Da Besseria

থোৰতে দ-বেছেৰীয়াৰ বিষয়ে জানো আহক:-

Da Besseria ইতিহাস প্ৰসিদ্ধ তথা তাহানিৰ বানাসুৰ ৰাজ্য শোনিতপুৰ জিলাৰ এটি ম’হকুমা হৈছে তেজপুৰ। ইতিহাসে গৰকা, ঊষা অনিৰুদ্ধৰ প্ৰণয়ৰ কাহিনীৰে ভৰা, বিষ্ণু-জ্যোতিৰ সুৰৰ আষ্ফালনেৰে চিৰ সেউজ কৰি ৰখা এখনি ঠাই। শ্বাশ্বত প্ৰেমৰ নগৰী তেজপুৰ। এই তেজপুৰ চহৰৰ পৰা পশ্চিমে প্ৰায় চৈধ্য কিলোমিটাৰ নিলগৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিকাষৰীয়া এখন বৃহত্তৰ গাওঁ হ’ল বেছেৰীয়া। বেছেৰীয়া নাম টোৰ উৎপত্তি সম্পৰ্কে এটি প্ৰবাদ আছে।Da Besseria.

বেছেৰীয়া | Besseria:-

বেছেৰীয়া এখন সমৃদ্ধিশালি আৰু আহোম যুগৰ আওপুৰণি অঞ্চল। এই অঞ্চলৰ অধিবাসী সকল মূলত: কৃষিজীৱি আৰু তাত শিল্প কলাত সন্নিপুণ আছিল। এই অঞ্চলৰ অধিবাসী সকলে প্ৰচুৰ পৰিমাণে এড়ী, মুগা, পাট, তাঁত শিল্পত ওজা আছিল। আৰু সেই অনুপাতেই উৎপাদন বৃদ্ধি কৰাত যঠেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল। ঘাইকৈ নিখুঁট এড়ী কাপোৰৰ কাৰণে বিখ্যাত আছিল। বঢ়িয়া(বেচ্‌ ভাল) এই অৰ্থত বঢ়িয়া এৰিয়াৰ প্ৰভংসিত ‘বেচ্‌ এৰিয়া’ ক্ৰমে উচ্ছাৰণ ভিন্ন হৈ বেছেৰীয়া নামে খ্যাত হ’ল বুলি ঠাৱৰ কৰিব পাৰি। এই বেছেৰীয়া ক্ৰমান্নয়ে ভাগ ভাগ হৈ চৈধ্য খন ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁৱৰ সৃষ্টি হ’ল।
চৈধ্য খন ক্ষুদ্ৰ গাঁৱৰ বিভিন্ন জাতি ধৰ্মৰ মানুহ মিলি এই বৃহত্তৰ বেছেৰীয়াৰ সৃষ্টি হৈছে। শান্তি সম্প্ৰীতি আৰু একতাৰ বান্ধোনত অটল এই লোক সকলে স্বকীয়তা বহন কৰিছে।

দ-বেছেৰীয়াৰ উৎপত্তি | Da Besseria:-

বেছেৰীয়াৰ চৈধ্যখন গাঁৱৰ ভিতৰত অন্যতম হ’ল দ-বেছেৰীয়া। দ-বেছেৰীয়া নামটোৰ উৎপত্তি কেনেকৈ হ’ল তাৰ এটি আনুমাণিক ধাৰণা দিব খুজিছো।
দ-বেছেৰীয়াৰ পশ্চিম প্ৰান্তেদি ব্ৰহ্মপুত্ৰৰ উপনৈ দিপোটা বৈ গৈছে। যিহেতু ঠাই খনৰ ভূমি ভাগ দ আছিল আৰু দ হোৱাৰ হেতুকে বাৰিষা কালত পানীয়ে ঠাই খনৰ অৰ্ধভাগ বুৰাই ৰাখে, সেই বাবে ঠাই ডোখৰক দ-বেছেৰীয়া বুলি জনা যায়। যদিও বা অন্য কিবা প্ৰবাদ আছে, মই সেই বিষয়ে অজ্ঞাত।

