Essay On Sarvepalli Radhakrishnan

জন্ম আৰু পৰিচয়

Essay On Sarvepalli Radhakrishnan, ড° ৰাধাকৃষ্ণণৰ পূর্ব-পুৰুষ সকল অবিভক্ত তামিলনাড়ু ৰাজ্যৰ সর্বপল্লী নামৰ এখন সৰু গাঁৱত বাস কৰিছিল। পিছত জীৱিকাৰ অন্বেষণত তেওঁলােকে তামিলনাড়ু ৰাজ্যৰ ৰাজধানী চেন্নাই মহানগৰীৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগত অৱস্থিত তিৰুতান্নি নামৰ এখন সৰু গাঁৱত বাস কৰিবলৈ লয়। তিৰুতান্নি এখন পৱিত্র তীর্থভূমি। বর্তমান এই তিৰুতান্নি গাঁওখন অন্ধ্রপ্রদশৰ অন্তৰ্গত। এই তিৰুতান্নিতেই ইং ১৮৮৮ চনৰ পাঁচ ছেপ্তেম্বৰত দার্শনিক তথা ভাৰতৰ ২ য় ৰাষ্ট্রপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্ম হয়। এই গৰাকী মহান মনীষীৰ মাতৃৰ নাম আছিল শিবা কামাম্মা আৰু পিতৃৰ নাম আছিল বীৰস্বামী।

ড° ৰাধাকৃষ্ণণৰ (Essay On Sarvepalli Radhakrishnan) পিতৃ-মাতৃ ৰক্ষণশীল ব্রাহ্মণ আছিল। অতি সহজসৰল আৰু ধর্মভীৰু ৰাধাকৃষ্ণণৰ পিতৃ-মাতৃয়ে তেওঁক বাল্যকালতে আধ্যাত্মিক শিক্ষা প্রদান কৰিছিল। সেয়ে ড° ৰাধাকৃষ্ণণ সৰুকালৰ পৰাই আধ্যাত্মিক দিশটোৰ প্রতি অধিক আকর্ষিত হৈছিল আৰু তেওঁ প্ৰতিগৰাকী ব্যক্তিয়ে আধ্যাত্মিক দিশত উৎকর্ষ লাভ কৰাটো উচিত বুলি মনে-প্রাণে বিবেচনা কৰিছিল। ড° ৰাধাকৃষ্ণণৰ দেউতাক এগৰাকী শিক্ষক আছিল। আর্থিক অৱস্থা টনকিয়াল নােহােৱাৰ হেতু তেওঁ তহচিলদাৰৰ কামাে কৰিছিল। মধ্যবিত্ত পৰিয়ালৰ লোক ড° ৰাধাকৃষ্ণণৰ পিতৃ-মাতৃ প্ৰৱল শিক্ষা অনুৰাগী আছিল। সেয়ে আর্থিক অৱস্থা, টনকিয়াল নােহােৱা স্বত্বেও বালক ৰাধাকৃষ্ণণক উপযুক্ত শিক্ষা দিবৰ বাবে যৎপৰনাস্তি চেষ্টা কৰিছিল। Essay On Sarvepalli Radhakrishnan.

শিক্ষা আৰু ল’ৰালিকাল

ল’ৰালি কালত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ বৰ লাজকুৰীয়া স্বভাৱৰ আছিল আৰু নিৰিবিলি পৰিৱেশত থাকিহে ভাল পাইছিল। তেওঁৰ শিশু সুলভ মনত প্ৰকৃতিৰ বিভিন্ন পৰিঘটনাই নানান ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছিল। সেয়ে তেওঁ প্ৰকৃতিৰ ৰহস্য বুজি পাবলৈ, প্রকৃতিৰ প্ৰতিটো বস্তু অতি সুক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰিছিল। ল’ৰালিকালত ৰাধাকৃষ্ণণে কেতিয়াও আন লৰা-ছােৱালীৰ দৰে হাঁহি ধেমালি কৰি অবাবতে সময় নষ্ট নকৰিছিল। তেওঁ লগত এখন কিতাপ নৰখাকৈ কেতিয়াও সমনীয়াৰ লগত কথা নাপাতিছিল। নির্মল চৰিত্ৰৰ ৰাধাকৃষ্ণণ শিক্ষকসকলৰ বাবেও মৰমৰ পাত্ৰ আছিল।

ড° ৰাধাকৃষ্ণণে তিৰুতান্নি চহৰতে প্রাথমিক শিক্ষা গ্রহণ কৰে। পিছত ইং ১৮৯৬ চনত পিতৃ বীৰস্বামীয়ে তিৰুপতি চহৰৰ লুথেৰাণ মিছণ হাইস্কুলত ৰাধাকৃষ্ণণক নাম ভর্তি কৰি দিয়ে। লুথেৰাণ মিছন হাইস্কুলত স্কুলীয়া শিক্ষা সাং কৰি ইং ১৯০০ চনত ৰাধাকৃষ্ণণে উচ্চ-শিক্ষাৰ বাবে ভেলােৰৰ এখন খ্রীষ্টিয়ান কলেজত নাম লগাই অধ্যয়ন কৰে। অনার্চ বিষয়ৰ কিতাপ-পত্র কিনাৰ ক্ষমতা নথকাৰ বাবে ৰাধাকৃষ্ণণে কলেজত নাম ভর্তি কৰাৰ সময়ত কোনটো বিষয়ত অনার্চ ল’ব সেইটো সমস্যাৰ বিষয় হৈ পৰিছিল। সেই সময়তে তেওঁৰ খুৰায়েকৰ ল’ৰা এজনে দর্শন বিষয়ৰ অনাৰ্চৰ কিতাপবােৰ দি তেওঁক পঢ়িবলৈ ক’লে। দৰ্শনৰ অনাৰ্চৰ কিতাপসমূহ বিনামূলীয়াকৈ পােৱাৰ বাবে ৰাধাকৃষ্ণণে দর্শনতে অনার্চ লৈ খ্রীষ্টিয়ান কলেজত পঢ়িবলৈ লয়। তেওঁৰ এই সিদ্ধান্তই তেওঁক সাফল্যৰ শিখৰলৈ লৈ গ’ল। Essay On Sarvepalli Radhakrishnan.

পিছৰ জীৱনত ৰাধাকৃষ্ণণে এই দৰ্শনৰ জৰিয়তে পৃথিৱীত মান, যশ তথা খ্যাতি বুটলিবলৈ সক্ষম হয়। ৰাধাকৃষ্ণণে বি.এ. পৰীক্ষাত মাদ্রাজ বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থান লাভ কৰি ড° চেমুৱেল সাথিয়ানাথন স্বর্ণপদক লাভ কৰে। দর্শনত অনাৰ্চৰ সৈতে সুখ্যাতিৰে কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত মাদ্রাজ খ্রীষ্টিয়ান কলেজত পঢ়া-শুনা কৰি ৰাধাকৃষ্ণণদেৱে দৰ্শনত এম. এ. উপাধি লাভ কৰে। ছাত্ৰ অৱস্থাত ৰাধাকৃষ্ণণে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। পিতৃ বীৰ স্বামীয়ে আর্থিক অৱস্থা টনকিয়াল নােহােৱাৰ হেতু তেখেতৰ পঢ়াৰ খৰছ যােগাব পৰা নাছিল। সেইবাবে ৰাধাকৃষ্ণণে গৃহ শিক্ষকতা কৰি নিজৰ পঢ়াৰ খৰছ উলিয়াইছিল। Essay On Sarvepalli Radhakrishnan.

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে মাত্র ২০ বছৰ বয়সতে ডক্টৰেট উপাধি লাভ কৰিচিল। “দি এথিক্স-অৱ বেদান্ত এণ্ড ইট মেটেৰিয়েল প্ৰিচাপােজিচন” নামৰ গৱেষণা পত্ৰখনৰ বাবে তেওঁক ডক্টৰেট উপাধি প্রদান কৰা হয়। সেই সময়ৰ মাদ্রাজ খ্রীষ্টিয়ান কলেজৰ দৰ্শনৰ মুৰব্বী অধ্যাপক এ. জি. হাগে ড° ৰাধাকৃষ্ণণৰ গৱেষণাপত্ৰখনৰ ভূয়সী প্রশংসা কৰিছিল।

মিছনাৰী স্কুলত পঢ়া-শুনা কৰাৰ সময়ত খ্রীষ্টিয়ান সমালােচক সকলে হিন্দুধর্মক সমালােচনা কৰি লিখা লিখনিসমূহ পঢ়িবলৈ পাই তেওঁৰ মনত হিন্দু ধৰ্মৰ বিষয়ে বিভিন্ন প্রশ্নৰ উদয় হয়। কিন্তু পিচত স্বামী বিবেকান্দই জ্ঞানগর্ভী যুক্তিৰে হিন্দু ধর্ম বিষয়ে লিখা লিখনিসমূহ পঢ়ি তেওঁৰ কোমল মনত হিন্দু ধৰ্মৰ প্রতি প্রৱল শ্রদ্ধা আৰু ভক্তি জন্ম হয়। ইয়ে তেওঁক হিন্দু-ধৰ্মৰ ওপৰত গভীৰ অধ্যয়ন আৰু গৱেষণা কৰিবলৈ আগ্ৰহী কৰি তােলে। ফলত পৰৱর্তী জীৱনত হিন্দু ধৰ্মৰ বাখ্যাই হৈ পৰে তেওঁৰ জীৱনৰ উদ্দেশ্য। Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণণৰ বিবাহ

জ্ঞানৰ পিপাসা পূৰাবলৈ গৈ পণ্ডিতপ্ৰৱৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে সাংসাৰিক জীৱন বাদ দিয়া নাছিল। তেখেতে খ্রীষ্টিয়ান কলেজত পঢ়ি থকাৰ সময়তে বিবাহ পাশত আৱদ্ধ হয়। ইং ১৯০৬ চনত শিৱ কামাম্মা নামৰ এগৰাকী দিলিপ সুন্দৰী তথা গুণৱতী ৰমণীৰ সতে মাক-দেউতাকে ৰাধাকৃষ্ণণৰ বিয়া পাতি দিয়ে। সদায় নিয়মানুবর্তিতা মানি চলা ড° ৰাধাকৃষ্ণণৰ পাৰিবাৰিক জীৱন অতি শান্তিপূর্ণ আছিল। ড° ৰাধাকৃষ্ণণক সু-প্রতিষ্ঠিত কৰাত তেওঁৰ পত্নী শিৱ-কামাম্মাই অপৰিসীম সহায় সহযােগিতা তথা প্ৰেৰণা আগবঢ়াইছিল। তেওঁলােকৰ সুখী-সাংসাৰিক জীৱনৰ স্বাক্ষৰ পুত্ৰ ড° গােপাল, এগৰাকী প্রসিদ্ধ বুৰঞ্জীবিদ। ড° সৰ্বপল্লী গােপাল বর্তমান অক্সফোর্ড বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়া শিক্ষা বিভাগৰ ৰীডাৰ। Essay On Sarvepalli Radhakrishnan.

