Table of Contents
বগাবৰা চুবুৰি নামাকৰণ আৰু গাঁৱৰ চাৰিসীমা
বগাবৰা চুবুৰি গাঁৱৰ ইতিহাস | BOGA BORA CHUBURI জানিব হ’লে এজন ব্যক্তিৰ নাম আমি ল’বই লাগিব। যি জন ব্যক্তিৰ অবিহনে এই গাঁৱৰ ইতিহাস অসম্পূৰ্ণ হৈ ৰ’ৱ। সেই ব্যক্তি জনৰ নাম স্বৰ্গীয় ” বগাই বৰা “। তেখেতৰ নাম অনুসৰিয়েই গাওঁখনৰ নাম বগাবৰা চুবুৰি বুলি লোকবিশ্বাস। ঐতিহ্য মণ্ডিত বগাবৰা চুবুৰি গাওঁখন তেজপুৰ চহৰৰ পশ্চিমফালে ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দক্ষিণ ফালে বেছেৰীয়াৰ মধ্যম স্থানত অৱস্থিত।
বগাবৰা চুবুৰিৰ পূৱে- পুখুৰীয়া গাওঁ, পশ্চিমে- দ-বেছেৰীয়া আৰু ডিপোটা নদী, উওৰে- দ-বেছেৰীয়া আৰু বাম বেছেৰীয়া। দক্ষিণে – ব্ৰক্ষপুত্ৰ নদী আৰু কটকী চুবুৰি। বৰ্তমান গাওঁ খনৰ মুঠ পৰিয়ালৰ সংখ্যা – ১০৫ টা। মুঠ জনসংখ্যা – ৬৪৩ জন। এই বগাবৰা চুবুৰি গাওঁখনত ছয় টা সম্প্ৰদায়ৰ লোক আছে। সম্প্ৰদায় কেইটা হ’ল – সূত, যোগী, কলিতা, ব্ৰাহ্মণ, মহন্ত, কোঁচ। এই ছয়টা সম্প্ৰদায়ৰ মাজত কোনো ভিন্নতা নাই। সামাজিক ভাৱে খেল এটা আৰু চৰুও এটা। সাম্প্ৰদায়িক বিষবাষ্পই আমাৰ মাজৰ ঐক্য-সংহতি আৰু ভাতৃত্ব বোধক বিনষ্ট কৰিব পৰা নাই।
শ্ৰী শ্ৰী নলেশ্বৰ পুথিভঁড়াল আৰু যুৱক সংঘ
BOGA BORA CHUBURI, এটা পুথিভঁড়াল হৈছে এখন পূৰ্ণাঙ্গ গাঁৱৰ এটা প্ৰধান অংগ। গাঁৱৰ কেইজনমান দূৰদৃষ্টি সম্পন্ন ব্যক্তিৰ কৰ্মনিষ্ঠাৰ ফলত শ্ৰী শ্ৰী নলেশ্বৰ পুথিভঁড়াল আৰু যুৱক-সংঘ গঢ় লৈ উঠিছিল। পুথিভঁড়াল আৰু সংঘৰ বিষয়ে লিখিবলৈ গৈ যদি কেইজনমান মহান ব্যক্তিৰ বিষয়ে উল্লেখ কৰা নহয় তেন্তে এই লেখা পৰিপূৰ্ণ ন’হব। পুথিভঁড়ালৰ বিষয়ে লিখিবলৈ গৈ প্ৰথমে উল্লেখ কৰিব লাগিব – স্বৰ্গীয় দুৰ্গেশ্বৰ বৰা দেৱৰ কথা। তেখেতৰ আশাশুধীয়া প্ৰচেষ্টাত আৰু সহযোগী হিচাপে স্বৰ্গীয় ভৱানী কুমাৰ ভূঞা, স্বৰ্গীয় যজ্ঞৰাম বৰা, স্বৰ্গীয় সন্ত বৰা, স্বৰ্গীয় ৰোষেশ্বৰ বৰা, স্বৰ্গীয় লমোৰাম নাথ, আৰু বৰ্তমানৰ শ্ৰীযুত তিলক বৰা, শ্ৰীযুত ধৰ্মেশ্বৰ বৰা, স্বৰ্গীয় টঙ্কেশ্বৰ বৰা, শ্ৰীযুত ঠগীৰাম নাথ, স্বৰ্গীয় গনেশ বৰা আদিৰ সহযোগত শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয়ৰ ওচৰৰ খেজুৰি গছৰ তলত ১৯৫৬ চনত শ্ৰী শ্ৰী নলেশ্বৰ পুথিভঁড়াল স্থাপন কৰা হয়।