দ-বেছেৰীয়াৰ বিশিষ্ট বয়োজেষ্ঠ ব্যক্তি প্ৰয়াত ধৰ্মেশ্বৰ শইকীয়া দেৱৰ এটি লিখনিৰ পৰা পোৱা তথ্য মতে আহোম যুগত, কৰ্মানুসৰি উপাধি ধাৰী আহোম বিষয়া সকলে স্থানানুপাতে বাস কৰিছিল। অনুমান হয়, আহোমৰ কোনোবাজন বৰুৱা দ-বেছেৰীয়াৰ দক্ষিণ অংশত বাস কৰিছিল। যি আজিও চিনাকি দিয়ে বৰুৱা বাৰী আৰু বৰুৱা দলনীৰ বিস্তৃৰ্ণ সাৰুৱা পথাৰে। বৰুৱা বাৰীৰ পূৱ-দক্ষিণ কোণত টাঙনি ঘাট। বৃদ্ধ সকলৰ পৰা পোৱা তথ্য মতে বৰুৱাবাৰীৰ মৈদামৰ দুই-এটি টিলাত ষোল্ল ইন্সি বৰ্গৰ ইটা পোৱা গৈছিল। তদুপৰি অদ্য পৰিমিত পোৱা তিনি চাৰি ভৰি সোনৰ টুকুৰাই কেতবোৰ ঐতিহাসিক সমল যোগাই আহিছে। Da Besseria.

দ-বেছেৰীয়াৰ চাৰিসীমা | Da Besseria:-

দ-বেছেৰীয়াৰ পূৱ ফালে আছে কলকীডোবা, পশ্চিমে আছে ডিপোটা নৈ, উত্তৰে আছে বৰপথাৰ, খনাজান আৰু দক্ষিণে আছে বগাবৰা চুবুৰি আৰু ব্ৰহ্মপুত্ৰ নদী।

Da Besseria

Da Besseria, গাওঁ খনত কেইবাটাও সম্প্ৰদায়ৰ মানুহে অতীজৰে পৰা শান্তি, সম্প্ৰীতি, সহযোগিতা আৰু সদ্‌ভাৱে বসবাস কৰি আহিছে আৰু বৰ্তমানো তাৰ ব্যতিক্ৰম হোৱা নাই। সম্প্ৰদায় ভেদে নামঘৰ দুটা। এটা কলিতা সম্প্ৰদায়ৰ আৰু আনটি নাথ, সূত সম্প্ৰদায়ৰ উমৈহতীয়া। এই দুয়োটা নামঘৰৰ উপৰিও দ-বেছেৰীয়া আৰু বাম বেছেৰীয়াৰ সংযোগী পথৰ কাষত শ্ৰী বিবেক নাথ দেৱৰ ঘৰৰ পিছফালে এটি বৈষ্ণৱ নামঘৰ আছে। গাঁৱৰ একেবাৰে মূৰলৈ ঁভবানী নাথ দেৱৰ ঘৰৰ ওচৰতেই আছে মহাপ্ৰভু বুঢ়াডাঙৰীয়া থান। থান পাৰ হৈ অলপমান আহিয়েই পায় মহাপ্ৰভু ত্ৰিনয়ন দেৱৰ মন্দিৰটি। ইয়াৰ উপৰিও সদৌ বেছেৰীয়া বাসীৰ ভক্তিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ শ্ৰী শ্ৰী নলেশ্বৰ থান দ-বেছেৰীয়াতে অৱস্থিত।