শিক্ষক-ৰূপে ড° সর্বপল্লী ৰাধাকৃষ্ণণ

ইং ১৯০৯ চনত সর্বপল্লী ৰাধাকৃষ্ণণে মাদ্রাজ প্রেচিডেন্সি কলেজত দর্শন বিষয়ৰ সহকাৰী অধ্যাপক পদত যােগদান কৰি শিক্ষকৰূপে নিজৰ কর্মময় জীৱনৰ পাতনি মেলে আৰু ইং ১৯১৭চনলৈ প্রেচিডেন্সী কলেজত নিষ্ঠা সহকাৰে শিক্ষকতা কৰে। মাদ্রাজ প্রেচিডেন্সি কলেজত দৰ্শনৰ শিক্ষকৰূপে নিযুক্তি লাভ কৰাৰ বাবে লাইচেনচিয়েট -ইন- টিচিং ডিগ্ৰীৰ প্রয়ােজন হােৱাত তেওঁ শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ত প্রশিক্ষণ ল’ব লগা হয়। সেইভাৱে তেওঁ সৈদাপেঠ শিক্ষক প্রশিক্ষণ কলেজত নাম ভর্তি কৰে।

সেই সময়ত সৈদাপেঠৰ শিক্ষক প্রশিক্ষণ কলেজৰ মনােবিজ্ঞান বিভাগৰ শিক্ষক আছিল এম.কে. ৰঙ্গস্বামী আয়েঙ্গাৰ। তেওঁ ৰাধাকৃষ্ণণকলৈ বৰ বিমােৰত পৰিছিল। কাৰণ ৰাধাকৃষ্ণণক পঢ়ুৱাব পৰা ক্ষমতা তেওঁৰ । নাছিল। সেয়ে, এদিন তেওঁ ৰাধাকৃষ্ণণক শ্ৰেণীকোঠাত নােসােমাবলৈ নিদের্শ দিলে। গুৰুৰ আদেশ শিৰােগত কৰি ৰাধাকৃষ্ণণেও শ্ৰেণীকোঠাত উপস্থিত থকাৰ পৰা বিৰত থাকিল। পিছত ৰাধাকৃষ্ণণে এই গৰাকী শিক্ষাগুৰুৰ অনুৰােধ মর্মে শ্রেণীকোঠাত ছাত্র বন্ধুসকলৰ আগত, মনােবিজ্ঞানৰ ওপৰত মুঠ তেৰটা বৃক্ততা দি নিজৰ শিক্ষাগুৰু তথা ছাত্রবন্ধুসকলক অভিভূত কৰিছিল। এই প্রশিক্ষণৰ কালছােৱাত তেওঁ Essentials of psychology (এচেনচিয়েল অফ চাইকোলজি) নামৰ কিতাপখন ৰচনা কৰে। Essay On Sarvepalli Radhakrishnan.

ইং ১৯১৮ চনত ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপকৰ পদত নিযুক্তি লাভ কৰে। মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ছােৱাত ড° ৰাধাকৃষ্ণণে “দি ফিলচফি অ ৰবীন্দ্রনাথ টেগােৰ (ৰবীন্দ্রনাথ ঠাকুৰৰ দৰ্শন)” আৰু “দি ৰেইন অফ ৰিলিজ ইন কন্‌টেম্পৰাৰী ফিলচফি” নামেৰে দুখন অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰদেৱে ইং ১৯১২ চনত গীতাঞ্জলী কবিতাপুথি খনৰ বাবে নােবেল বঁটা লাভ কৰে। উপনিষদৰ তত্ত্বজ্ঞানৰ আধাৰত ৰচিত ৰবীন্দ্ৰনাথৰ গীতাঞ্জলীত সন্নিবিষ্ট কবিতাৰ ওপৰতে ড° ৰাধাকৃষ্ণণে “দি ফিলছফি অফ ৰবীন্দ্রনাথ টেগােৰ” নামৰ কালজয়ী পুথিখন ৰচনা কৰিছিল। ইং ১৯১৫ চনত তেওঁৰ গীতাৰ ৰহস্য গ্রন্থখন প্রকাশ পায়। এইখন গ্রন্থই তেওঁৰ জীৱনলৈ মান-যশ আদি কঢ়িয়াই আনে।

ইং ১৯২২ চনত চাৰ আশুতােষ মুখােপধ্যায়ে কোলকাতা বিশ্ববিদ্যালয়ৰ দর্শন বিভাগৰ পঞ্চম জর্জ আসনৰ অধ্যাপক পদ শুৱনি কৰিবলৈ ৰাধাকৃষ্ণণক আমন্ত্রণ জনাই। এই আমন্ত্রণ প্রতি সম্মান জনাই ৰাধাকৃষ্ণণে কোলকাতা বিশ্ববিদ্যালয়ৰ King George V Professor of Philosophy (কিং জর্জ ফাইভ, প্রফেচাৰ অফ ফিলচফি) নামৰ দর্শন বিভাগৰ সর্বোচ্চ পদত যােগদান কৰে। তেওঁ একেৰাহে দহ বছৰ কাল কোলকাতা বিশ্ববিদ্যালয়ৰ পঞ্চম জর্জ আসনৰ অধ্যাপক হিচাপে নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব পালন কৰাৰ লগতে মেণ্টেল এণ্ড মৰেল চাইঞ্চ বিষয়ত অধ্যাপনাও কৰে। সেই সময়ত ইং ১৯২৩ চনত ড° সর্বপল্লী ৰাধাকৃষ্ণণৰ ভাৰতীয় দর্শন নামৰ গ্ৰন্থখনৰ প্রথম খণ্ড প্রকাশ পায়। এইখন অমূল্য তথা চিৰসেউজ পুথিয়ে ৰাধাকৃষ্ণণক দার্শনিক ৰূপে সমাজত প্রতিষ্ঠিত কৰে। তেতিয়াৰ পৰাই দার্শনিকৰূপে ৰাধাকৃষ্ণণৰ নাম ভাৰতৰ লগতে গােটেই প্রাচ্য আৰু পাশ্চাত্যত বিয়পি পৰিল। Essay On Sarvepalli Radhakrishnan.

ইং ১৯২৭ চনত ড° ৰাধাকৃষ্ণণৰ ভাৰতীয় দৰ্শনৰ ২ য় খণ্ড আৰু “দি ৰিলিজন উই নীড ” নামৰ আন এখন মূল্যৱান গ্রন্থ প্রকাশ হৈ ওলায়। ইয়াৰ পিছৰ পৰাই তেওঁৰ জীৱনলৈ লানি নিছিগা সন্মানৰ সোঁত ব’বলৈ ধৰে। ইং ১৯২৭ চনত ৰাধাকৃষ্ণণে ইংলেণ্ডৰ, “কংগ্ৰেছ অফ ইউনিভাৰ্চিটিজত কোলকাতা বিশ্ববিদ্যালয়ৰ প্রতিনিধি হিচাপে যােগদান কৰি মূল্যৱান ভাষণ প্রদান কৰিছিল। সেই বছৰতে ড° ৰাধাকৃষ্ণণে ৱালটেয়াৰত থকা অন্ধ বিশ্ববিদ্যালয়ৰ প্রথম সমাৱর্তন অনুষ্ঠানত ভাষণ দিবৰ বাবে আমন্ত্রিত হৈ বহুমূলীয়া ভাষণ প্রদান কৰে। Essay On Sarvepalli Radhakrishnan.

অক্সফোর্ডত ড° ৰাধাকৃষ্ণণ

Essay On Sarvepalli Radhakrishnan, ইং ১৯২৯ চনত অক্সফোর্ডৰ মানচেষ্টাৰ কলেজৰ অধ্যক্ষ পদৰ বাবে তেওঁলৈ আমন্ত্রণ আহে আৰু তেওঁ এই আমন্ত্রণ সানন্দেৰে গ্রহণ কৰে। ইং ১৯২৯ চনত তেওঁৰ আন এখন মূল্যৱান গ্রন্থ “কল্কী অৰ্‌ দি ফিউচাৰ্‌ অফ্‌ চিভিলাইজেচন্‌” প্রকাশ পায়। এইখন গ্রন্থও বিশ্বত খলক লগাই আৰু তেওঁৰ জীৱনলৈ গৌৰৱৰ জয়মালা কঢ়িয়াই আনে। ইং ১৯৩২ চনত ৰাধাকৃষ্ণণে “এ আইডিয়েলিষ্টিক ভিউ অফ লাইফ শিৰােনামাৰে তেওঁৰ বিশ্বখ্যাত হিৰ্বাট বৃক্ততাসমূহ গ্রন্থ আকাৰে প্রকাশ কৰে। এই অমূল্য গ্রন্থখন জীৱনৰ আদর্শবাদ নামেৰে অসমীয়া ভাষালৈ অনূদিত হৈছে। ইং ১৯৩৬ চনত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰে। উল্লেখযােগ্য যে বিশ্বৰ অন্যতম শ্রেষ্ঠ বিশ্ববিদ্যালয় অক্সফোর্ডত অধ্যাপকৰ পদবীত নিযুক্তি লাভ কৰা তেৱেঁই প্রথম ভাৰতীয়।

ইং ১৯৩৬ চনৰ পৰা ইং ১৯৩৯ চনলৈ তেওঁ লণ্ডনৰ অক্সফোর্ড বিশ্ববিদ্যালয়ত প্রাচ্য ধর্ম আৰু দৰ্শনৰ অধ্যাপক হিচাপে অধ্যাপনা কৰি লণ্ডনবাসীৰ পৰা ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হয়। আকৌ ইং ১৯৩৮ চনত বৃটিছ একাডেমীত “মাষ্টাৰ মাইণ্ড চিৰিজ” বৃক্ততাত ড° সর্বপল্লী ৰাধাকৃষ্ণণে “গৌতম দি বুদ্ধ” ভাষণ প্রদান কৰি লণ্ডনবাসীৰ লগতে গােটেই বিশ্বক মােহিত কৰে। ইং ১৯৩৯ চনত ড° ৰাধাকৃষ্ণণে প্রাচ্য ধর্ম আৰু পাশ্চাত্য চিন্তা নামৰ বিশ্বখ্যাত গ্রন্থখন ৰচনা কৰে। ইং ১৯৩৯ চনতে ড° ৰাধাকৃষ্ণণ দক্ষিণ আফ্রিকালৈ যায় আৰু তাত ভাৰতৰ অতীত জ্ঞানৰ জ্যোতি বিলায়। তাত তেওঁ নিজৰ জ্ঞানৰ জ্যোতিৰে আফ্রিকাবাসীৰ হৃদয় পােহৰাই তুলিছিল। তেওঁৰ এই সুচিন্তিত প্রচেষ্টাৰ ফলস্বৰূপেই তাত থকা হিন্দুধর্মী মানুহ আৰু খ্রীষ্টিয়ান মানুহৰ মাজত এটা অতি শক্তিশালী সু-সম্পর্ক গঢ়ি উঠিছিল। Essay On Sarvepalli Radhakrishnan.