পাছলৈ স্বৰ্গীয় দুৰ্গেশ্বৰ বৰাৰ ককায়েক স্বৰ্গীয় বংশীৰাম বৰাই পুথিভঁড়ালৰ বাবে (বৰ্তমানৰ পুথিভঁড়াল) মাটি দান কৰাত স্বৰ্গীয় যজ্ঞৰাম বৰা আৰু ভৱানী কুমাৰ ভূঞা নেতৃত্বত স্বৰ্গীয় ইন্দ্ৰ বৰা, কেশৱ বৰা, স্বৰ্গীয় ডিম্বে বৰা, স্বৰ্গীয় টঙ্কেশ্বৰ বৰা, স্বৰ্গীয় হেম হাজৰিকা, শ্ৰী শিৱপ্ৰসাদ নাথ, শ্ৰী সৰ্বেশ্বৰ বৰা, শ্ৰী তৰুণ বৰা, শ্ৰী হুমেশ্বৰ বৰা, স্বৰ্গীয় প্ৰেম বৰা, স্বৰ্গীয় নবীন বৰা, শ্ৰী থুলেশ্বৰ বৰা, শ্ৰী কমল বৰা, শ্ৰী অতুল বৰা আদি তেতিয়াৰ যুৱক চামৰ প্ৰচেষ্টাত গঢ় লৈ উঠে। সৌভাগ্যৰ বিষয় যে ১৯৯৩ চনত তেতিয়াৰ উদ্যোগ মন্ত্ৰী মাননীয় স্বৰ্গীয় বিজিত শইকীয়া দেৱে আগ বঢ়োৱা চৰকাৰী অনুদানেৰে আৰু ৰাইজৰ সহযোগত পুথিভঁড়ালটি পকীকৰণ কৰা হয়।
উল্লেখ কৰা ভাল হ’ব যে, সেই সময়ৰ নিৰ্মান সমিতিত থাকি শ্ৰী যুত ঠগীৰাম নাথ, সভাপতি শ্ৰী হুমেশ্বৰ বৰা, সহকাৰী সম্পাদক শ্ৰী গোবিন বৰা, সদস্য শ্ৰী কনক বৰা, শ্ৰী ভৱকান্ত নাথ, শ্ৰী হিৰেণ বৰা, শ্ৰী চিদানন্দ বৰা এই সকলৰ অৱদান উল্লেখযোগ্য। শ্ৰী শ্ৰী নলেশ্বৰ পুথিভঁড়ালৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় দুৰ্গেশ্বৰ বৰা, সম্পাদক- শ্ৰী যুত ধৰ্মেশ্বৰ বৰা আৰু বৰ্তমানৰ সভাপতি – শ্ৰী মুন মুন বৰা , সম্পাদক- অৰুপ জ্যোতি বৰা ।
বগাবৰা চুবুৰি প্ৰাথমিক বিদ্যালয় | Boga Bora Chuburi LP School
BOGA BORA CHUBURI, ১৯৬০ চনৰ আগত বগাবৰা চুবুৰিত প্ৰাথমিক বিদ্যালয় নাছিল। গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলে ওচৰৰ গাঁৱৰ বিদ্যালয়ত পঢ়িব লগা হৈছিল। ছাএ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলৰো যথেষ্ট অসুবিধা হৈছিল। এদিন গাঁৱৰ মেলত এই কথাটো স্বৰ্গীয় বিষ্ণুৰাম বৰাই ডাঙি ধৰাত ৰাইজে গাঁৱত বিদ্যালয় পতাৰ সিদ্ধান্ত লয় আৰু স্বৰ্গীয় যজ্ঞৰাম বৰা দেৱক বিদ্যালয় চলাবলৈ দায়িত্ব দিয়ে। বৰাদেৱে ৰাইজৰ সিদ্ধান্ত মানি লৈ প্ৰথমে শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয়তেই ছাত্ৰ-ছাত্ৰী ক পাঠদান দিয়ে। পাছত ১৯৬০ চনত বৰ্তমানৰ বিদ্যালয় খন স্থাপন কৰে।
স্বৰ্গীয় যজ্ঞৰাম বৰাদেৱেই আছিল বগাবৰা চুবুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিস্থাপক শিক্ষক। এই বিদ্যালয়তেই শিক্ষা গ্ৰহণ কৰি গাঁৱৰ কেইবাজনো ব্যক্তিয়ে চৰকাৰৰ উচ্চ পদবীত কাৰ্য নিৰ্বাহ কৰি আছে। এই বিদ্যালয়ৰ পৰাই বহুতো প্ৰতিভাধৰৰ সৃষ্টি হৈছে। বগাবৰা চুবুৰি শিক্ষা দিক্ষাকে ধৰি খেলা-ধূলা আদিতো এখন আগবঢ়া গাওঁ। বগাবৰা চুবুৰি ফুটবল দলৰো এসময়ত যঠেষ্ট সু নাম আছিল।
শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয়:
বগাবৰা চুবুৰি গাঁৱৰ ইতিহাস | BOGA BORA CHUBURI তেজপুৰ নগৰৰ পৰা প্ৰায় ৮কিলোমিটাৰ পশ্চিমে বেছেৰীয়া অঞ্চলৰ বগাবৰা চুবুৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ খনিৰ প্ৰতিষ্ঠা কাল কিম্বা ইয়াৰ প্ৰাচীনত্বৰ বিষয়ে তথ্য পাতিৰ সমূলি অভাৱ। যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি দেৱালয় খন ২০০ বছৰৰ পূৰ্বে প্ৰতিষ্ঠিত হোৱা সম্পৰ্কে স্থানীয় বয়ো বৃদ্ধ লোকসকলে কৰি অহা বিশ্বাস দলিয়াই পেলাব পৰা বিধৰ নহয়। নলেশ্বৰ থান কেতিয়াৰ পৰা দেৱালয় হল সিও এক অনুসন্ধান যোগ্য বিষয়।
ধৰ্মীয় দিশত দেৱালয় খনৰ সু নাম আছে। প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধ্যা নিয়মীয়া কৈ নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাটো বিশেষ উল্লেখযোগ্য বিষয় । সেই দৰে প্ৰতি বৃহস্পতি বাৰে পালিত হোৱা আয়তী সকলৰ নাম প্ৰসঙ্গও এক নিয়মীয়া পৰ্ব। দেৱালয় খনত প্ৰত্যেক দেওবাৰে ভাগৱত পাঠ অনুষ্ঠিত হয়। স্থানীয় ৰাইজৰ সহায় সহযোগত দেৱালয় খনত বছৰটোৰ ভিতৰত বহু কেইটা উৎসৱ উদযাপিত কৰা হয় ।
কৃষ্ণ জন্মাষ্টমী, মহা পুৰুষ কেইজনাৰ তিথি পৰ্ব, শংকৰ জন্ম উৎসৱ, বাৰ্ষিক পাল নাম আৰু ভাওনা ,শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা আদি ইয়াত পালিত হৈ অহা নিয়মীয়া উৎসৱ। তদুপৰি প্রত্যেক বহাগৰ পহিলা দিনতো স্থানীয় ৰাইজৰ ধৰ্মীয় আবেগ অনুভূতি আৰু ৱিপুল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে আঞ্চলিক ভিত্তিত ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়।
বগাবৰা চুবুৰি গাওঁ সভা
BOGA BORA CHUBURI
গাওঁখনৰ মেৰুদণ্ড স্বৰুপ অনুষ্ঠানটি হৈছে বগাবৰা চুবুৰি গাওঁ সভা। গাওঁ সভা অনুষ্ঠানটোয়েই হৈছে আটাইতকৈ পুৰণি অনুষ্ঠান। আৰম্ভনিতে এই অনুষ্ঠানটিৰ নাম আছিল বগাবৰা চুবুৰি পঞ্চায়ত কমিটি। গাওঁসভাৰ অধীনতেই “শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয়” পৰিচালিত হয়। গাঁৱৰ সামাজিক কাম কাজ সমূহ সকলো উন্নয়ন মূলক কাম গাওঁসভাই পৰিচালনা কৰে। ইয়াৰ উপৰিও গাওঁখনৰ অনুষ্ঠান প্ৰতিষ্ঠান সমূহ গাওঁসভাৰ অধীন।