নতুন বছৰত সম্প্ৰদায় ভেদে দুয়োটি নামঘৰতেই এভাগ নাম আগ বঢ়ায়। তাৰোপৰি ভাদ মাহত গোপিনী সকলে সমূহীয়াকৈ নাম গায়। গুৰু দুজনাৰ তিথি, ভাওনা অাৰু জন্মাষ্টমীৰ নিশাও সমূহীয়া নাম প্ৰসংগ চলে। দ-বেছেৰীয়া গাঁৱৰ ভাওনাৰ মানদণ্ড অতি উন্নত মানৰ হয় বুলি বেছেৰীয়া অঞ্চলৰ ৰাইজৰ মুখে মুখে শুনা যায়। গতিকে তাৰ পৰাই অনুমান কৰিব পাৰি যে ভাওনাৰ ক্ষেত্ৰ খনত দ-বেছেৰীয়া বাসীৰ দখল আৰু মৰ্যদা অতিকৈ সুকীয়া তথা দীৰ্ঘদিনীয়া।

বছৰটো কুশল মংগলে পাৰ হ’বলৈ শ্ৰী শ্ৰী বুঢ়াডাঙৰীয়া থানত গাঁৱৰ ৰাইজে সমূহীয়াকৈ নাম আগ বঢ়াই। প্ৰত্যেক বছৰেই শিৱৰাত্রীত শিৱ মন্দিৰত উলহ মালহ পৰিৱেশৰ সৃষ্টি হয়। দ-বেছেৰীয়া ৰাইজে মন্দিৰটোৰ চোৱা মেলাৰ সমস্ত দায়িত্ব গ্রহণ কৰি আছে । আজিৰ পৰা প্ৰায় ১০ বছৰ আগতে শিৱৰাত্ৰীত মন্দিৰত দুনিশাৰ কাৰ্যসূচীৰে এখন ভাওনা অনুষ্ঠিত কৰিছিল । সদৌ বেছেৰীয়াৰ ভক্ত গণে শিৱ ৰাত্ৰীৰ দিনা এই মন্দিৰত বন্তি জ্বলাই মহাদেৱৰ ওচৰত আর্শীষ বিচাৰে । Da Besseria.

শ্ৰী শ্ৰী নলেশ্বৰ থান | Da Besseria:-

ভক্তি উপাসনাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ মহাপ্ৰভু শ্ৰী শ্ৰী নলেশ্বৰ থান দ-বেছেৰীয়াতেই অৱস্থিত।

নলেশ্বৰ থানত খোল বজোৱা তথা ভাওনা কৰাটো নিষিদ্ধ। ইয়াত তাল আৰু ডবা হে বজোৱা হয়।

স্থানীয় ৰাইজৰ প্ৰচেষ্টাত বিভিন্ন জনৰ দান বৰঙণিৰে এটি ঘৰ নিৰ্মান কৰি থান ভাগ পুনৰ প্রতিষ্ঠা কৰা হয়। থানত পুজা পাতল নিষিদ্ধ। প্ৰত্যেক দিনাই থানত নাম প্ৰসংগ কৰা হয়। স্থানীয় ভক্তগণৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত গণে মহাপ্ৰভুৰ আশীষ বিছাৰি এই থানলৈ আহে। প্ৰত্যেক বছৰৰ পহিলা ব’হাগত এই থানত ৰাজহুৱা নাম প্ৰসংগ কৰা হয়। পৰ্যায় ক্ৰমে দান বৰঙণিৰে থান খনি নিৰ্মান কৰি বৰ্তমান পৰ্যায় পাইছেহি। Da Besseria.

কুমৰ ৰঙ্গমঞ্চ | Da Besseria:-

১৯২৭ চনতে দ-বেছেৰীয়াৰে শিল্পানুৰাগী প্ৰয়াত সৰুৰাম দাস, হুমেশ্বৰ নাথ( অভিনেতা অৰুণ নাথৰ পিতৃ), দাসীৰাম বৰা, তৰণীকান্ত শইকীয়া, থগীৰাম নাথ, ধৰ্মেশ্বৰ শইকীয়া, ঠগীৰাম বৰা, ত্ৰৈলোক্য নাথ গোস্বামী, ডালিম বৰা, লীলা বৰাৰ প্ৰচেষ্টাত এটি অস্থায়ী মঞ্চ নিৰ্মান কৰি নানা অসুবিধাৰ মাজেদি নাট অভিনয় কৰি থাকে।