এই সময়তে ইং ১৯৩৯ চনত গােটেই বিশ্বজুৰি প্রথম মহাসমাৰৰ ৰণদুন্দুভি বাজি উঠে। ফলত ড° ৰাধাকৃষ্ণণে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা অব্যাহতিলৈ বিদেশ এৰি স্বদেশলৈ বুলি ঢাপলি। মেলে। স্বদেশলৈ অহাৰ পিছত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ উপচাৰ্য্যৰ গুৰু দায়িত্ব গ্রহণ কৰে। প্ৰথমতে তেওঁ এই পদ গ্রহণ কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু পিছত মহাত্মা গান্ধীৰ অনুৰােধত তেওঁ এই পদ গ্রহণ কৰে। তেৱেঁই বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত ইছলামিক শিক্ষাৰ ব্যৱস্থা কৰে আৰু ছােৱালীৰ বাবে বৈদিক শিক্ষাৰ বাট মুকলি কৰি দিয়ে।

ইয়াৰ কিছুবছৰৰ পিছত ইং ১৯৪৯ চনত তেওঁ বৰােদা বিশ্ববিদ্যালয়ত চাৰ-চায়াজী ৰাও আসনৰ অধ্যাপক হিচাপেও অধ্যাপনা কৰে। ইং ১৯৪২ চনত কোলকাতা বিশ্ববিদ্যালয়ত কমলা বৃক্ততামালা অনুষ্ঠিত হয়। এই বৃক্ততামালাত ড° ৰাধাকৃষ্ণণে ধৰ্ম আৰু সমাজ সম্পর্কে মূল্যৱান ভাষণ দিয়ে। ইং ১৯৪৭চনত তেওঁৰ এই বৃক্ততামালা গ্রন্থ ৰূপত প্রকাশ পায়। Essay On Sarvepalli Radhakrishnan.

ইং ১৯৪৬ চনত ড° ৰাধাকৃষ্ণণলৈ হাৰভার্ড, য়েল, লজ, এঞ্জেল, মিচিগান, কর্ণেল আদি বিশ্বৰ লেখত ল’বলগীয়া বিশ্ববিদ্যালয়সমূহৰ পৰা এলানি বৃক্ততা দিবৰ বাবে আমন্ত্রণ আহে। এই আমন্ত্রণৰ প্রতি উপযুক্ত সহাঁৰি জনাই ড° ৰাধাকৃষ্ণণে এই বিশ্ববিদ্যালয়সমূহত সাৱলীল ভাষাত জ্ঞানগর্ভী ভাষণ প্রদান কৰি গােটেই বিশ্ববাসীক আপ্লুত কৰে। ইং ১৯৪৮ চনত তেওঁ চীন ভাৰতৰ সম্পৰ্কৰ ওপৰত চীন দেশত বাৰটা মূল্যৱান বৃক্ততা প্রদান কৰে। এই বৃক্তৃতালানিও পিছত গ্রন্থ আকাৰে প্রকাশ পায়।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে এবাৰ, দুৱাৰ নহয তিনিবাৰকৈ ইউনেস্কোৰ (UNESCO) অধিবেশনত ভাষণ দি নিজৰ লগতে ভাৰতলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁ ইউনেস্কোৰ সভাপতি হিচাপেও কাৰ্যনির্বাহ কৰি জগতজোৰা খ্যাতি অর্জন কৰিছিল। সেই একে সময়তে তেওঁ ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়ােগৰ সভাপতিৰ গুৰু দায়িত্বও বহন কৰিছিল। ইং ১৯৪৮ চনত বিশ্ববিদ্যালয়ৰ শিক্ষা আয়ােগৰ সভাপতি হৈ থকাৰ সময়তে তেওঁ ভাগৱত গীতা আৰু ধৰ্ম্মপাদ নামৰ দুখন অতি মূল্যৱান গ্রন্থ ৰচনা কৰে। Essay On Sarvepalli Radhakrishnan.

ৰাধাকৃষ্ণণ আয়ােগ

ইং ১৯৪৭ চনত ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। স্বাধীন ভাৰতবৰ্ষত শিক্ষা জগতৰ উন্নতি সাধনৰ হেতু চৰকাৰে বিশ্ববিদ্যালয় আয়ােগ গঠন কৰে। এই আয়ােগৰ নেতৃত্ব দিয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে। দহজনীয়া এই আয়ােগৰ বাকী সদস্য সকলক ভিতৰত আছিল ড° জাকিৰ হুছেইন, লক্ষ্মণস্বামী মুদালিয়াৰ, মেঘনাথ সাহা আদি প্রতিভাসম্পন্ন ব্যক্তি। এই আয়ােগৰ চেয়াৰমেন হিচাপে ড° ৰাধাকৃষ্ণণে বিশ্ববিদ্যালয়ৰ বিভিন্ন দিশ সমূহ অধ্যয়ন কৰি প্রতিবেদন দাখিল কৰে। এই আয়ােগ “ৰাধাকৃষ্ণণ আয়ােগ” নামেৰে খ্যাত। এই ৰাধাকৃষ্ণণ আয়ােগৰ প্রতিবেদন আজিও সঠিকভাৱে কাৰ্যকৰী হােৱা নাই। Essay On Sarvepalli Radhakrishnan.

ৰাজনীতি আৰু ৰাষ্ট্রদূত ৰূপে ৰাধাকৃষ্ণণ

ড° ৰাধাকৃষ্ণণে ইং ১৯০৯ চনৰ পৰা ইং ১৯৪৮ চনলৈ প্রায় তিনি দশকজুৰি শিক্ষাজগতলৈ তেওঁৰ বহুমূলীয়া বৰঙণি যােগায়। ইং ১৯৪৯ চনত পণ্ডিত জৱাহৰলাল নেহেৰুেৰ অনুৰােধ মর্মে তেওঁ ছােভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্রদূতৰূপে যােগদান কৰে আৰু এইদৰেই তেওঁ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত পদাপর্ণ কৰে। ইং ১৯৫২ চনলৈ তেওঁ দক্ষতাৰ সৈতে ছােভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে গুরুদায়িত্ব পালন কৰে।Essay On Sarvepalli Radhakrishnan.

ইং ১৯৪৯ চনত ছােভিয়েট ৰাছিয়াত ৰাষ্ট্রদূতৰ দায়িত্ব পালন কৰি থকাৰ সময়তে “গ্রেট ইণ্ডিয়ান (মহান ভাৰতীয়)” নামেৰে মহাত্মা গান্ধী, ৰবীন্দ্রনাথ ঠাকুৰ, চি.ভি. মন আৰু ৰামকৃষ্ণ এই চাৰিগৰাকী বিশ্ববিখ্যাত ভাৰতীয় মনীষীৰ এখন জীৱনী সংকলন প্রস্তুত কৰি উলিয়ায়। ৰাধাকৃষ্ণণে ছােভিয়েট ৰাছিয়াত ৰাষ্ট্রদূত হিচাপে কাৰ্য্যনির্বাহ কৰি থকাৰ সময়ত ছােভিয়েট দেশৰ ৰাষ্ট্রপতি আছিল মহানায়ক ষ্টেলিন। জীৱনৰ সকলাে ক্ষেত্ৰতে কঠোৰ অনুশীলন মানি চলা ষ্টেলিনে কেতিয়াও অবাৱতে অলপমানো সময় নষ্ট নকৰিছিল। কিন্তু ৰাধাকৃষ্ণণৰ প্রতিভা তথা অগাধ পাণ্ডিত্যত তেওঁ এনেদৰে অভিভূত হৈ পৰিছিল যে ৰাধাকৃষ্ণণৰ সৈতে কথা পাতোতে অকণাে আমনি বােধ কৰা নাছিল। Essay On Sarvepalli Radhakrishnan.

উপৰাষ্ট্রপতি হিচাপে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

Essay On Sarvepalli Radhakrishnan, ইং ১৯৫২ চনত ভাৰতবৰ্ষক সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক প্রজাতন্ত্র বুলি ঘােষণা কৰা হয়। ফলত ভাৰতৰ নতুন সংবিধান প্রয়ােজন হ’ল এগৰাকী উপৰাষ্ট্ৰপতিৰ। সেয়ে দেশবাসীয়ে বিদ্বান ড° ৰাধাকৃষ্ণণকে উপৰাষ্ট্রপতি পদৰ বাবে উপযুক্ত প্রার্থী হিচাপে বিবেচনা কৰে। দেশবাসীৰ এই ইচ্ছা শিৰােগত কৰি ড° ৰাধাকৃষ্ণণে ইং ১৯৫২ চনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ নৱােদিত ৰাষ্ট্ৰখনক উন্নতিৰ জখলাৰে আগবঢ়াই নিবলৈ শাসনৰ বাঘজৰী হাতত তুলি লয়। আনহাতে ৰাষ্ট্ৰপতিৰ দায়িত্ব লয় ভাৰতৰ আন এগৰাকী সু-সন্তান ড° ৰাজেন্দ্র প্রসাদে। তেওঁ ইং ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ একেৰাহে দুটা কাৰ্যকালৰ বাবে উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত থাকি দেশ আৰু দেশবাসীৰ প্রতি অনবদ্য বৰঙণি আগবঢ়ায়। উপ-ৰাষ্ট্রপতি হিচাপে কাৰ্য্যনির্বাহ কৰি থকাৰ সময়তে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে “প্রিঞ্চিপাল উপনিষদ” নামেৰে এখন অমূল্য তথা সাৰগৰ্ভী গ্রন্থ ৰচনা কৰে। Essay On Sarvepalli Radhakrishnan.