বগাবৰা চুবুৰি থিয়েটাৰ
গাওঁখনৰ থিয়েটাৰ বুলিলে এক সুনাম আছে। ১৯৫৬ চনত প্ৰথম নাটক স্বৰ্ণলংকা মঞ্চস্থ হয়। তেতিয়াৰ পৰা আজিলৈকে সময়ে সময়ে নাটক মঞ্চস্থ হৈ আহিছে। বৰ্তমান শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত হোৱা ডাবোল ষ্টেজৰ (দ্বৈত মঞ্চ) নাটক তেজপুৰ অঞ্চলৰ গ্ৰামাঞ্চলত নজিৰ বিহীন।
বগাবৰা চুবুৰি মহিলা সমিতি
মহিলা সমিতি ১৯৭৫ চনত গঠন হয়। গাওঁখনৰ উন্নয়ন মূলক কামকাজত মহিলা সমিতিয়ে অগ্ৰণি ভূমিকা পালন কৰি আহিছে। গোপিনী সংঘ, ২০০০ চনত স্থাপন হোৱা চিত্ৰলেখা ভৱন মহিলা সমিতিৰ অধীনত পৰিচালিত।
বগাবৰা চুবুৰি শিপিনী সংঘ
BOGA BORA CHUBURI, শিপিনী সংঘ ১৯৬১ চনত প্ৰতিষ্ঠা হয়। চৰকাৰী পঞ্জীয়ন হয় ১৯৬১ চনত। শিপিনী সংঘৰ অধীনত বোৱা কটাৰ কাম চলি আহিছে। বহুতো মহিলাই নিজৰ প্ৰয়োজনীয় বস্তখিনি নিজৰ তাঁতশালতেই যোগাৰ কৰি ল’ব পাৰিছে। বগাবৰা চুবুৰিৰ শিপিনী সংঘৰ দ্বাৰা সৃষ্ট শিল্প -কৰ্ম গাওঁ খনৰ বাহিৰতো সমাদৃত।
বগাবৰা চুবুৰি ভাওনা সংস্কৃতি
ভাওনা সংস্কৃতিৰ ক্ষেত্ৰত বগাবৰা চুবুৰি গাঁৱৰ ইতিহাস | BOGA BORA CHUBURI উল্লেখযোগ্য তেজপুৰ অঞ্চলৰ ভিতৰতেই বগাবৰা চুবুৰিৰ ভাওনাৰ এক সুকীয়া মৰ্যদা আছে। সাম্প্ৰতিক সময়ত ভাওনাৰ অৱহেলিত অৱস্থাতো বগাবৰা চুবুৰি ভাওনা থলিত দৰ্শকক ঠাই দিব নোৱাৰাতো গাওঁখনৰ বাবে গৌৰৱৰ বিষয়। স্বৰ্গীয় ঠগীৰাম বৰাৰ পৰিচালনাৰ দিনৰ পৰাই ভাওনাই এক নতুনত্ব লাভ কৰে। স্বৰ্গীয় লিলাকন্ত অধিকাৰী যাক কণা গোঁসাই বুলি জনা যায়, তেখেতৰ হাতৰ স্পৰ্শই বগাবৰা চুবুৰি ভাওনাক সোণত সুৱগা কৰি তোলে।
তাৰ পাছত স্বৰ্গীয় যজ্ঞৰাম বৰা, ভৱানী ভূঞাৰ দিনৰ পৰা বৰ্তমানৰ বিক্ৰম বৰাৰ দিনলৈকে ভাওনাই নিজস্ব বৈশিষ্ট্য অক্ষুন্ন ৰাখিছে। স্বৰ্গীয় বেণু বৰা (বেণু বায়ন) তেওঁৰ অৱদান উল্লেখযোগ্য। বগাবৰা চুবুৰি ভাওনাক পোহৰ আৰু দৃশ্য সজ্জাৰে সুকীয়া বৈশিষ্ট্য প্ৰদান কৰা স্বৰ্গীয় প্ৰসন্ন বৰাৰ অভাৱে ভাওনাক যথেষ্ট ম্লান কৰিছে। সাম্প্ৰতিক সময়ত পুনৰবাৰ দিব্যৰঞ্জন শৰ্মাৰ তত্বাবধানত জ্যোতিষ্ময় নাথৰ সহযোগত আলোক সজ্জাৰ ক্ষেত্ৰত সময়োপযোগী মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। বৰ্তমানৰ বয়োজ্যেষ্ঠ সকলৰ ভিতৰত শ্ৰী তিলক বৰা ,স্বৰ্গীয় পদ্মকান্ত বৰা, তুৱাকান্ত বৰা, ঠগীৰাম বৰা, বেনুধৰ বৰাৰ অৱদান পাহৰিব নোৱাৰি।
BOGA BORA CHUBURI