ওপৰোক্ত ব্যক্তি সকলৰ উপৰিও প্ৰয়াত দুৰ্গেশ্বৰ নাথ, জগতচন্দ্ৰ গোস্বামী, ভোগৰাম নাথ, মিহিৰাম নাথ, দিনাই নাথ, ব্ৰজেন কুমাৰ বৰুৱা, নন্দীনাথ ভূঞা, ধৰ্মেশ্বৰ নাথ, টংকেশ্বৰ দাস, কমলেশ্বৰ নাথ, নৰাম নাথ , মহেন্দ্র বৰা, ৰত্নেশ্বৰ নাথ, ৰমেশ্বৰ নাথ, নৰাম শইকীয়া, গোলাপ নাথ (পোৱাল), বদন শইকীয়া, ডিমচাঁদ বৰা, নৰেন্দ্র চন্দ্রদেৱ গোস্বামী, টংকেশ্বৰ নাথ, দ্যতিৰাম নাথ, আদি ব্যক্তি সকলৰ প্ৰচেষ্টাত ১৯৫২ চনত দ-বেছেৰীয়া ৰাইজে এটি মথাউৰি বান্ধি পোৱা পৰিশ্ৰামিকৰ মুঠ ১৬০০ টকাৰে কাঠ আৰু টিনেৰে এটি মঞ্চ নিৰ্মান কৰি প্ৰতিটো দূৰ্গা পূজা, লক্ষ্মিপূজা, কালি পূজাত একোখনকৈ থিয়েটাৰ পতাটো নিয়মত পৰিণত হৈছিল।

অগ্ৰজ সকলে ১৯২৭চনতে আৰম্ভ কৰা মঞ্চটিৰ নাম কুমৰ ৰঙ্গমঞ্চ নামাকৰণ কৰা হয়। ‘কুমৰ’ শব্দটো অনিৰূদ্ধৰ আন এটি নাম। সেয়ে কুমৰ ৰখা হয়। দ-বেছেৰীয়া কুমৰ ৰঙ্গমঞ্চত বহুতো লেখত ল’ব লগা নাটক মঞ্চস্থ কৰি দৰ্শকৰ মন জয় কৰিব পাৰিছিল। এই মঞ্চৰ অভিনেতা (নবীন আৰু প্রবীন) সকলৰ নাম উল্লেখ কৰিলে তালিকা খন বহুত দীঘল হ’ব । তথাপিও জ্যেষ্ঠ শিল্পীৰ নাম উল্লেখ কৰা হ’ল।

প্রয়াত সৰুৰাম দাস, ড° ভৱ হাজৰিকা (ছিৰাজ কথাছবিৰ কন্দৰ্প), দাসী ৰাম বৰা, ধৰ্মেশ্বৰ শইকীয়া, ধনীৰাম দাস, ধীৰেন্দ্ৰ কুমাৰ বৰুৱা , মিহিৰাম নাথ, ঠগিৰাম বৰা, ডালিম বৰা, লীলা দাস, পূর্ণ কান্ত নাথ, জগত চন্দ্ৰ গোস্বামী, এৈলোক্য নাথ গোস্বামী, নবীন শইকীয়া, ভূৱন বৰা, কান্তিৰাম বৰা, হেমৰাম নাথ, গোলাপ নাথ, গোলাপ বৰা, ডিম্বেশ্বৰ নাথ, ধৰ্মেশ্বৰ নাথ, নৰাম শইকীয়া, পানীৰাম দাস, কমলেশ্বৰ নাথ, দোমাই নাথ, বানেশ্বৰ নাথ, যজ্ঞেশ্বৰ নাথ, মাণিক বৰা,