ইং ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সর্বোচ্চ সম্মান “ভাৰতৰত্ন” প্রদান কৰি তেওঁৰ বিৰল কৃতিত্বলৈ সন্মান যাঁচে। সদায় সাহিত্য সেৱাত ব্রতী থকা ড° ৰাধাকৃষ্ণণে উপ-ৰাষ্ট্রপতি হিচাপে দেশৰ গুৰুভাৰ বহন কৰি থকাৰ সময়তাে সাহিত্য চর্চা কৰিবলৈ বাদ দিয়া নাছিল। “ভাৰত ৰত্ন” সন্মান লাভ কৰাৰ পিছত ইং ১৯৫৫ চনত ৰাধাকৃষ্ণণৰ “ইষ্ট এণ্ড ওৱেষ্ট, চাম ৰিফ্রেন” আৰু ইং ১৯৫৬ চনত “ৰিক’ভাৰী অফ ফেইথ” নামৰ দুখন অমূল্য গ্রন্থ প্রকাশ পায়। এই গ্রন্থ দুখনত তেওঁৰ পাণ্ডিত্যৰ স্পষ্ট স্বাক্ষৰ পৰিলক্ষিত হয়। ফলত গ্রন্থ দুখন বিদ্বান-সমাজৰ দ্বাৰা বিপুলভাৱে প্রশংসিত হয়। Essay On Sarvepalli Radhakrishnan.

ইং ১৯৬৬ চনত আকস্মিকভাৱে ৰাধাকৃষ্ণণৰ পতিব্রতা পত্নী শিৱ কামাম্মাৰ পৰলােক প্রাপ্তি ঘটে। ড° ৰাধাকৃষ্ণণক সু-প্রতিষ্ঠিত কৰাত তেওঁৰ ধার্মিক পত্নী শিৱ-কামাই অপৰিসীম সহায়-সহযােগিতা আগবঢ়াইছিল। সেয়ে পত্নী শিৱ কামম্মাৰ বিয়ােগত ৰাধাকৃষ্ণণ বাৰুকৈ অকলশৰীয়া হৈ পৰে আৰু লগে লগে তেওঁৰ আঢ়ৈ কুৰি বছৰীয়া দাম্পত্য জীৱনৰ অৱসান ঘটে। পিছে এই শূন্যতাই তেওঁৰ গতিশীল জীৱনত অলপাে প্ৰভাৱ পেলাব নােৱাৰিলে। তেওঁৰ সাহিত্য চর্চা তথা জ্ঞানৰ অন্বেষণত যতি নপৰিল। পত্নী শিৱ-কামাম্মাৰ বিয়ােগৰ পিছত ইং ১৯৫৭ চনত ভাৰতীয় দৰ্শনৰ উৎস (এ চোর্চ বুক্‌ ইন ইণ্ডিয়ান্ ফিল’ছফি)” নামৰ তেওঁৰ অমূল্য গ্রন্থখন প্রকাশ পায়। ইয়াৰ কিছুবছৰৰ পিছত ইং ১৯৬০ চনত তেওঁৰ “ব্রহ্মসূত্র” নামৰ আন এখন যুগজয়ী গ্রন্থ প্রকাশ হৈ বিদ্বতসমাজৰ দ্বাৰা সমাদৃত হয়। Essay On Sarvepalli Radhakrishnan.

ৰাষ্ট্রপতি হিচাপে ৰাধাকৃষ্ণণ

Essay On Sarvepalli Radhakrishnan, ইং ১৯৬২ চনত ৰাষ্ট্রপতি ড° ৰাজেন্দ্র প্রসাদে সক্রিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ড° ৰাধাকৃষ্ণণ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হয়। ইং ১৯৬২ চনৰ পৰা ইং ১৯৬৭ চনলৈ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে ভাৰতৰ ৰাষ্ট্রপতি হিচাপে দেশ আৰু দেশবাসীলৈ অতুলনীয় সেৱা আগবঢ়ায়। ভাৰতৰ ৰাষ্ট্রপতি হিচাপে কাৰ্যনির্বাহ কৰি থকাৰ সময়তে তেওঁ “পৰিৱৰ্তনশীল বিশ্বত ধর্ম” নামৰ এখন অতি মূল্যৱান তথা সাৰুৱা গ্রন্থ ৰচনা কৰে। ড° ৰাধাকৃষ্ণণ এগৰাকী প্রজাহিতৈষী ৰাষ্ট্রনেতা আছিল। তেওঁ জনসাধাৰণৰ প্রতি উদাৰ তথা সহানুভূতিশীল আছিল। ৰাষ্ট্র প্রতিনিধি হিচাপে তেওঁ জনসাধাৰণৰ অভাৱ-অভিযােগবােৰ দূৰ কৰিবলৈ পার্যমানে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল।

তেওঁৰ কাৰ্যকালতে ইং ১৯৬২ চনত চীনদেশে ভাৰতক আকস্মিকভাৱে আক্রমণ কৰে। চীনৰ এই অপ্রত্যাশিত আক্ৰমণত ভাৰতৰ জনসাধাৰণৰ মন ভাঙি পৰে। সেই সময়ত ড° ৰাধাকৃষ্ণণে ভাৰতবাসীক জ্ঞানগর্ভ উপদেশেৰে সান্ত্বনা দিছিল আৰু ভৱিষ্যতলৈ যাতে ভাৰতে তেনেকুৱা কোনাে ধৰণৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। এই ক্ষেত্ৰত প্রয়ােজনীয় পদক্ষেপ ল’বলৈ তেওঁ কেন্দ্রীয় চৰকাৰৰ প্রতি পৰামৰ্শ আগবঢ়াইছিল।

ড° ৰাধাকৃষ্ণণে ৰাষ্ট্রপতি হিচাপে কাৰ্যনির্বাহ কৰি থকাৰ কালছােৱাত ভাৰতবৰ্ষই নানাধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। ইং ১৯৬২ চনৰ চীনৰ আক্ৰমণৰ কেঁচা ঘা নুশুকাওঁতেই ইং ১৯৬৩ চনত ভাৰতত ভীষণ খাদ্য সমস্যাই দেখা দিয়ে। সেই কঠিন সময়ত ড° ৰাধাকৃষ্ণণে সর্বসাধাৰণ ৰাইজে যাতে খাদ্য-সমস্যাত নোভোগে তালৈ সতর্ক দৃষ্টি ৰাখিছিল আৰু অত্যাৱশ্যকীয় খাদ্যবস্তুৰ মূল্য বৃদ্ধিৰ দিশত প্রয়ােজনীয় ব্যৱস্থা ল’বলৈ কেন্দ্রীয় চৰকাৰ তথা ৰাজ্যৰ ৰাজ্যপাল সকলক জৰুৰী নিদের্শ দিছিল। Essay On Sarvepalli Radhakrishnan.

ইং ১৯৬৩ চনত দেশত হােৱা প্রাকৃতিক দুর্যোগৰ পিছত ইং ১৯৬৫ চনত তেওঁৰ কাৰ্যকালতে আমাৰ চুবুৰীয়া ৰাষ্ট্র পাকিস্থানে ভাৰত আক্রমণ কৰে। সেইসময়তে ৰাষ্ট্রপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে নিজৰ জ্ঞান-গম্ভীৰ ভাষণেৰে উপদেশ দি দেশবাসীৰ মাজত শান্তি বাহাল ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। পণ্ডিত প্ৰবৰ ড° ৰাধাকৃষ্ণণ ৰাষ্ট্রপতি ৰূপে কাৰ্যনির্বাহ কৰি থকাৰ কালছােৱােত দেশে দুজনকৈ বিশিষ্ট ব্যক্তি ক্রমে ১ ম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু আৰু ২য় প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীক হেৰুৱাব লগা হয়। ফলত দেশবাসী শােকত ভাগি পৰে আৰু দেশত ৰাজনৈতিক অস্থিৰতাই দেখা দিয়ে। এনেদৰে একেলগে ভাৰতৰ ৰাজনীতিৰ দুজনকৈ কাণ্ডাৰীৰ পৰলােক গমনৰ ফলত সৃষ্টি হােৱা বিশাল শূন্যতাৰ বাবে ভাৰতৰ ৰাজনীতিত যি অস্থিৰতাৰ সৃষ্টি হৈছিল ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে নিজৰ জ্ঞান-গৰিমা তথা দক্ষতাৰ সৈতে তাক মষীমূৰ কৰিছিল।Essay On Sarvepalli Radhakrishnan.

প্রায় দুই দশকজুৰি ড° ৰাধাকৃষ্ণণে ভাৰতৰ ৰাজনীতিলৈ তেওঁৰ অমূল্য সেৱা আগবঢ়ায়। নিজকে সদায় এগৰাকী শিক্ষক হিচাপে গণ্য কৰা ড° ৰাধাকৃষ্ণণে ৰাষ্ট্রনেতা ৰূপে জনমানসত নিজৰ নিকা ভাৱমূর্তি গঢ়িবলৈ সক্ষম হৈছিল। শিক্ষক হিচাপে থকা তেওঁৰ জনপ্রিয়তা, তেওঁ ৰাজনীতিত প্রৱেশ কৰাৰ পাছতাে অকণাে হীন-দেড়ি হােৱা নাছিল। ইং ১৯৬৭ চনত ৰাষ্ট্রপতি হিচাপে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কাৰ্যকাল সমাপ্ত হয়। তেওঁৰ গুণমুগ্ধ দেশবাসীয়ে তেওঁক আৰু এটা কাৰ্যকালৰ বাবে ৰাষ্ট্রপতি পদত অধিষ্ঠিত কৰিব বিচাৰিছিল। কিন্তু ৰাধাকৃষ্ণণে সেই প্রস্তাৱ সবিনয়ে প্রত্যাখ্যান কৰি ৰাজনৈতিক জীৱনৰ পৰা স-গৌৰৱে অৱসৰ গ্ৰহণ কৰে। Essay On Sarvepalli Radhakrishnan.

