Dr. Bhabendra Nath Saikia

এই বিশ্বলৈ যুগে যুগে অনেক লােকৰ আগমন ঘটিছে আৰু স্ব-কর্মেৰে ইয়াৰে কিয়দাংশ লােকে নিজৰ নাম যাউতিযুগীয়া কৰি থৈ গৈছে। সাহিত্যৰ জগত খনৰ কথা আৰু সুকীয়া। মেধা আৰু প্রজ্ঞাৰ সাধনাৰে সাহিত্যৰ ইতিহাসত নিজৰ নাম সােণালী আখৰেৰে লিপিবদ্ধ কৰি যােৱা সাহিত্যিকৰ সংখ্যা বিশ্বত এতিয়াও যথেষ্ট নহয়। প্রাত্যহিক জীৱনৰ দুখ-দুর্দশা, হতাশা, প্রত্যাহ্বানক হেলাৰঙে জয় কৰি যাৰ কলমে উপহাৰ দিছে শ্রেষ্ঠতম সাহিত্য, তেওঁৱেই শ্রেষ্ঠ সাহিত্যিক। তেওঁৰ সাহিত্য কালজয়ী, অক্ষয়, অব্যয়। এনে একোগৰাকী সাহিত্যিকেই হৈ পৰে পাঠকৰ বাবে অনুপ্রেৰণাৰ উৎস।

অসমীয়া সাহিত্য জগতৰ কীর্তিস্তম্ভ স্বৰূপ ড° শইকীয়াৰ সূক্ষ্মবােধ, স্বকীয় ভাব আৰু ৰীতি, মনস্তাত্বিক বিচাৰ বিশ্লেষণ আৰু মানৱতাবাদী জীৱন দর্শনে আকৃষ্ট কৰি আহিছে। অসমৰ কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলােৰে বাবে ভবেন্দ্রনাথ শইকীয়াৰ সাহিত্য বিশেষভাৱে সমাদৃত। অসমৰ সাহিত্য-সংস্কৃতি, চলচ্চিত্র, সাংবাদিকতা এই আটাইবােৰ দিশলৈকে ড° ভবেন্দ্রনাথ শইকীয়াৰ অৱদানৰ কথা কোনেও পাহৰিব নােৱাৰিব।

জন্ম, Dr. Bhabendra Nath Saikia

ভবেন্দ্রনাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনা নগাঁৱৰ ফৌজাদাৰী পট্টিত। পিতৃ বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া। পিতৃ নগাঁও মােক্তাব স্কুলৰ শিক্ষক হােৱাৰ বিপৰীতে মাতৃ আছিল নিৰক্ষৰা। ভবেন্দ্রনাথ শইকীয়াই ১৯৪৮ চনত তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লৈ প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে প্রথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত সেই কলেজৰ পৰাই ১৯৫২ চনত পদার্থ বিজ্ঞানত দ্বিতীয় শ্রেণীৰ অনাছ সহ বি. এছ. ছি. ডিগ্রী লাভ কৰে।

শিক্ষা, কর্মসংস্থান, বিবাহ, Dr. Bhabendra Nath Saikia

১৯৫৫-৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্রেছিডেন্সি কলেজৰপৰা পদার্থ বিজ্ঞানত দ্বিতীয় শ্রেণী সহ স্নাতকোত্তৰ ডিগ্ৰী লয়। ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা উল্লিখিত বিষয়ত গৱেষণা কৰি পি. এইচ. ডি আৰু একে বছৰতে লণ্ডনৰ ইম্পেৰিয়ল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ ডিপ্লমা লাভ কৰে।

শিক্ষা সমাপ্ত কৰি ড° ভবেন্দ্রনাথ শইকীয়াই শিৱসাগৰ কলেজত পদার্থবিজ্ঞানৰ প্রবক্তা হিচাপে প্রথম কর্মজীৱনৰ পাতনি মেলে। পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে যােগদান কৰে। তদুপৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাত পাঠ্যপুথি প্রণয়নৰ সমন্বয়ৰক্ষী সমিতিৰ সচিব আৰু গুৱাহাটীৰ ৰেল সেৱা আয়ােগৰ অধ্যক্ষ ৰূপেও নিযুক্ত হৈছিল। ১৯৬৫ চনত তেওঁ প্রীতি শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ দুটি কন্যা সন্তান সংগীতা আৰু ৰশ্মি।