বগাবৰা চুবুৰিৰ বিহু :
বিহুৰ কথা উল্লেখ কৰিবলৈ যাওঁতে প্ৰথমেই উল্লেখ কৰিব লাগিব কলকি ডোবা পথাৰৰ বিহু। সেই বিহু আছিল লুকাই চোৰকৈ মৰা বিহু। বিহুৰ সমল বিচাৰি দুই চাৰিজন বয়োজেষ্ঠৰ লগত কথা পাতোতে এই বিহু কাৰ নেতৃত্বত প্ৰথমে হৈছিল তাৰ সঠিক দিন, বাৰ, তাৰিখ, পোৱা ন’গল। তেওঁলোকৰ স্মৃতিয়ে ঢুকি পোৱা দিনৰ পৰা আৰম্ভ কৰিলে স্বৰ্গীয় মিনাই বৰাই তেওঁৰ নেতৃত্বতে লগৰ সমনীয়া সকলক লৈ বিহুৰ দিন কেইটাত এই বিহু কৰিছিল। কলকি ডোবা পথাৰৰ বৰআলি যিটো আজিও বিদ্যমান কিন্তু আগৰ আকাৰ নাই।
তাত সমনীয়াৰ সৈতে বহি পেঁপা বজাই সংকেত দিয়ে আৰু গাঁৱৰ পৰা যুৱতী সকলে দুই তিনিটা জুম বান্ধি বাহনীৰ আঁৰত লুকাই পেঁপাৰ ছেৱত নাছে। এয়াই সেই সময়ৰ বিহুৰ মাদকতা। তাৰ পাছৰ পৰ্যায়ত সেই একেই বিহু লূকাই চোৰকৈ কৰিছিল স্বৰ্গীয় নিৰ্মল বৰাৰ নেতৃত্বত বগাবৰা চুবুৰি আৰু পুখুৰীয়া গাঁৱৰ বিহু বলীয়া ডেকা অলপে। পুখুৰীয়াৰ পৰা আহিছিল শ্ৰী যুত ভদ্ৰৰাম নাথ আৰু নবীন নাথ আদি। তেওঁলোক তেতিয়া ম’হৰ খুটিঁত আছিল।
ম’হৰ খুটিঁৰ পৰা আহি বিহুৰ দিন কেইটাত কলকি ডোবাৰ বৰ আলিত পেপাঁ বজাইছিল। সিফালৰ পৰা গাঁৱৰ যুৱতী সকলে বিহু নাচিছিল। সেই নাছনী সকলৰ ভিতৰত প্ৰধান আছিল স্বৰ্গীয় ৰামেশ্বৰী বৰা, ভদ্ৰেশ্বৰী বৰা,যোগেশ্বৰী বৰা, মহেশ্বৰী বৰা, কনৈ দেৱী । ইয়াৰ আগৰ নাছনী সকলৰ ভিতৰত বিখ্যাত আছিল স্বৰ্গীয় ললৈ বৰা, লিলাৱতী ভূঞা, জানেকী বৰা। ইয়াৰ পাছত বিহুত ক্ৰমান্বয়ে নতুনত্ব আহি পৰিল। ১৯৫৭ চনত পোন প্ৰথম বাৰৰ বাবে শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয়ত অস্থায়ী মঞ্চ বনাই সাংস্কৃতিক সন্ধ্যা পতা হয়। সেয়ে লৈ অন্যান্য গাওঁ সমূহত সমালোচনা হৈছিল। উক্ত অনুষ্ঠানৰ অগ্ৰণি ভূমিকা লৈছিল স্বৰ্গীয় ভৱানী কুমাৰ ভূঞা আৰু স্বৰ্গীয় যজ্ঞৰাম বৰা দেৱে।
BOGA BORA CHUBURI
ইয়াৰ পিছত ১৯৭০-৭১ চনত বগাবৰা চুবুৰিত প্ৰথম মূকলি বিহুৰ আয়োজন কৰে। তাৰ পাছত স্বৰ্গীয় প্ৰসন্ন বৰাৰ নেতৃত্বত শ্ৰী নিত্যানন্দ বৰা, বিক্ৰম বৰা, প্ৰফুল্ল বৰা, জিতেন বৰা, তপোধৰ বৰা, তুনেশ্বৰ বৰা এই সকলৰ এটা দল গঠন হয়। দলটিয়ে বিহু প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি গাঁৱলৈ সুনাম কঢ়িয়াই অনাত সক্ষম হৈছিল। ঠিক তেনেদৰে বগাবৰা চুবুৰি বিহুয়ে আহি আজিৰ অৱস্থা পাইছেহি।
BOGA BORA CHUBURI.