পৰলােক গমন

ইং ১৯৬৭ চনত ৰাষ্ট্রপতি পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ড° ৰাধাকৃষ্ণণে মাদ্ৰাজৰ মায়লাপুৰ অঞ্চলত অৱস্থিত তেওঁৰ “গিৰিজা” নামৰ বাসভৱনতে স্থায়ীভাৱে থাকিবলৈ লয়। ইং ১৯৬৯ চনত ভাৰতীয় বিদ্যাভৱনে তেওঁক “ব্রহ্মবিদ্যা ভাস্কৰ” উপাধিৰে বিভূষিত কৰে। ইং ১৯৭৫ চনত হিন্দুধৰ্মৰ প্রতি আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে “টেম্পলটন” বঁটা প্রদানেৰে তেওঁক বিভূষিত কৰা হয়। “টেম্পলটন্” বঁটা লাভ কৰাৰ কিছুদিন পিছতে ইং ১৯৭৫ চনৰ এপ্রিল মাহত প্রায় ৮৭বছৰ বয়সত এই জনা বিদগ্ধ পণ্ডিতে “গিৰিজা” নামৰ নিজ বাসভৱনতে ইহলীলা সম্বৰণ কৰে। মানুহ মৰণশীল। মানুহৰ জন্মই হয় মৃত্যুৰ বাবে।

জন্ম-মৃত্যু এক প্রাকৃতিক পৰিঘটনা। কিন্তু কিছুমান ব্যক্তিৰ মৃত্যুয়ে জগতত বিৰাট শূন্যতৰ সৃষ্টি কৰে। যি শূন্যতাই কেতিয়াও পূর্ণতা পাব নােৱাৰে। সেই কাৰণেই সকলাে সম্পদৰ ভিতৰত শ্রেষ্ঠ হৈছে মানৱসম্পদ। সেয়ে ড° ৰাধাকৃষ্ণণৰ লগতে তেওঁক মানৱ-সম্পদৰূপে গঢ়ি তােলা তেওঁৰ পিতৃ বীৰস্বামী আৰু মাতৃ শিৱ কামাম্মাকো জগতবাসীয়ে আজিও শ্ৰদ্ধাৰে সোঁৱৰে। Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

Essay On Sarvepalli Radhakrishnan, গাঁৱলীয়া মধ্যবিত্ত পলিয়ালত জন্ম গ্রহণ কৰি নিজৰ প্ৰতিভাৰ বলেৰে সাধাৰণ মানুহৰ শাৰীৰ পৰা গৈ দেশৰ সর্বোচ্চ পদত অধিষ্ঠিত হােৱা ড° ৰাধাকৃষ্ণণে সদায় সহজ-সৰল জীৱন-যাপন কৰিছিল। ভাৰতীয় কৃষ্টি-সংস্কৃতিৰ প্ৰতি ড° ৰাধাকৃষ্ণণৰ মনত গভীৰ শ্ৰদ্ধা আৰু ভক্তি আছিল। তেওঁ সদায় দীঘল পাঞ্জাৱী চোলা আৰু থােৰ মাৰি ধূতি পিন্ধিছিল। তেওঁৰ মূৰত সদায় বগা কাপােৰৰ মথুৰা পাগ মাৰিছিল। এই সাজেৰেই তেওঁ দেশ-বিদেশৰ সভা-সমিতিত অংশ গ্রহণ কৰিছিল। ড° ৰাধাকৃষ্ণণে এগৰাকী সুবক্তাও আছিল। অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী ড° ৰাধাকৃষ্ণণ বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ আমন্ত্রিত হৈছিল। কিন্তু তেওঁ কেতিয়াও লিখিত ভাষণ পাঠ কৰা নাছিল। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁ দৰ্শনৰ কঠিন বিষয় বস্তুবােৰ ৰসাল তথা শ্রুতিমধুৰ কৰি বৃক্ততা দিব পাৰিছিল।

তেওঁ কেতিয়াও প্রয়ােজনতকৈ বেছি আহাৰ গ্ৰহণ নকৰিছিল আৰু সদায় নিৰামিষ আহাৰহে গ্ৰহণ কৰিছিল। তেওঁ নিজে খুব কম কথা কৈছিল? কিন্তু আনৰ কথা বহুত মনােযােগেৰে শুনিছিল। নিজকে শিক্ষাজগতত মনে প্রাণে উচৰ্গা কৰা ড° ৰাধাকৃষ্ণণে স্বাধীনতা সংগ্রামত সক্রিয় অংশ গ্রহণ কৰা নাছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশ গ্রহণ নকৰিলেও তেওঁ ভাৰতৰ স্বাধীনতা সংগ্রামৰ বিশিষ্ট সংগ্রামী যেনেঃ মহাত্মা গান্ধী, ড° ৰাজেন্দ্র প্রসাদ, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, লােকমান্য বাল গঙ্গাধৰ তিলক, মৌলানা আবুল কালাম আজাদ, নেতাজী সুভাষ চন্দ্র বােস আদি স্বতন্ত্র সংগ্রামীক শ্রদ্ধা কৰিছিল।

অৱশ্যে স্বাধীনতাপ্রেমী ড° ৰাধাকৃষ্ণণে গান্ধীজীৰ অহিংসা আন্দোলনকেই বেছি গুৰুত্ব প্রদান কৰিছিল। মহাত্মা গান্ধীৰ দৰে তেওঁ নিজেও অহিংসাৰ পূজাৰী আছিল আৰু নিজৰ জীৱন কালত কেতিয়াও অহিংসা নীতিৰ পৰা বিচলিত হােৱা নাছিল। তেখেত ভাৰতৰ ৰাজনৈতিক পৰাধীনতাৰ মূল কাৰণ হিচাপে ভাৰতবাসীৰ ধৰ্মৰ নামত পালন কৰা কুসংস্কাৰবােৰকে দোষাৰূপ কৰিছে। Essay On Sarvepalli Radhakrishnan.

সহজ সৰল জীৱন-যাপন কৰা ড° ৰাধাকৃষ্ণণে কেতিয়াও প্রয়ােজনতকৈ অধিক ব্যয় নকৰিছিল। সেয়ে তেওঁ ৰাষ্ট্রপতি হৈ থকাৰ সময়ত পােৱা ১০,০০০ (দহ হাজাৰ টকাৰ মাত্র ৩০০০ (তিনি হাজাৰ) টকাহে খৰচ কৰিছিল। বাকী ৭,০০০ ( সাত হাজাৰ) টকা তেওঁ প্রধানমন্ত্রী সাহাৰ্য্য পুঁজিলৈ প্রতিমাহে দান হিচাপে আগবঢ়াইছিল সকলাে ক্ষেত্ৰতে মিতব্যয়ী ড° ৰাধাকৃষ্ণণে ৰাষ্ট্রপতি ভৱনৰ কোনাে কোঠাতে অনাহকত বিজুলি বাতি জ্বলাই ৰখাটো বিশেষভাৱে নিষেধ কৰিছিল।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীনচেতিয়া মনৰ মানুহ আছিল। তেওঁ যিকোনাে সমস্যা সমাধানৰ বাবে নিঃসংকোচে মতামত প্রকাশ কৰিছিল। সময় সাপেক্ষে তেওঁ সমালােচনা কৰাৰ পৰাও বিৰত থকা নাছিল উদাহৰণ স্বৰূপে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰাষ্ট্রপতি পদত অধিষ্ঠিত থকাৰ সময়ত অর্থাৎ ইং ১৯৬২ চনত আমাৰ চুবুৰীয়া চীন দেশে আকস্মিকভাৱে ভাৰত আক্রমণ কৰে। চীনৰ এই অপ্রত্যাশিত আক্ৰমণৰ বাবে তেওঁ তেতিয়াৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক দেশৰ শিথিল প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে জগৰীয়া কৰিছিল। অথচ পণ্ডিত নেহেৰুৰ প্রতি ড° ৰাধাকৃষ্ণণৰ অসীম শ্রদ্ধা আৰু অটল ভক্তি আছিল। আনহাতে পণ্ডিত নেহেৰু আছিল ৰাধাকৃষ্ণণৰ বিশিষ্ট বন্ধু।Essay On Sarvepalli Radhakrishnan.

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰাষ্ট্রপতি হৈ থকাৰ কালছােৱাত তেওঁক সাক্ষাৎ কৰিবলৈ অহা মানুহবােৰে তেওঁৰ সৌহার্দ্যপূর্ণ তথা আন্তৰিকতাৰে ভৰা অমায়িক ব্যৱহাৰত আপ্লুত হৈছিল। অসমৰ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱলৈ ড° ৰাধাকৃষ্ণণৰ অসীম শ্রদ্ধা আছিল। ড° ৰাধাকৃষ্ণণৰ দৰে কৃষ্ণকান্তও এগৰাকী বিদ্বান তথা অধ্যয়নশীল ব্যক্তি আছিল। বিনা কাৰণত তেওঁ অলপাে সময় নষ্ট নকৰিছিল। অনবৰত অধ্যয়নত ৰত থকা কৃষ্ণকান্ত সন্দিকৈদেৱক পণ্ডিত জৱাহৰলাল নেহেৰু দেৱে কিতাপৰ পােক বুলি অভিহিত কৰিছিল। পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ পদত অধিষ্ঠিত থকাৰ সময়ত ড° ৰাধাকৃষ্ণণে উপ-ৰাষ্ট্রপতি হিচাপে এবাৰ অসম ভ্ৰমণলৈ আহিছিল। গুণীৰ মূল বুজা ড° ৰাধাকৃষ্ণণৰ মনত আনৰ পাণ্ডিত্যৰ প্রতি গভীৰ শ্ৰদ্ধা আছিল। সেয়ে অসম ভ্ৰমণলৈ আহি তেওঁ নিজে কৃষ্ণকান্ত সন্দিকৈদেৱৰ ঘৰলৈ গৈ তেওঁৰ সৈতে দেখাসাক্ষাৎ কৰিছিল । Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণণ আছিল আধুনিক যুগৰ প্লেটোৰ আদৰ্শৰ দার্শনিক নৃপতি। তেওঁ আজীৱন শিক্ষা-জগতৰ সৈতে সু-সম্পর্ক ৰাখিছিল। ভাৰত শিক্ষাজগতৰ উন্নতিৰ বাবে অহােপুৰুষাৰ্থ কৰা ৰাধাকৃষ্ণণ কৈছিল যে এজন ব্যক্তিক প্রকৃতাৰ্থত শিক্ষিত বুলি ক’ব নােৱাৰি যদিহে তেওঁ জ্ঞানৰ মাত্ৰ এটা বিশেষ সীমাত সীমিত থাকে। তেওঁ স্ত্রী শিক্ষাৰ ওপৰতাে যথেষ্ট গুৰুত্ব আৰােপ কৰিছিল। নাৰী পুৰুষতকৈ বৌদ্ধিক দিশত পিছপৰা কথাষাৰ তেওঁ স-জোৰে অস্বীকাৰ কৰিছিল।

তেওঁৰ মতে স্ত্রী-শিক্ষাৰ অবিহনে এখন ভাল সমাজৰ কল্পনা কৰিব নােৱাৰি সম্পত্তিৰ ওপৰত তেওঁ পুত্র-কন্যাৰ সমান অধিকাৰৰ কথা কৈছিল। তাৰ বাবে এখন উপযুক্ত তথা ফলপ্রসু আইন প্রণয়ন কৰাৰ কথা তেৱেঁই সর্বপ্রথমে চিন্তা কৰিছিল। এই বিষয়ত তেওঁ প্রয়ােজনীয় দিহা পৰামর্শও আগবঢ়াইছিল। নাৰীজাতিৰ প্রতি অগাধ শ্রদ্ধা-ভক্তি থকা ড° ৰাধাকৃষ্ণণে পুৰুষক নাৰীৰ দ্বাৰা প্রশিক্ষণপ্রাপ্ত জীৱ বুলি নিজৰ অভিমত প্রকাশ কৰিছিল। Essay On Sarvepalli Radhakrishnan.

