এলবার্ট আইনষ্টাইনৰ(Albert Einstein) জন্ম জার্মানদেশৰ উল্‌ম চহৰত। জন্মৰ চন ১৮৭৯, তাৰিখ ১৪ মার্চ। পিতৃৰ নাম হার্মান আইনষ্টাইন আৰু মাতৃৰ নাম পাওলিন আইনষ্টাইন। তেখেতৰ পিতৃ হার্মান এজন বৈদ্যুতিক যন্ত্রপাতিৰ ভাল ব্যৱসায়ী আছিল। মাক পাওলিনে নিয়মিতভাৱে সংগীত-চৰ্চা কৰিছিল । সেয়েহে এলবার্টে বিজ্ঞান আৰু সংগীত দুয়ােটাকে সমানে ভাল পাইছিল। এলবার্টে মিউনিখুত প্রাথমিক শিক্ষা আৰম্ভ কৰে। সৰুৰে পৰা তেওঁৰ বিজ্ঞান আৰু গণিত প্রিয় বিষয়। জুৰিখত থকা ছূইজ ফেডাৰেল ইনষ্টিটিউট অব্‌ টেকন’লজি’ৰ পৰা এলবার্ট আইনষ্টাইনে ১৯০০ চনত স্নাতক ডিগ্রী লাভ কৰে।

বিবাহ আৰু চাকৰি

১৯০৩ চনত এলবার্টে(Albert Einstein) মিলেভা মাৰিৎ চৰৰ লগত বৈবাহিক পাশত আৱদ্ধ হয়। হান্স আৰু এডৱার্ড এলবার্ট আইনষ্টাইনৰ দুটি সুযোগ্য সন্তান। পিছে গৱেষণাগাৰৰ চাৰিবেৰৰ বাহিৰত যে তেওঁলোকৰ কোনো কথাতে মিল নাই সেইটো অতি সোনকালেই প্ৰকাশ পালে। ১৯১৪ চনৰ পৰা পাঁচ বছৰ বেলেগে বেলেগে থকাৰ পাছত ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ কিছুদিন পিছতেই ১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা লৱেন্থেল নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহত এলছা আইনষ্টাইন মৃত্যু হয়।

শিক্ষা সমাপ্ত কৰি ১৯০১ চনত এলবার্ট আইনস্টাইনে বার্ম চহৰৰ ছুইজ পেটেন্ট কার্যালয়ত কেৰেণী চাকৰিত সােমাই ১৯০৮ চনলৈকে কার্যনির্বাহ কৰে। কেৰেণীৰ কৰিব লগীয়া কামখিনি সদায় আন্তৰিকতাৰে শেষ কৰি আজৰি সময়খিনি অধ্যয়ন কৰিছিল। এলবার্ট আছিল এজন পেটেণ্ট পৰীক্ষক। এইকাম তেওঁৰ জীৱনত আছিল ডাঙৰ আশীর্বাদ। পেটেণ্ট পৰীক্ষাই এলবার্ট আইনষ্টাইনৰ চিন্তাৰ জগতখন অধিক আলােকিত কৰি তুলিছিল। পদার্থ বিজ্ঞানৰ পর্যবেক্ষণ গৱেষণাৰ বাবে অনেক সম্বল পেটেণ্ট পৰীক্ষাৰ মাজত বিচাৰি পাইছিল৷ ইয়াৰ ফলশ্রুতি স্বৰূপে তেখেতৰ সাত বছৰীয়া চাকৰি কালত সৰ্বমুঠ চৌবিশখন গৱেষণাপত্র প্রস্তুত কৰি প্ৰকাশ কৰে।