ড° ভবেন্দ্রনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিল বিস্তৃত ভাৱে পৰিব্যাপ্ত পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত ‘পথ নিৰূপণ’ নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্রথম প্রৱেশ কৰা ভৱেন্দ্ৰনাথ শইকীয়াই পিছলৈ এগৰাকী প্রসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্রতিষ্ঠা লাভ কৰে। ড° শইকীয়াই ১৯৪৭ চনৰ পৰা গল্পকাৰ হিচাপে প্রতিষ্ঠিত হােৱাৰ পৰা অর্ধ শতিকা জুৰি গল্প ৰচনাৰে স্বকীয় ধাৰা এটি প্ৰৱৰ্তিত কৰে। তেওঁৰ গল্পসমূহত প্রাত্যহিক জীৱনৰ সৰু-বৰ ঘটনাৰ সৰস বর্ণনা, চৰিত্ৰৰ নিখুঁত ৰূপায়ণ, পৰিৱেশ আৰু পৰিস্থিতিৰ যথাযথ উপস্থাপনৰ বাবে সকলাে শ্ৰেণীৰ পাঠকৰ বাবে সুখপাঠ্য হৈ পৰে। সেন্দুৰ, গহ্বৰ, শৃংখল, এন্দুৰ, প্ৰহৰী আদি গল্প ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰিব?

সাহিত্যিক প্ৰতিভা, Dr. Bhabendra Nath Saikia

ড’ শইকীয়াৰ প্রথম গল্প সংকলন ‘প্ৰহৰী’ কে মুখ্য কৰি সাহিত্যিক কেবাখনাে গল্প-সংকলন ইতিমধ্যে প্রকাশ পাইছে। সেয়া হ’ল— প্ৰহৰী, বৃন্দাবন, প্রতিভা, গহ্বৰ, সেন্দুৰ, শৃংখল, ভবেন্দ্রনাথ শইকীয়াৰ শ্রেষ্ঠ গল্প’(গল্প সংগ্রহ), আকাশ, (নেশ্যনেল বুক ট্রাষ্ট) এই বন্দৰৰ আবেলি, উপকণ্ঠ, আৰু সান্ধ্যভ্রমণ। ইয়াৰে শৃংখল, নামৰ গল্প সংকলনটিৰ বাবে তেওঁ ১৯৭৬ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে। হিন্দী আৰু বাংলা ভাষাত নেশ্যনেল বুক ট্রাষ্টে প্রকাশ কৰা ‘আকাশ’ আৰু ভাৰতী জ্ঞানপীঠে হিন্দী ভাষাত প্ৰকাশ কৰা ‘ঢলান কি বেলা’ চুটিগল্প সংকলনে সমগ্ৰ ভাৰততে সমাদৰ লাভ কৰিবলৈ সমর্থ হৈছে।

দুই-চাৰিটামান পদ্য আৰু চুটিগল্প ৰচনাৰ পিছতে ভবেন্দ্রনাথ শইকীয়াই মেট্রিক পৰীক্ষা দি উঠাৰ আজৰি সময়ছােৱাত ‘আতংকৰ শেষত’ নামৰ ডিটেক্টিভ উপন্যাস লিখি ঔপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে। ১৯৫২ চনত নগাঁও পুথিঘৰ প্ৰেছে উপন্যাসখন প্ৰকাশ কৰি উলিয়ায়। তেওঁৰ সামাজিক উপন্যাস দুখন ‘অন্তৰীপ’ আৰু ৰম্যভূমি’। এই কেইখন উপন্যাসৰ জৰিয়তে অসমীয়া উপন্যাসৰ ইতিহাসত ড° শ‍ইকীয়াই নিজা এডােখৰ ঠাই উলিয়াই ল’বলৈ সক্ষম হ’ল।

অসমীয়া শিশু-সাহিত্যলৈ ড° শইকীয়াৰ অৱদান অনস্বীকার্য। বিশেষকৈ শিশু আৰু কিশােৰৰ উপযােগী মৰমৰ দেউতা, তােমালােকৰ ভাল হওক, শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ, দুষ্ট বুদ্ধি, আদি গ্রন্থৰ বাবেই তেওঁ স্মৰণীয় হৈ ৰ’ব। সঁফুৰা, নামৰ শিশু আলােচনীখনৰ সম্পাদনা তেওঁৰ জীৱনৰ এক বিশেষ কীর্তিস্তম্ভ।