দার্শনিক ৰাধাকৃষ্ণণৰ দৃষ্টিভংগী

দার্শনিক ৰাধাকৃষ্ণণে(Essay On Sarvepalli Radhakrishnan) মানৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ ওপৰত নিজ দৃষ্টিভংগী তথা অভিমত প্রকাশ কৰিছে। পৱিত্ৰ বাটেৰে বাট বুটলিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি বুলি সত্যৰ সন্ধানী ড° ৰাধাকৃষ্ণণে গভীৰ আস্থাৰে বিশ্বাস কৰিছিল। তেওঁৰ মতে নিৰাকাৰ ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰাৰ একমাত্র শ্রেষ্ঠ পথ হ’ল সজ চিন্তা। ড° ৰাধাকৃষ্ণণে মানুহৰ প্রতি মানুহে কৰা অমানৱীয় আচৰণ প্ৰতিৰােধ কৰাৰ মূল উপায় হিচাপে মানুহৰ সৎ সাহস, শৌর্য্য আৰু বিশ্বাসক চিহ্নিত কৰিছে।

ধর্মক জীৱনৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰা ড° ৰাধাকৃষ্ণণৰ মতে ধর্ম হ’ল শুদ্ধ বিশ্বাস, শুদ্ধ অনুভৱ আৰু শুদ্ধ কর্ম। তেখেতে ৰচনা কৰা এখন কালজয়ী গ্রন্থ “The spirit of Religion (দি স্পিৰিট অ ৰিলিজিয়ন)”ত ড° ৰাধাকৃষ্ণণে ধৰ্মৰ উদ্দেশ্যৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে “ধৰ্মৰ মূল উদ্দেশ্য হৈছে মানৱজাতিক জন্তুৰ পৰা মানুহলৈ, মানৱতাৰ পৰা আধ্যাত্মিকতালৈ, অশান্তিৰ পৰা প্রশান্তিলৈ, অন্ধকাৰৰ পৰা স্নিগ্ধ পােহৰলৈ উদ্ভাসিত কৰা।” Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণণ সম্পূৰ্ণৰূপে এগৰাকী হিন্দু আছিল। স্বামী বিবেকানন্দৰ লিখনিয়ে ল’ৰালিকালতে তেওঁৰ মনত হিন্দু ধৰ্মৰ প্রতি আগ্রহ জন্মায়। ফলত তেওঁ হিন্দু ধৰ্মৰ বিষয়ে বিস্তৰ অধ্যয়ন কৰে আৰু বিশ্বদৰবাৰত হিন্দু ধৰ্মৰ মহত্বৰ কথা বর্ণনা কৰে। এনেদৰেই হিন্দু ধর্ম ব্যাখ্যাই হৈ পৰে তেওঁৰ জীৱনৰ উদ্দেশ্য। হিন্দু ধৰ্মৰ ব্যাখ্যাক নিজৰ জীৱনৰ উদ্দেশ্য তথা জীৱনৰ লক্ষ্য কৰি লােৱা ড° ৰাধাকৃষ্ণণ আনৰ ধৰ্মৰ প্ৰতিও সমানে শ্রদ্ধাশীল আছিল। তেওঁ আছিল সম্পূৰ্ণৰূপে ধর্ম নিৰপেক্ষ। ধর্ম-নিৰপেক্ষতাক আন্তৰিকতাৰে সমৰ্থন কৰা ড° ৰাধাকৃষ্ণৰ মতে ধর্ম -নিৰপেক্ষতা ধর্মহীনতাৰ পৰা বহুযোযজন আঁতৰত। অর্থাৎ ধর্মনিৰপেক্ষতাই ধর্মহীনতা, নাস্তিকতা বস্তুবাদিতা নুবুজায়। Essay On Sarvepalli Radhakrishnan.

শিক্ষক দিৱস আৰু ৰাধাকৃষ্ণণ

Essay On Sarvepalli Radhakrishnan, আমাৰ দেশত প্ৰতিবছৰে ৫ ছেপ্তেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই ৫ ছেপ্তেম্বৰ তাৰিখটো হ’ল বিশ্ব বৰণ্যে পণ্ডিত ড° ৰাধাকৃষ্ণণৰ জন্ম দিন। জীৱনৰ প্রায় তিনিটা দশক শিক্ষকতা কৰি কটোৱা ড° ৰাধাকৃষ্ণণ প্রকৃততে এগৰাকী মহান শিক্ষক আছিল। এগৰাকী শিক্ষকৰ দৰে সহজসৰল আদর্শময় জীৱন যাপন কৰা ড° ৰাধাকৃষ্ণণে দেশৰ সর্বোচ্চ পদ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হােৱাৰ পিছতাে নিজকে শিক্ষকৰূপে গণ্য কৰিছিল। ড° ৰাধাকৃষ্ণণে বিশ্ববিদ্যালয়ৰ উপাচার্য্য হৈয়াে ছাত্রক পঢ়াবলৈ এৰা নাছিল।

ৰাষ্ট্রদূত হৈ থকাৰ অৱস্থাতাে লণ্ডনত অধ্যাপনা কৰিবলৈ এৰা নাছিল। সঁচা অৰ্থত ড° ৰাধাকৃষ্ণণক বিশ্ব দৰ্শনৰ গুৰু ক’লেও বঢ়াই কোৱা নহ’ব। পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁক “মহান শিক্ষক নামেৰে নামকৰণ কৰিছে। এইগৰাকী মহান শিক্ষকে জগতলৈ আগবঢ়োৱা বহুমূলীয়া বৰঙণিৰ প্রতি সম্মান প্রদর্শন কৰি আমাৰ দেশে তেওঁৰ জন্মদিন ৫ ছেপ্তেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰে আৰু তাৰ প্রতি বছৰে ছেপ্তেম্বৰ মাহৰ এই দিনটোত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত সভা সমিতি পাতি চৰকাৰৰ তৰফৰ পৰা কৃতি শিক্ষক-শিক্ষয়িত্ৰীক সম্বর্ধনা জনােৱা হয়। Essay On Sarvepalli Radhakrishnan.

ভাৰতীয় দর্শন আৰু দার্শনিক ৰাধাকৃষ্ণণ

দৰ্শনৰ সঠিক, সুন্দৰ আৰু শুৱলা ব্যাখ্যা আগবঢ়োৱাৰ বাবে ড° ৰাধাকৃষ্ণণ গােটেই বিশ্বৰ বাবেই নমস্য ব্যক্তি। গ্রীক ভাষাত দৰ্শনৰ অর্থ হ’ল “জ্ঞানৰ প্রেমী”। এই কথাষাৰ ড° ৰাধাকৃষ্ণণৰ গাত বাৰুকৈয়ে খাটে ড° ৰাধাকৃষ্ণণ প্রকৃতাৰ্থত এগৰাকী জ্ঞান অম্বেষী, জ্ঞান পিয়াসী ব্যক্তি আছিল। যাৰ দৰে ২য় এগৰাকী ব্যক্তি গােটেই বিশ্বতে বিৰল। পৃথিৱীৰ অন্যান্য সভ্যতাৰ দৰে ভাৰতৰ প্রাচীন সভ্যতাও মহান সভ্যতা। ভাৰতৰ এই অতীত সভ্যতাৰ জ্ঞান-সম্ভাৰ কালৰ বুকুত লাহে-লাহে নিমজিত হৈ যােৱাত ভাৰতবাসীয়ে সেই গৌৰৱ উজ্বল ইতিহাস পাহৰি পেলাইছিল। ড° ৰাধাকৃষ্ণণে ভাৰতৰ সেই গৌৰৱােজ্বল জ্ঞান-সম্ভাৰ পুনৰ উদ্ধাৰ কৰি বিশ্বদৰবাৰত ভাৰতৰ সন্মান বৃদ্ধি কৰিছে। Essay On Sarvepalli Radhakrishnan.

তেওঁ দৰ্শনৰ যিকোনাে ধৰণৰ দুর্বোধ্য বিষয়বস্তু সহজ সৰল ভাষাত ব্যাখ্যা কৰিব আৰু তাৰ অন্তনিহিত ভাৱধাৰা অতি সুন্দৰ তথা সাৱলীল। ভাষাত বৰ্ণনা কৰিব পাৰিছিল। দুটা খণ্ডত প্রকাশিত তেওঁৰ “ভাৰতীয় দর্শন” এক যুগান্তকাৰী গ্রন্থ বুলি চিস্থিত হৈছে। এই গ্রন্থখনেই বিশ্বদৰবাৰত দার্শনিক হিচাপে তেওঁক প্রতিষ্ঠিত কৰিছে। ইয়াৰ জৰিয়তেই বিশ্বই ভাৰতীয় দৰ্শনৰ ইতিহাসৰ সৈতে পৰিচিত হােৱাৰ সুবিধা লাভ কৰিছে। ড° ৰাধাকৃষ্ণণে ৰচনা কৰা “ভাৰতীয় দর্শন” নামৰ গ্ৰন্থখনেই ভাৰতীয় দর্শনক সুপ্রতিষ্ঠিত কৰিছে।

সকলাে ব্যক্তিকে সমানে অনুপ্রাণিত কৰা ভাৰতীয় দর্শন নামৰ গ্রন্থখনে পণ্ডিত জৱাহৰলাল নেহেৰুক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। Indian Philosophy(ভাৰতীয় দর্শন) সম্পর্কে পণ্ডিত জৱাহৰলাল নেহৰুৱে এনেদৰে কৈছে- “Some days ago, I thought Dr. Radhakrishshan’s Indian philosophy. I intended reading the introduction and glancing through the other chapters. But haveing began it, I grew rather fascinated at this adventure of ideas and now I am entangled in it.

Essay On Sarvepalli Radhakrishnan.