তৰণ যুৱক এলবাৰ্টৰ গৱেষণা-পত্ৰত প্ৰকাশ পােৱা তথ্যসমূহে সকলােৰে মন আকর্ষণ কৰিছিল। অনেকে শুভেচ্ছাবাণী পঠাইছিল, অনেক ঠাইৰ পৰা বক্তৃতা দিবলৈ নিমন্ত্রণ পাইছিল। জার্মানীৰ এনালেন দেৰ ফিজিক’কাকতখনত প্ৰকাশ হােৱা এলবার্ট আইনষ্টাইনৰ কণাৰ ব্রাউনীয় গতিবিধি’, ‘গতি কৰি থকা অৱস্থাত পদার্থ বিদ্যুৎগতি’, ‘পােহৰৰ উৎপত্তি আৰু ৰূপান্তৰ এই গৱেষণা-পত্ৰ কেইখনে বিজ্ঞানীসকলৰ মাজত এক বিশেষ নতুন দিশৰ চিন্তাৰ খলক তুলিছিল।Brownian Motion’এই গৱেষণা পত্রখনিত এলবার্ট আইনষ্টাইনক জার্মানৰ জুৰিখ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্রদান কৰে।Albert Einstein.

১৯০৫ চনত তেওঁৰ বিখ্যাত গৱেষণা-পত্র বিশেষ আপেক্ষিকতাবাদ প্রকাশ পায়। এই গৱেষণা পত্ৰখনত আইনষ্টাইনে প্রমাণ কৰি দেখুৱালে; এটা বস্তুৰ গতিৰ বেগ যদি পােহৰৰ বেগৰ সমান হয় তেন্তে বস্তুটোৰ ভৰ বাঢ়ি গৈ শক্তি সীমাহীনভাৱে বৃদ্ধি হ’ব। আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই সময়, স্থান আৰু পদার্থ সম্পর্কে নতুন চিন্তাৰ দিগন্ত মুকলি কৰি দিলে। আইনষ্টাইনৰ মতে স্থান আৰু কালৰ মাজত এক সম্পর্ক আছে। আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্র পদার্থবিজ্ঞানৰ সকলাে সূত্ৰৰ ক্ষেত্ৰতে প্রযােজ্য। শক্তিৰ ভৰ আছে আৰু ভৰক শক্তিলৈ ৰূপান্তৰ ঘটাব পাৰি। আইনষ্টানৰ এই আপেক্ষিকতাবাদ সূত্রই বিশ্ব দৰবাৰত আলােড়ন সৃষ্টি কৰিলে। ইয়াৰ ফলশ্রুতি স্বৰূপে আইনষ্টাইনে ১৯০৮ চনৰ পৰা ১৯১৪ চনলৈকে বার্ণ, বার্লিন, জুৰিখ আৰু প্ৰাগ এই চাৰিখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুযােগ পালে।

১৯১৪ চনৰ পৰা বার্লিনৰ বাইৰাজ ৱীলহেল্ম ইনষ্টিটিউট’ৰ সঞ্চালক ৰূপে কার্যভাৰ গ্ৰহণ কৰিব লগা হ’ল। ইয়াৰ পাছত ১৯৩৩ চনত মার্কিন যুক্তৰাষ্ট্ৰৰ প্রিন্সটনত অৱস্থিত ‘ইনষ্টিটিউট ফৰ এডভাঞ্চ ষ্টাডী’ শিক্ষানুষ্ঠাটিৰ সঞ্চালকৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে। ইয়াৰ পৰাই ১৯৫৪ চনত অৱসৰ গ্ৰহণ কৰে। তদুপৰি ১৯১৬ চনত ‘সাধাৰণ আপেক্ষিকতাবাদ’আৰু ১৯৫০ চনত একত্রিত ক্ষেত্র তত্ত্ব উদ্ভাৱন কৰি বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিতত্ত্ব পর্যবেক্ষণ, অনুসন্ধান আৰু উদ্ভাৱনৰ পথৰ সন্ধান দিয়ে।