বো‌ধেশ্বৰ শইকীয়া, মোহিনি মোহন গোস্বামী, পদ্ম বড়া, কেশৱ চন্দ্ৰ নাথ, দণ্ডিৰাম নাথ, চন্দ্ৰকান্ত নাথ, ৰোষেশ্বৰ শইকীয়া, তিলক বৰা, শ্ৰী লিলাকান্ত নাথ, প্ৰয়াত শিশু কলিতা, প্ৰয়াত উমেশ শইকীয়া, নাট্যকাৰ ৰত্নেশ্বৰ নাথ, শ্ৰী শৈলেন্দ্ৰ বৰুৱা, শ্ৰী পুষ্পেন্দ্ৰ বৰা, শ্ৰী হুমেশ্বৰ নাথ, স্বৰ্গীয় ধীৰেণ নাথ, শ্ৰী কনক শইকীয়া, শ্ৰী সুৰেন্দ্ৰ শইকীয়া, শ্ৰী মৃগেন বৰা, ঁঅজয়ানন্দ দাস, শ্ৰী জীৱন বৰা, শ্ৰী যুগল বৰা, শ্ৰী প্ৰদীপ কুমাৰ নাথ, শ্ৰী ৰাতুল নাথ, শচীন্দ্ৰ কুমাৰ বৰা, শ্ৰী ধনেশ্বৰ নাথ, শ্ৰী তৰুণ নাথ, শ্ৰী গকুল নাথ, শ্ৰী তিলক নাথ, শ্ৰী জ্যোতিপ্ৰসাদ নাথ, শ্ৰী দিপাংকৰ নাথ, শ্ৰী দাদুল নাথ, আদি।

মহিলা শিল্পী সকল ক্ৰমে প্ৰয়াত জোনাকী দেৱী, শ্ৰী কিৰণ দাস, শ্ৰী জিনু বৰুৱা, শ্ৰী জিন্তী বৰা, প্ৰয়াত প্ৰিয়লতা দেৱী, মিনু দাস, শ্ৰী দিপালী দেৱী, শ্ৰী ৰাজু দেৱী, শ্ৰী মুক্তামণি দেৱী (মামু), শ্ৰী ৰীণা দেৱী, আদি জ্যেষ্ঠ শিল্পী সকল।

এই কুমৰ ৰঙ্গমঞ্চৰ পৰা জন্ম পোৱা অসমৰ প্ৰখ্যাত গীতিকাৰ, সুৰকাৰ, জনপ্ৰিয় গায়ক শ্ৰী লোকনাথ গোস্বামী আৰু জ্যেষ্ঠ গায়িকা শ্ৰী ৰেণু গোস্বামী দ-বেছেৰীয়াৰে সন্তান। উদীয় মান শিল্পী শ্ৰী মৃদুল দাসৰ নামো উল্লেখযোগ্য।

কুমৰ ৰঙ্গমঞ্চ স্থাপন হোৱাৰ লগতেই দ-বেছেৰীয়া বাসীৰ ঐকান্তিক প্ৰচেষ্টাত ‘নৱজীৱন পুথিভড়াঁল’ নামেৰে এটি পুথিভড়াঁল নিৰ্মান কৰা হৈছিল। বৰ্তমানো কুমৰ ৰঙ্গমঞ্চৰ লগতেই এই পুথি ভড়াঁলটি আছে। Da Besseria.

দ-বেছেৰীয়াৰ গাঁও সভা | Da Besseria:-

Da Besseria, এখন গাঁৱৰ বাবে গাঁও সভা হৈছে ৰাজহাড় স্বৰূপ। এখন গাঁৱৰ উন্নয়নেই হ’ল গাঁও সভাৰ মূল লক্ষ। তদুপৰি গাঁও সম্পৰ্কীয় যিকোনো সিদ্ধান্ত, সমস্যা, ৰাইজৰ সুবিধা-অসুবিধা, সীমা-বিবাদ আদি ক্ষেত্ৰৰ ওপৰত গাঁও সভাই বিশেষ ভূমিকা পালন কৰি আহিছে। বৈষম্য, অশান্তি আতৰাই শান্তি স্থাপন কৰাও গাঁও সভাৰ উদ্দেশ্য। যিটো দ-বেছেৰীয়াত অতিজৰে পৰা প্ৰতিফলিত হৈ আহিছে। কিন্ত এই গাঁও সভাৰ গঠন ক’ত কেতিয়া কেনেকৈ হৈছিল সেই বিষয়ে জানিব পৰা নাযায়।