(কিছুদিন আগতে মােৰ ৰাধাকৃষ্ণণৰ ভাৰতীয় দর্শন পঢ়িবলৈ মন গ’ল। প্ৰথমতে মই ইয়াৰ পাতনি পঢ়াৰ কথা আৰু বাকী অধ্যায়বােৰৰ ওপৰেৰে চকু ফুৰােৱাৰ কথা ভাবিছিলাে। কিন্তু যেতিয়া মই ইয়াক পঢ়িবলৈ ললাে, ইয়াৰ অন্তনিহিত ভাৱধাৰাই মােক এনেদৰে আকর্ষিত কৰিলে যে মই ইয়াক এৰিব নােৱাৰা হ’লাে।) নেহেৰুৱে তেওঁৰ “ The discovery of India (দি ডিচকভাৰী অফ্ ইণ্ডিয়া)” লিখাৰ ক্ষেত্ৰত Indian philosophy (ভাৰতীয় দর্শন) ৰ পৰা সহায় লােৱাটো অকপটে স্বীকাৰ কৰিছে। Essay On Sarvepalli Radhakrishnan.

“ভাৰতীয় দর্শনে” বিশ্বক ভাৰতৰ গৌৰৱময় ইতিহাসৰ সৈতে পৰিচয় কৰাই দিলে। এইখন গ্রন্থই ভাৰতবাসীকো বেদ-উপনিষদৰ তত্বকথা সহজ সৰল ভাষাত বুজিবলৈ সুবিধা কৰি দিছে। ড° ৰাধাকৃষ্ণণ ভাৰতীয় দর্শনৰ উদ্ধাৰক। ভাৰতীয় দর্শন গ্ৰন্থখন তেওঁৰ প্ৰতিভাৰ মাইলৰ খুটি হিচাপে চিন্থিত হৈছে। ইয়াত তেওঁ দার্শনিক চিন্তাধাৰা সুন্দৰভাৱে অলংকৰণ তথা সুন্দৰভাৱে উপস্থাপন কৰিছে। Essay On Sarvepalli Radhakrishnan.

ভাৰতীয় দর্শনে ভাৰতবৰ্ষক উন্মুক্ত আহ্বানেৰে এক উর্বৰ সংস্কৃতিৰ সৃষ্টিত অনুপ্রাণিত কৰিছে। ভাৰতৰ উত্তৰফালে দণ্ডায়মান বিশাল হিমালয় পর্বতমালা আৰু দক্ষিণ-পশ্চিমফালে ভাৰত মহাসাগৰৰ বিশাল পানীভাগে (আগুৰি আছে। এইদৰে প্ৰকৃতিয়ে ভাৰতবৰ্ষক বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা নির্ভয়তা প্রদান কৰিছে আৰু ভাৰতত এক লাৱণ্যময় সুন্দৰ জীৱন নির্বাহ কৰিবলৈ, প্রয়ােজনীয় সা-সুবিধা প্রদান কৰিছে। ফলত ভাৰতবৰ্ষত অতীততেই দার্শনিক চিন্তাধাৰা গঢ় লৈ উঠিছিল। সেয়ে আজি ভাৰতবর্ষ নিজেই নিজৰ দার্শনিক চিন্তাধাৰাৰ উদ্ভাৱক। এই চিন্তাধাৰাৰ উন্নতিত পশ্চিমীয়া সভ্যতাৰ কোনাে ধৰণৰ প্ৰভাৱ নাই। Essay On Sarvepalli Radhakrishnan.

Sarvapalli Radhakrishnan Essay

Essay On Sarvepalli Radhakrishnan, ভাৰতীয় দর্শন আৰু পৃথিৱীৰ অন্যান্য দর্শনৰ মাজত বহুল পার্থক্য আছে। ভাৰতীয় দর্শন সম্পূৰ্ণৰূপে আধ্যাত্মিক ভাৱধাৰাৰ ওপৰত গঢ়ি উঠা। ভাৰতীয় দর্শন মানুহৰ জীৱন-যাত্ৰাৰ সৈতে গভীৰভাৱে সম্পর্কিত আৰু ইয়াৰ পৰা ভাৰতীয় দর্শন কেতিয়াও ফালৰি কাটি যােৱা নাই। ভাৰতীয় দর্শন কেতিয়াও যুক্তিবিহীন নহয়। দৃশ্যমান সত্তাৰ আঁৰত থকা সত্যৰ শুদ্ধ ৰূপৰ অন্বেষণ আৰু বিশ্লেষণ কৰাটোৱে ভাৰতীয় দর্শনৰ লক্ষ্য তথা উদ্দেশ্য। ভাৰতীয় দর্শন, আন এটা মহৎ গুণৰ অধিকাৰী সেইটো হৈছে ভাৰতীয় দর্শনৰ সহিষ্ণুতা। অন্যান্য দর্শনৰ তুলনাত ভাৰতীয় দর্শন বহুত বেছি সহিষ্ণু গুণসম্পন্ন।

ড° ৰাধাকৃষ্ণণৰ মতে উপনিষদৰ যুগত ভাৰতীয় মানুহ ধর্মীয় দিশত অধিক সচেতন আছিল আৰু সেই সময়ত ধৰ্মৰ লগত দার্শনিক চিন্তাধাৰাৰ বহুল উন্নতি ঘটিছিল। ভাৰতীয় মানুহৰ আধ্যাত্মিক ভাৱধাৰাৰ ওপৰত গঠিত জীৱন যাত্ৰাৰ ভিত্তিতেই উপনিষদৰ যুগত দার্শনিক চিন্তাধাৰাৰ উদ্ভৱ হৈছিল। ৰাধাকৃষ্ণণে উপনিষদ সমূহক “সৃষ্টি আৰু জ্ঞান সম্পর্কীয় দর্শন শাস্ত্র” বুলি কৈছে।Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণণে বুদ্ধক এগৰাকী সংস্কাৰক বুলি মত প্রকাশ কৰিছে। ড° ৰাধাকৃষ্ণণৰ মতে বুদ্ধই কোনাে নতুন ধৰ্মৰ প্ৰৱৰ্তন কৰা নাছিল। তেওঁ প্রকৃততে ভাৰতৰ সনাতন ধর্মৰ সংস্কাৰকহে আছিল। বুদ্ধধর্ম হ’ল ভাৰতৰ সনাতন ধর্মৰ নতুন ৰূপ। বুদ্ধই সনাতন ধর্মৰ কুসংস্কাৰবােৰৰ সংস্কাৰ সাধন কৰি যুগৰ উপযােগী কৰি প্ৰচাৰ কৰিছিল যাক আমি সকলােৱে বুদ্ধ ধর্ম হিচাপে জাননা। সেয়ে, বুদ্ধধৰ্ম আৰু উপনিষদৰ তত্ত্ব কথাসমূহৰ মাজত বহুখিনি সমিল-মিল দেখা যায়।Essay On Sarvepalli Radhakrishnan.

“ভাৰতীয় দর্শন” ধৰ্মৰ ওপৰত প্রতিষ্ঠিত। ভাৰতীয় দর্শনৰ উদ্ভাৱক ড° ৰাধাকৃষ্ণণ নিজেই এগৰাকী দার্শনিক তথা ধার্মিক ব্যক্তি আছিল। ৰাধাকৃষ্ণণে মানুহৰ ব্যৱহাৰিক জীৱনত দার্শনিক চিন্তাধাৰাৰ প্ৰয়ােজনীয়তা সম্পকে বর্ণনা কৰিছে। বিজ্ঞানে বিভিন্ন দিশত সফলতা লাভ কৰিলেও প্রকৃতিয়ে মাজে মাজে ধৰা উগ্ৰৰূপৰ ওচৰত বিজ্ঞানৰ পৰাজয় ঘটিছে।

ড° ৰাধাকৃষ্ণণৰ মতে অতীতকালতাে ভাৰতবৰ্ষত ধর্মীয় তথা দার্শনিক চিন্তাচর্চা চলিছিল। সু-দূৰ অতীততাে ভাৰতৰ সন্যাসী, সাধক অথবা মহাপুৰুষ সকলে পৃথিৱীৰ বিভিন্ন দেশত ভাৰতৰ ধর্ম তথা দার্শনিক চিন্তাধাৰাৰ প্ৰচাৰ কৰিছিল। আৰু এই কার্যত উৎসাহ যােগাইছিল সেই যুগৰ শিক্ষাকেন্দ্র সমূহ যথাক্রমে তক্ষশীলা, নালন্দা, বিক্রমশীলা, নৱদ্বীপ আদি। ড° ৰাধাকৃষ্ণণৰ মতে আমাৰ অন্তনিহিত ক্ষমতা আমি ভবাতকৈ বহুত বেছি। সেয়ে সময়ৰ সদব্যৱহাৰৰ ওপৰত সবাতােকৈ অধিক গুৰুত্ব প্রদান কৰা ড° ৰাধাকৃষ্ণণে কৈছিল যে সময়ৰ উচিত মূল্যায়নৰ জৰিয়তেহে আমি সাফল্যৰ শিখৰত উঠিব পাৰাে।

নেতিবাচক চিন্তাই আমাৰ মনৰ অনিহিত ক্ষমতাৰ বাৰুকৈয়ে ক্ষতি সাধন কৰে আৰু আমাৰ গতিশীল জীৱন স্থবিৰ কৰি তােলে। সেইবাবে জীৱন যুঁজত জয়ী হ’বৰ বাবে আমি প্রত্যেকেই আমাৰ মনত ইতিবাচক ক্ষমতা গঢ়ি তুলিব লাগে। ইতিবাচক ক্ষমতা বৃদ্ধিৰ বাবে আমাৰ আত্মাৰ শক্তি বঢ়োৱাৰ প্রয়ােজন। লগতে মানৱ ও আত্মক শক্তিশালী কৰিবৰ বাবে আমাৰ নৈতিক আৰু আধ্যাত্মিক ক্ষেত্ৰৰ উন্নতি সাধন কৰাটোও একান্ত প্রয়ােজন।Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণণৰ মত অনুসৰি নিজৰ দেশক নিজৰ জাতিক ভালপােৱাটো সকলাে মানুহৰে জন্মগত প্রবৃত্তি। কিন্তু মানৱীয় অনুভূতি নাথাকিলে মানুহ প্রকৃত অর্থত স্বদেশপ্রেমী হ’ব নােৱাৰে। আমি যিদৰে নিজৰ দেশ, নিজৰ জাতি, নিজৰ ভাষাক সন্মান আৰু শ্রদ্ধা কৰোঁ তেনেদৰে আনৰ দেশ, জাতি তথা ভাষাকো সমানেই শ্রদ্ধা-ভক্তি জনােৱাটো আমাৰ বাবে আৱশ্যকৰণীয়।

বিজ্ঞানৰ জয়যাত্রাই আমাৰ জীৱনৰ আমূল পৰিবর্তন ঘটাইছে আৰু লগে লগে আমাৰ জীৱন-যাত্ৰা আধ্যাত্মিক আদৰ্শৰ পৰা বিচলিত হৈছে সেইবাবে আমাৰ জীৱনত নানা ধৰণৰ বিশৃংখলাই দেখা দিছে। ফলত আমাৰ জীৱন লক্ষ্যভ্রষ্ট হৈ পৰিছে। আত্মাৰ জ্যোতিয়ে আমাৰ জীৱনৰ বাট উজ্বলাব পাৰিলেহে আমি জীৱনত সফলতা লাভ কৰিব পাৰিম। এলাহ, অলসতাই আমাৰ জীৱনলৈ ধ্বংস মাতি আনে। ইয়াৰ ফলত সমাজত নানান অনৈতিক কার্যকলাপে মূৰ দাঙি উঠিবলৈ সুবিধা পাইছে। ইয়ে আমাৰ সমাজ-জীৱন কলুষিত কৰিছে। ফলত আমাৰ জাতীয় জীৱন ব্যাহত হৈছে। ইয়াৰ পৰা মুক্তি তথা পৰিত্ৰাণ পােৱাৰ একমাত্র উপায় হ’ল আত্মাৰ জ্যোতিক সম্পূৰ্ণৰূপে উদ্ভাসিত কৰা। Essay On Sarvepalli Radhakrishnan.