বিজ্ঞানী এলবার্ট আইষ্টাইনৰ সন্মান

কণাৰ ব্ৰাউনীয় গতিবিধি এই বিষয়ৰ গৱেষণা-পত্ৰৰ ওপৰত ১৯০৫ চনত জুৰিখ বিশ্ববিদ্যালয়ে পি.এইচ.ডি. ডিগ্রী প্রদান কৰাৰ পাছত ‘আলােক বিদ্যুৎ বিক্রিয়া ৰ ওপৰত কৰা গৱেষণাৰ বাবে ১৯২১ চনত আইনষ্টাইনক পদার্থ বিজ্ঞানৰ নােবেল বঁটা প্ৰদান কৰা হয়। তদুপৰি ১৯২৫ চনত ৰয়েল ছ’চাইটি’ৰ কপ্লেমেডেল’আৰু ১৯২৬ চনত ৰয়েল এন্ট্রানমিকেল চচাইটি’য়ে প্রদান কৰে সোণৰ পদক। কেৰেণী চাকৰিৰে কৰ্মজীৱন আৰম্ভ কৰা এলবার্ট আইষ্টাইন বিশ্ববিখ্যাত বিজ্ঞানীৰ সন্মানেৰে সন্মানিত হােৱাৰ মূলতে আছিল তেখেতৰ গভীৰ অধ্যয়ন, সূক্ষ্ম বিশ্লেষণ, অনুসন্ধিৎসু গতিশীল মনৰ অফুৰন্ত শক্তি।Albert Einstein.

তথ্য সংগ্ৰহ

Albert Einstein, জাপানী প্ৰকাশক এজনৰ আমন্ত্ৰণক্ৰমে এলানি বিশেষ বক্তৃতাত অংশগ্ৰহণ কৰিবলৈ আইনষ্টাইন জাপানলৈ গৈছিল। যাত্ৰা কৰি থাকোঁতেই আইনষ্টাইনে জানিবলৈ পালে যে তেওঁক সেই বছৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাটি প্ৰদান কৰা হৈছে। মুহূৰ্তৰ ভিতৰতে এই সুখবৰে গৈ জাপানৰ আকাশ-বতাহ স্পৰ্শ কৰিলে। মহান বিজ্ঞানীজনক এপলক চাবলৈ জাপানী মানুহসকল অতিশয় অধীৰ আৰু ব্যাকুল হৈ পৰিল। আইনষ্টাইনো গৈ কিছু বেলিৰ মূৰত জাপানত উপস্থিত হ’ল। কিন্তু ৰাইজৰ মাজলৈ নগৈ তেওঁ গ’ল টকিঅ’স্থিত ইমপেৰিয়েল হোটেলৰ এটা আছুতীয়া কোঠালৈ। জাপানী মানুহৰ এই আদৰ-সাদৰ আৰু উছাহ দেখি আইনষ্টাইনে সুখ পাইছিল যদিও ভিতৰি ভিতৰি বৰ বিব্ৰতবোধ কৰিছিল। তথাপিতো ন’বেল বঁটা-প্ৰাপ্তিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ৰাইজক জনোৱাৰ উদ্দেশ্যে আইনষ্টাইনে মনৰ অনুভৱ কাগজ এখনত লিখিবলৈ বহিল। তেনেতে হোটেলৰ পিয়নজনে তেওঁৰ দুৱাৰত টোকৰ দিলেগৈ। সেই পিয়নজন আহিছিল কোনোবাই পঠিওৱা বস্তু এটা আইনষ্টাইনক চমজাই দিবলৈ।