দ-বেছেৰীয়াৰ ডেকা সকলৰ প্ৰচেষ্টাত ‘দ-বেছেৰীয়া যুৱ সংঘৰো প্ৰতিষ্ঠা হৈছিল। যুৱসংঘই গাঁও খনৰ সকলো দিশতেই দৃষ্টি নিক্ষেপ কৰি আহিছে।

মহিলা সমিতি | Da Besseria:-

Da Besseria, মহিলা সকলৰ অনুষ্ঠান ‘দ-বেছেৰীয়া মহিলা সমিতি’ প্ৰতিষ্ঠা কৰা হৈছিল। বিভিন্ন সময়ত মহিলি সমিতিৰ সদস্য সকলে গাঁও খনত সৌন্দ্যযৰ্যতা ৰ ভাৱ গঢ়ি তোলা দেখা যায়। তাৰোপৰি ব’হাগ বিহুৰ আগত অনুষ্ঠিত হোৱা বিহু নাচৰ কৰ্মশালাত মহিলা সমিতিৰ সহযোগ উল্লেখ কৰিব লগীয়া।

বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ বুকু ওফন্দি উঠিলে দ-বেছেৰীয়া বাসীৰ কিছু সমস্যাৰ সৃষ্টি হয়। পানীৰে উপচি পৰিলে চৌদিশত গাই গৰুৰ পৰা আদি কৰি অনান্য জীৱ বোৰৰো খাদ্যৰ নাটনি হয়। তাৰ লগতেই নানা বেমাৰৰ বিজানু ও বিয়পি পৰে। অৱশ্যে পলস পৰি যোৱা পথাৰত শস্যৰ উৰ্বৰতা দেখি কৃষকৰ চকুত আনন্দৰ জোৱাৰ উঠে।

শিক্ষাৰ ক্ষেত্ৰত দ-বেছেৰীয়াৰ তিনিচতুৰ্থাংশ লোকেই আগ বঢ়া। শিক্ষাৰ জগতত গাঁও বাসীয়ে আতিজৰে পৰা সুখ্যাতি লাভ কৰি আহিছে আৰু বৰ্তমানো ইয়াৰ প্ৰভাৱ স্তিমিত হোৱা নাই। গাঁও খনত শিক্ষানুষ্ঠান বুলিবলৈ এখন অংগনবাদি কেন্দ্ৰ আৰু এখন প্ৰাথমিক বিদ্যালয় আছে। ১৯২৬ চনত দ-বেছেৰীয়া নিম্ম বুনিয়াদী বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই দুয়োখন শিক্ষানুষ্ঠানৰ এখন উময়হতীয়া খেল পথাৰ আছে। এই দুয়োখন শিক্ষানুষ্ঠানৰ পৰাই কোনোজন শিক্ষক, কোনোজন ডাক্টৰ আৰু কোনোজন সেনাবাহিনীত নিযুক্তি হৈছে।

ক্ৰীয়াৰ জগত খনত দ-বেছেৰীয়াৰ ভালেমান ডেকা গাভৰুৱে অাগুৱাই যাবলৈ সক্ষম হৈছে। গাঁওখনত সকলো খেল-ধেমালীৰ উপযোগী হোৱাকৈ এখন খেল পথাৰ আছে। গাঁৱৰ পূৱ প্ৰান্তত থকা এই খেল পথাৰ খনৰ নাম মাটি খন্দা বাকৰি। (শ্বহীদ ভূপেন ডেকা বাকৰি)। এই খেল পথাৰ খনতেই গাঁৱৰ ডেকা বোৰে নিতৌ ফুটবল, ক্ৰিকেট আদি খেলে। গাঁওখনৰ বাৰ্ষিক খেল ধেমালিও মাটি খন্দা বাকৰিতে অনুষ্ঠিত কৰা হয়। এসময়ত এই বাকৰিত কেইবাবছৰো ধৰি তেজপুৰ অঞ্চলৰ বিভিন্ন ফুটবল দলৰ মাজত ফুটবল প্ৰতিমোগিতাও অনুষ্ঠিত হৈছিল।

Da Besseria.