আজিৰ শিশু কালিৰ নাগৰিক। উঠি অহা এইনতুন প্রজন্মৰ হাততেই আমাৰ তথা দেশৰ ভৱিষ্যৎ নিৰ্ভৰশীল। সেয়ে স্ৰষ্টাৰ সৃষ্টিৰ প্রতি ভালপােৱাৰ বিষয়ে শিশুৰ কোমল মনত আঁকি দিব পৰাটো নিতান্তই প্রয়ােজন। তেতিয়াহে আমি সুন্দৰ, সুস্থ সমাজ লাভ কৰিবলৈ সক্ষম হ’ম। ড° ৰাধাকৃষ্ণণৰ মতে অধ্যৱসায়ী, স্থিৰ, আত্মবিশ্বাসী তথা নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নােহােৱা লােকেহে জীৱনত সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। আমাৰ জীৱনকাল তেনেই সীমিত আৰু ক্ষন্তেকীয়া। আনহাতে আমাৰ জীৱনকালৰ তুলনাত আমাৰ কৰিবলগীয়া কাম অসংখ্য, গতিকে আমি আমাৰ সময়ক উচিত মূল্য দিয়াতাে একান্ত প্রয়ােজন। কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। অধ্যৱসায়ৰ মূল্য অপৰিসীম। এই কথা আমি সকলােৱে উপলব্ধি কৰা উচিত। Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণণ আছিল হিন্দুধর্মৰ ধ্বজাবাহক। কিন্তু অন্য ধর্মৰ প্রতিও তেওঁ অসীম শ্রদ্ধাশীল আছিল। তেওঁ কেৱল হিন্দুধর্মৰ তত্ব কথাই ব্যাখ্যা কৰা নাছিল। পৃথিৱীৰ অন্যান্য ধর্মৰ গুৰু-গম্ভীৰ তত্ত্বসমূহ অতি শ্রুতিমধুৰ, সহজ-সৰল তথা সাৱলীল ভাষাত ব্যাখ্যা কৰিছিল। ইয়াৰ দ্বাৰাই পণ্ডিত প্ৰৱৰ দার্শনিক ৰাধাকৃষ্ণণদেৱৰ মহানুভৱতাৰ পৰিচয় পােৱা যায়।

ইতিহাসে ঢুকি নােপােৱা কালৰ পৰাই ভাৰতত সভ্যতা-সংস্কৃতিৰ ক্রমবিকাশৰ ক্ষেত্ৰত ধর্মীয় বিশ্বাসৰ অৰিহণা আছে। নিজৰ এই গৌৰৱময় ইতিহাস পাহৰি ভাৰতে কেৱল পশ্চিমীয়া যান্ত্রিক সভ্যতাৰ পিছত দৌৰিবলৈ ধৰিছে। ভাৰতবাসীক স্বদেশৰ গৌৰৱময় ইতিহাস সোঁৱৰাই দিয়া, অতীতৰ সুবাসেৰে ভাৰতৰ বর্তমানক শোভিত কৰা ব্যক্তি সকলৰ ভিতৰত বৰমূৰীয়া আছিল ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।Essay On Sarvepalli Radhakrishnan.

The Philosophy of Rabindranath Tagore (fâ fpomorp অফ ৰবীন্দ্রনাথ টেগােৰ )” ড° ৰাধাকৃষ্ণণৰ প্রথম গ্রন্থ। নােবেল বটা লাভ কৰাৰ পিছত ৰবীন্দ্রনাথ ঠাকুৰ সুখী হ’ব পৰা নাছিল। সকলােতে এটা গুঞ্জন উঠিছিল যে তেওঁৰ কবি মনৰ উৎস হ’ল খ্রীষ্টিয়ান ধর্ম। ৰাধাকৃষ্ণণৰ দি ফিলচফি অফ ৰবীন্দ্ৰ নাথ ঠাকুৰ” গ্রন্থখনে প্রমাণ কৰে যে ৰবীন্দ্র নাথৰ দৰ্শনৰ মূল উৎস হ’ল ভাৰতীয় বেদ আৰু উপনিষদসমূহ। ইয়াৰ দ্বাৰাই প্রমাণিত হয় যে ভাৰতীয় দর্শন শুকান মৰুভূমি নহয়। ই বৰফৰ তলিত চিৰ প্রৱাহমান শীতল নদী। যাৰ অস্তিত্ব ভাৰতৰ ধর্মীয় বিশ্বাস তথা ভাৰতীয় মানুহৰ জীৱন-যাত্রা, সমাজনীতি, ৰাজনীতি, অর্থনীতি আদি সকলােতে অনুভৱ কৰিব পৰা যায়।

ড° ৰাধাকৃষ্ণণৰ মতে সমৃদ্ধিশালী ভাৰতবৰ্ষৰ বহুতাে লােকেই প্ৰাচুৰ্য্যৰ মাজতাে অসুখী। ইয়াৰ কাৰণ হ’ল আমাৰ অযুক্তিকৰ ভাৱধাৰা। নিজকে সুখী কৰিবলৈ হ’লে এখন নতুন হৃদয় আৰু এযােৰ নয়নৰ প্রয়ােজন। আমি যদি আমাৰ বেয়া গুণসমূহ দমন কৰিব পাৰাে আৰু ভাল গুণসমুহ আকৰ্ষণ কৰিব পাৰে তেতিয়াহ’লে আমাৰ অসুখী মনটো ভাল আৰু সুখী মনলৈ ৰূপান্তৰ হ’ব। তেতিয়া আমি পৃথিৱীত পৰম সুখ লাভ কৰিবলৈ সমর্থ হ’ব পাৰিমহঁক। Essay On Sarvepalli Radhakrishnan.

ড° ৰাধাকৃষ্ণনৰ মতে মহাত্মা গান্ধী কেৱল অহিংসভাৱে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্রাম কৰাৰ হেতু মহান নহয়, তেখেতৰ মহানতা প্রকৃততে তেওঁৰ পৱিত্ৰ জীৱন যাত্ৰাৰ ওপৰত প্রতিষ্ঠিত। ভাৰতীয় দর্শন সাহিত্যৰ প্ৰতিষ্ঠাপক ড° ৰাধাকৃষ্ণণ এগৰাকী প্রকৃত দেশপ্রেমীক আছিল। বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত তেওঁ দিয়া বক্তৃতা সমূহত দেশৰ প্ৰতি থকা তেওঁৰ গভীৰ ভালপােৱাৰ কথা সুস্পষ্টভাৱে প্ৰকাশ পাইছে। তেওঁ এনেদৰে নিজৰ বক্তৃতাৰ জৰিয়তে
দেশবাসীৰ হৃদয়ত স্বদেশ-প্ৰেমৰ বন্তি জ্বলাইছিল।

ড° ৰাধাকৃষ্ণণৰ মতে সদায় সহজ সৰল জীৱন যাপন কৰা, সত্যবাদী হােৱা, শুদ্ধ আচৰণ বিধি শিকা তথা জীৱনক ভালপাবলৈ শিকা আৰু আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিয়াই হৈছে সকলাে ধৰ্মৰ মূলধর্ম। সমাজৰ প্রত্যেক গৰাকী মানুহৰ হৃদয়ত স্বর্গীয় প্রেম জাগৃত হােৱাটো প্রয়ােজন, তেতিয়াহে সমস্যা জর্জৰিত আজিৰ যুগৰ প্ৰতিগৰাকী সমাজপ্রেমী মানুহে বিপদ-আপদ তথা দুখ-যন্ত্রণাৰ পৰা মুক্তি লাভ কৰাটো সম্ভৱপৰ হ’ব। Essay On Sarvepalli Radhakrishnan.

সামৰণি

Essay On Sarvepalli Radhakrishnan, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল একেধাৰে সু-লেখক, সু-চিন্তক, গৱেষক, দার্শনিক তথা সু-সমালােচক। সকলাে ধৰ্মৰ প্ৰতি থকা তেওঁৰ মহানুভৱতাই তেওঁৰ ব্যক্তিত্বত সােণত সুৱগা চৰাইছিল। প্রগতিবাদী ৰাধাকৃষ্ণণ ধর্মীয় কুসংস্কাৰৰ পৰা মুক্ত আছিল। নিজৰ লেখনিৰে গােটেই বিশ্বৰ মন জয় কৰা ড° ৰাধাকৃষ্ণণ ভাৰতবৰ্ষৰ গৌৰৱ। এই চিৰ সেউজ পৃথিৱী যিমান দিন থাকিব সিমান দিনলৈকে ড° ৰাধাকৃষ্ণণ এজন দার্শনিক, সুবক্তা তথা সু-লেখক হিচাপে তেওঁৰ অমূল্য সৃষ্টি সম্ভাৰৰ জৰিয়তে বিশ্ব দৰবাৰত জিলিকি থাকিব।

বর্তমান গােটেই বিশ্বত হিংসাই ছানি ধৰাৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ প্রায় সম্পূৰ্ণৰূপেই ধ্বংসৰ গৰাহত। আজিৰ এই জটিল সময়ত ড° ৰাধাকৃষ্ণণৰ দার্শনিক চিন্তাধাৰাৰ প্ৰাসংগিকতা ভাৰত তথা সমগ্র বিশ্বৰ বাবেই অনস্বীকার্য। ড° ৰাধাকৃষ্ণণৰ নাম আধুনিক ভাৰতৰ ইতিহাসত সদায় স্বর্ণাক্ষৰে জিলিকি থাকিব। Essay On Sarvepalli Radhakrishnan.

Leave a Comment

error: Content is protected !!