আইনষ্টাইনক(Albert Einstein) বস্তুটো দি ল’ৰাজন ঘূৰি যাবলৈ ওলাল। কিন্তু আইনষ্টাইনে ভাবিলে এনেকৈ সুদা হাতে ল’ৰাজনক পঠিয়ালে কথাটো ভাল নহ’ব। সেয়ে তেওঁ ল’ৰাজনক সৰু ‘টিপ্’ এটা দিব বিচাৰিলে। পিছে সেইয়া সম্ভৱ হৈ নুঠিল। উপায়বিহীন হৈ আইনষ্টাইনে তেওঁৰ হাতত তুলি দিলে দুখন সৰু কাগজ। এখনত লিখিলে- “য’তে ইচ্ছা,ত’তে বাট, আনখন কাগজত লিখিলে সুখসম্বন্ধীয় এষাৰি গুৰুত্বপূৰ্ণ কথা-“নীৰৱচ্ছিন্ন অস্থিৰতাৰে সম্পৃক্ত হৈ থকা সফলতাৰ সন্ধানতকৈ এটা শান্ত জীৱনে অধিক সুখ প্ৰদান কৰে। কোৱাটো নিষ্প্ৰয়োজন, এইটো শাৰীয়েই এতিয়া আইনষ্টাইনৰ ‘সুখৰ তত্ত্ব’ বুলি পৰিচিত।

কাগজখন চমজাই উঠি আইনষ্টাইনে ল’ৰাজনক ক’লে-“যদি তুমি ভাগ্যৱান,তেন্তে কাগজত লিখা এই টোকা দুটা এসময়ত খুচুৰাতকৈ অধিক মূল্যৱান বুলি বিবেচিত হ’ব। ” ২০১৭ বৰ্ষত উদ্ধাৰ হোৱা পুৰণি পত্ৰ দুখন সেই বছৰৰে অক্টোবৰ মাহত প্ৰায় দুই মিলিয়ন ডলাৰত নিলামযোগে বিক্ৰী হৈ গ’ল। সুখসম্বন্ধীয় বাৰ্তাটোৱেও বিজ্ঞান মহলত আৰু অন্যান্য স্থানত শেহতীয়াকৈ বিশেষ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে।

সামৰণি

১৯৫৪ চনত অৱসৰ গ্ৰহণৰ পাছত মাত্ৰ এবছৰৰ পাছতে ১৯৫৫ চনৰ ১৮ এপ্রিল তাৰিখে এইজনা বিশ্ববিখ্যাত বিজ্ঞানী এলবার্ট আইষ্টাইনৰ মৃত্যু ঘটে।Albert Einstein, এই বিশ্ববিখ্যাত বিজ্ঞানী জনাই সদায় এক অনাড়ম্বভাৱে জীৱন যাপন কৰিছিল প্রতিদিনেই কিছুসময় সংগীত সাধনা কৰি জীৱনটো ৰসময়ী কৰি ৰাখিছিল। গােটেই জীৱন বিশ্বব্রহ্মাণ্ডৰ শক্তি, ভৰ আৰু পদার্থৰ ওপৰত বহুতাে গৱেষণা-পত্ৰ উলিয়াই বিজ্ঞান জগতক অভিনৱ চিন্তাৰ অনেক সমল দিবলৈ সক্ষম হৈছিল । জীৱনৰ শেষ সময়লৈকে এলবার্ট আইনস্টাইনে মহাকর্ষণ ক্ষেত্ৰ আৰু বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ একেটা সূত্ৰৰে বান্ধিব পৰা হ’বনে এই চিন্তা আৰু গৱেষণা কৰি আছিল। Albert Einstein.

এলবার্ট আইনষ্টাইনে নিউটন, গেলিলিও লৰেন্স আৰু মেক্সৱেল এই চাৰিজন বিজ্ঞানিক অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছিল। আইনষ্টাইনে ভাৰতৰ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ৰবীন্দ্ৰ নাথ ঠাকুৰ আদিৰ লগত বিভিন্ন গুৰুত্বপূৰ্ণ কথা আলােচনা কৰি পৃথিৱীত শান্তি স্থাপনৰ বাবে ভাৱৰ আদান-প্রদান কৰিছিল। এলবার্ট আইনষ্টাইনে উদ্ভাৱন কৰা আপেক্ষিকতাবাদ তত্ত্বই’এই মহান বিশ্ববিখ্যাত বিজ্ঞানীজনক চিৰদিন অমৰ কৰি ৰাখিব। Albert Einstein.

Leave a Comment

error: Content is protected !!