বিহু মানেই দ-বেছেৰীয়া বাসীৰ মাজত আনন্দমুখী পৰিৱেশত একতাৰ বন্যা। ব’হাগ বিহুৰ ক্ষেত্ৰত এই আনন্দ উল্লাসৰ ধাৰাটি খুব বেছি পৰিমাণে উদ্ভাসিত হোৱাৰ দৰে হয়। বিশেষকৈ ডিপোটা নৈত গৰুক গা ধুওৱা, আহতৰ তলত ডেকা-গাভৰু, বুঢ়া ডেকাই মৰা বিহুয়ে এক সুকীয়া মাদকতাৰ সৃষ্টি কৰে। প্ৰভাৱ ফেৰীৰে আৰম্ভ হোৱা বহাগৰ এলানী কাৰ্যসূচীৰ সমাপ্তি হয় মূল সাংস্কৃতিক সন্ধ্যাত। বহাগৰ বিহুত নানা খেল ধেমালী আনুষ্ঠিত কৰা হয়। দ-বেছেৰীয়াৰ নিন্ম বুনিয়াদী বিদ্যালয়ৰ খেল-পথাৰত এখনি মুকলি বিহুও অনুষ্ঠিত কৰে। গাঁৱৰ জীয়ৰী-বোৱাৰী, ডেকা-গাভৰু সকলোৱে মুকলি বিহুত অংশ লয়। দ-বেছেৰীয়া কুমৰ ৰংগ মঞ্চতো বিভিন্ন গীত-মাত, নৃত্যৰ প্ৰতিযোগিতা আদি আনুষ্ঠিত হয়।

গাঁৱৰ পশ্চিম সীমাই বৈ যোৱা ডিপোটা নৈৰ ওপৰত এডাল সাকো আৰু এখন দলং আছে। বছৰেকত দ-বেচেৰীয়াৰ ৰাইজে সাকোডাল মেৰামিত কৰে। সাকো ডালৰ বাবেই নৈ খন পাৰ হোৱাত কিছু সহায় হৈছে। আৰিমৰা চাপৰিত থকা দলং খন যদিওবা কাঠৰ আছিল বর্তমান চৰকাৰি অনুদন মর্মে পকীকৰণ কৰা হ’ল। তাৰোপৰি মূল পথৰ পৰা দলঙলৈকে সম্পূৰ্ণ পথছােৱা পকী হোৱাত চলাচলৰ বাবে সুবিধা হৈছে।

প্রকৃতিৰ মনােমোহা ৰুপ লাৱণ্যৰ লগতে দলং খনৰ পকীকৰণ কাৰ্যই পৰিৱেশটো অধিক মনোৰম কৰি তুলিছে। পুৱাৰ পৰা গধুলিলৈ মানুহৰ অহা যোৱা হয়। বর্তমান এই পৰিৱেশ টো বেছেৰীয়াৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে।

শিক্ষা সংস্কৃতি,ক্রীড়াৰ লগতে অভিনয়, সম্প্ৰিতি আদি সকলো পিনৰে পৰা আমাৰ গাঁও দ-বেছেৰীয়া উজ্জল হৈ আছে আৰু সেই বাবে সকলো ক্ষেত্ৰত উৰ্বৰা দ-বেছেৰীয়া, প্ৰাণৰ গাওঁ খনিক লৈ আমি প্ৰত্যেকজন দবেছেৰীয়া বাসী গৌৰৱান্বিত।। Da Besseria.

Da Besseria

Leave a Comment

error: Content is protected !!