চলচ্চিত্র নির্মাণ, Dr. Bhabendra Nath Saikia

অসমৰ ভ্রাম্যমাণ নাট্যজ গতত ড° ভবেন্দ্ৰনাথ শইকীয়া আছিল মহীৰূহস্বৰূপ। ভ্রাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ ২০০১ চনলৈকে ২৬ খন নাটক ৰচনা কৰিছিল। ১৯৮১-৮২ চনত ৰামধেনু ,নাটকৰ জৰিয়তে ভ্রাম্যমাণ থিয়েটাৰৰ মঞ্চত প্রৱেশ কৰা ড° শইকীয়াৰ কেইখনমান মঞ্চসফল নাট- গহবৰ, দীনবন্ধু, বৃন্দাবন, আম্রপালি, বিষকুম্ভ, জন্মভূমি, সমুদ্র মন্থন, ৰম্যভূমি, গধূলি, এজাক জোনাকীৰ জিলমিল, পুতলা নাচ, বাওনা, অৱৰােধ, আদি নাটক বিশেষভাৱে সমাদৃত।

ড° ভবেন্দ্ৰনাথ শইকীয়াই এলানি ৰেডিঅ’ নাটকো লিখি থৈ গৈছে। তাৰ ভিতৰত কোলাহল, দুর্ভিক্ষ, ইতিহাস, জোনাকীৰ বিয়া, আৰু দেউতা, শিশু উপযােগী শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, আদি ধাৰাবাহিক আকাশবাণীৰ ৰাষ্ট্ৰীয় কার্যসূচী আৰু গুৱাহাটী কেন্দ্রযােগে প্রচাৰিত হৈছে। পিছলৈ ডিব্ৰুগড় কেন্দ্ৰৰ পৰাও তেখেতৰ নাটসমূহ প্রচাৰিত হয়। নাট্যকাৰ অৰুণ শৰ্মাই আকাশবাণী যােগে প্রচাৰিত আঢ়ৈকুৰি নাটকৰ সংকলন ‘অনাতাঁৰ নাট্যাৱলী’ত ড° শইকীয়াৰ জংঘল’ নাটকখনিও সন্নিবিষ্ট হৈছে।

অসমীয়া চলচ্চিত্র জগতত ড° ভবেন্দ্রনাথ শইকীয়াৰ নাম প্রাতঃস্মৰণীয় হৈ ৰ’ব। সতী বেউলা’ নামৰ ছবিৰ এটি চৰিত্ৰত অভিনয়েৰে চলচ্চিত্র জগতত ভৰি দিয়া ড° শইকীয়াই সন্ধ্যাৰাগ অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আবর্তন, ইতিহাস’ আৰু হিন্দী ভাষাত কালসন্ধ্যা, নির্মাণ কৰি অসমীয়া চলচ্চিত্র জগতলৈ জোৱাৰ আনে। ‘এন্দুৰ’ গল্পৰ আধাৰত ‘কোলাহল’, ‘অন্তৰীপ’ উপন্যাসৰ চিত্রনাট্য ‘অগ্নিস্নান’, ‘ফাউণ্ডেচন’ গল্প আধাৰত নির্মিত সাৰথি’ চলচ্চিত্ৰৰ কাহিনীয়ে সকলােকে মুগ্ধ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বাস্তৱধর্মিতা আৰু প্ৰকাশভংগীৰ সৰলতা, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তীয় জীৱনৰ প্রতিফলন হােৱাৰ বাবে আটাই কেইখন চলচ্চিত্রকে দর্শকে আগ্ৰহেৰে আকোৱালি লােৱাটো সাফল্যৰ বিষয়। উল্লেখযােগ্য যে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’ চলচ্চিত্রই শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা আৰু ‘সন্ধ্যাৰাগ’ ‘অনির্বাণ’, কোলাহল’, ‘আৱর্তন’, ইতিহাস আৰু সাৰথি’ চলচ্চিত্ৰই ৰজত কমল বঁটা লাভ কৰে।

ড° ভবেন্দ্রনাথ শইকীয়া আছিল অসমৰ প্রজ্ঞা আৰু সাধনাৰ দস্তাবেজ স্বৰূপ ‘প্রান্তিকৰ বাবে পিতামহ স্বৰূপ। আজিও প্রান্তিকৰ শেষ পৃষ্ঠাই ড° শইকীয়াক জীয়াই ৰাখিছে। অসমৰ প্ৰতি ঘৰে ঘৰে পষেকীয়া ‘প্রান্তিক আলােচনীয়ে সমাদৃত হােৱাৰ মূলতে হ’ল ড° ভবেন্দ্রনাথ শইকীয়া। ১৯৮৩ চনত জন্ম লাভ কৰা শিশু আলােচনী সঁফুৰা’ৰ সাফল্যৰ মূলতাে এইজনা পুৰােধ জড়িত। নির্ভুল আখৰ-জোটনিৰ বাবেও দুয়ােখন আলােচনী জনপ্রিয়।

ড° ভবেন্দ্রনাথ শইকীয়াৰ আত্মজীৱনী ‘জীৱন বৃত্ত’ত সন্নিবিষ্ট হৈছে তেওঁৰ জীৱনৰ দীঘ আৰু বাণি। কর্মই ধর্ম এই বাণীক সাৰােগত কৰি দুৰাৰােগ্য ব্যাধিকো হেলাৰঙে উপেক্ষা কৰি তেওঁ কেৱল সাহিত্য-সংস্কৃতিৰ নীৰৱ সাধনা কৰি গ’ল। নিপীড়িত, উপেক্ষিত, সর্বহাৰাৰ বাবে ‘আৰোহণ’ৰ নির্মাণ কাৰ্য্যত ৰত হৈ দেখুৱালে অন্য এক উদাৰতাৰ দৃষ্টান্ত।

গুৱাহাটীৰ বেলতলা স্থিত ‘আৰােহণ’ এতিয়াও তেখতক সোঁৱৰাই দিয়ে। তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে গুৱাহাটীৰ বেলতলাত ‘আৰােহণ’ নামৰ এটি শিশু ন্যাস প্রতিষ্ঠা কৰা হৈছে। য’ত শিশুৰ বাবে সকলােধৰণৰ উপযােগিতা উপলদ্ধ কৰা হৈছে।

বঁটা, সন্মান, Dr. Bhabendra Nath Saikia

সুযােগ্য পুৰুষে লাভ কৰা সন্মানৰ সীমা সংখ্যা নাই। এই জনা বিদ্যুৎ পুৰুষেও বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে বিভূষিত হৈ আহিছিল। সংগীত নাটক একাডেমি, সাহিত্য অকাডেমীৰ কাৰ্যকৰী আৰু সাধাৰণ পৰিষদ’, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল, পুনেৰ চলচ্চিত্র আৰু টেলিভিছন ইনষ্টিটিউট সমাজ আদি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সন্মানীয় সদস্য, জ্যোতি চিত্রবনৰ সভাপতি, অসম ৰাজ্যিক চলচ্চিত্র নিগম লিমিটেডৰ অধ্যক্ষ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি ৰূপে কার্য নির্বাহ কৰি ভাৰত তথা অসমৰ কলা-সাহিত্য-সংস্কৃতিৰ মঞ্চ জীপাল কৰি তুলিছিল।

Dr. Bhabendra Nath Saikia, ১৯৮১ চনত ড° ভবেন্দ্রনাথ শইকীয়াক বংগীয় সাহিত্য পৰিষদে কলকাতাৰ সাহিত্যিক হৰনাথ ঘােষ বঁটা, ১৯৯০ চনত মেগৰ শৈক্ষিক ন্যাসে ‘অসম উপত্যকা বঁটা’, ১৯৯৮ চনত অসম চৰকাৰে অসমৰ সর্বোচ্চ সম্মান শ্ৰীমন্ত শংকৰদেৱ বঁটা’আগবঢ়ায়। ২০০১ চনত এইজনা প্রজ্ঞাৰ সাধকক ‘পদ্মশ্রী সন্মানেৰে বিভূষিত কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলচ্চিত্র আৰু সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা হীৰামূলীয়া অৱদানৰ বাবে ২০০১ চনৰ ১৮ অক্টোবৰৰ দিনা অনুষ্ঠিত অষ্টম সমাৱৰ্তনত ডি. লিট উপাধিৰে সন্মানিত কৰে।

সামৰণি, Dr. Bhabendra Nath Saikia

ড° ভবেন্দ্ৰনাথ শইকীয়া কেৱল ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। বটবৃক্ষৰ দৰে অসমীয়া সাহিত্য সংস্কৃতিক ছাঁ দি থকা এগৰাকী ব্যক্তি। এজন জীৱন শিল্পী, প্রতিভাশালী অথচ নিৰহংকাৰী, সততা আৰু কর্মনিষ্ঠাৰ প্রতিভূৰূপে ড° শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বর্ণিল বাট কাটিবলৈ সক্ষম হ’ল। এনে এক মহাজীৱনৰ মহাপ্রয়াণ হ’লেও তেওঁক উত্তৰ পুৰুষে সদায় মনত ৰাখিব।

Leave a Comment