Guru Nanak Essay

আৰম্ভণি

Guru Nanak Essay, মহা মনীষাৰ লীলাভূমি ভাৰতৰ বুকুত নৱ অৰুণৰ নৱীন নিয়ত অনিৰ্বচনীয় জ্যোতিৰ মালাৰে দীপ্তিমস্ত হৈ, নৱ প্রভাতৰ মঙ্গল আৰতিৰে মুখৰিত হৈ চতুর্দশ আৰু পঞ্চদশ শতিকা অৱতাৰণা হৈছিল বিশ্ব মানৱৰ অন্তৰে অন্তৰে একমেব অদ্বিতীয় পৰম পুৰুষ চিৰ সুন্দৰ মােহন মুৰুতি আঁকি দি মানৱৰ-প্রেমৰ এনাজৰীৰে জগতক আঁকোৱালি ল’বলৈ। ভাৰতীয় ভাষা, সংস্কৃতি, সভ্যতাৰ জগতত নতুন যুগৰ সূচনা কৰি এই দুই শতিকাই জগৎবাসীক পুনর্বাৰ হৃদয়ংগম কৰােৱালে যে ভগৱানেই চিৰন্তন সত্য আৰু মানৱ-প্রেমেই ভগৱানক আৰাধনাৰ শ্রেষ্ঠতম পন্থা। যিসকল মহা-মানৱৰ অলৌকিক জ্ঞানৰ জ্যোতিমালাই জগতত সৃষ্টি, স্থিতি, প্রলয়ৰ অধিকাৰী ভগৱানৰ অৰূপৰূপক জ্যোতিষ্মন কৰি জগৎ জোনালীময় কৰি তুলিছিল, জাতিভেদৰ মহা-দানৱক মষিমূৰ কৰি সবাৰ উপৰে মানৱ শ্রেষ্ঠ” আৰু “বসুধৈৱ কুটুম্বকম্”– মহাবাণীৰে মানৱ সমাজ উদ্ভাসিত কৰি তুলিছিল সেই সকলৰে অন্যতম হৈছে গুৰু নানক।

জন্ম শৈশৱকাল আৰু শিক্ষা

Guru Nanak Essay, জৰা-মৃত্যুৰ বিভীষিকা, জাতিভেদৰ দানৱীয় গ্রাস আৰু জাৰ্জমকতা, পূজা-পার্বণৰ অন্তঃ সাৰশূন্য বাহ্যিক চিমিকনিয়ে জর্জৰিত কৰা মানৱ সমাজক উদ্ধাৰ কৰিবলৈ ১৪৬৯ খৃষ্টাব্দত লাহােৰ নগৰৰ ষোল্ল কিলােমিটাৰ দক্ষিণে অৱস্থিত তালবণ্ডীত (বর্তমান নাম নানকানা) নানকৰ আৱিৰ্ভাৱ হয়। তেওঁৰ পিতৃ কালু বেদী আৰু মাতৃ ত্রিপতা জাতিত ক্ষত্রিয় আছিল। কালু বেদীয়ে গাঁৱৰ জমিদাৰৰ অধীনত পাটোৱাৰীৰ বিষয় বাব খাইছিল। কুল পুৰােহিত জ্যোতিষ শাস্ত্রজ্ঞ হৰদয়ালে শিশুৰ ভৱিষ্যত মহত্ত্ব গণনা কৰি নাম ৰাখিলে নানক।

নানকে নিচেই কম বয়সতে পণ্ডিত বৈদ্যনাথৰ ওচৰত সংস্কৃত আৰু মৌলবী কুতবুদ্দিন ওচৰত পাৰ্চী আৰু উর্দু ভাষা শিকিবলৈ লয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক-ফলাখন শিকিয়েই কৰতল কমল’ আদি মনােৰম আৰু গভীৰ তত্ত্বমূলক কবিতাটি ৰচনা কৰাৰ দৰেই নানকেও বর্ণমালাৰ প্রতি বর্গ আদি আখৰবােৰ লৈ এটি অতিশয় মনােৰম অথচ জ্ঞাননাদ্দীপ্ত কবিতা ৰচনা কৰি সকলােকে চমৎকৃত আৰু বিস্ময়-বিমুগ্ধ কৰিছিল। শৈশৱতেই তেওঁ ধর্ম-পথৰ প্রতি অতিশয় আকৃষ্ট হৈছিল আৰু সাধু-সন্ন্যাসী দেখিলেই তেওঁ সকলাে কাম পৰিত্যাগ কৰি তেওঁলােকৰ পৰা ধৰ্মৰ বাণী শুনিছিল আৰু উপদেশ গ্ৰহণ কৰিছিল। ন বছৰ বয়সত তেওঁৰ উপনয়ন সম্পন্ন হয়। Guru Nanak Essay.

সংসাৰী বন্ধনৰ বাবে পিতৃৰ প্রচেষ্টা আৰু নানকৰ গৃহত্যাগ

বয়সৰ খােজত আগবাঢ়ি যােৱাৰ লগে লগে নানকৰ সংসাৰৰ প্রতি উদাসীনতাও বাঢ়ি আহে আৰু ধর্মজগতৰ প্ৰতি তেওঁৰ মন প্ৰৱলভাৱে আকর্ষিত হ’বলৈ ধৰে।তাকে দেখি দেউতাকে উপার্জনশীল কামত ব্যস্ত ৰাখিবৰ কাৰণে তেওঁৰ ওপৰত ব্যৱসায়ৰ প্ৰতি অর্পণ কৰে। কিন্তু সমাজৰ মহৎ কল্যাণ সাধনৰ বাবে যাৰ আৱির্ভাব, তেওঁক সংসাৰী বান্ধোনে ধৰি ৰাখে কেনেকৈ। এবাৰ তেওঁ ব্যৱসায় সম্পর্কত যথেষ্ট ধন লৈ এজন বিশ্বস্ত সহকাৰীৰ লগত বাহিৰলৈ যায়। কিন্তু বাটতে কেইজনমান সন্ন্যাসীক লগ পাই তেওঁলােকৰ কথােপকথনত এনেভাৱে মুগ্ধ হৈ পৰিল যে, সকলােখিনি ধন তেওঁলােকৰ শুশ্রুষাতে ব্যয় কৰি ৰিক্ত হস্তে ঘৰলৈ ঘূৰি আহে। তাকে দেখি দেউতাকে তেওঁক ভৎসনা কৰাত তেওঁ পিতৃগৃহ ত্যাগ কৰি চুলতানপুৰৰ ভনীয়েক নানকীৰ ঘৰলৈ গুচি যায়।

Guru Nanak Essay

পুনৰ ব্যৱসায় আৰম্ভ আৰু সম্পন্ন

Guru Nanak Essay.

চুলতানপুৰত ভনীয়েক নানকী আৰু ভনী জোঁৱায়েকৰ নানা প্ৰৰােচনাত পৰি তেওঁ খাদ্য সামগ্ৰীৰ এখন দোকান খােলে। তাত তেওঁৰ প্ৰচুৰ লাভ হয়। সেই সময়তে নানকীৰ প্ৰচেষ্টাত চৌনী নামৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ বিবাহকার্য সম্পন্ন হয়। ইয়াৰ পাছত তেওঁ চুলতানপুৰতে নিজাকৈ গৃহ নির্মাণ কৰি ভার্যাসহ থাকিবলৈ লয়।

কালক্ৰমত নানকে শ্রীচন্দ্ৰ আৰু লক্ষ্মী দাস নামৰ দুটি পুত্র সন্তান লাভ কৰে। দ্বিতীয় পুত্ৰৰ জন্মৰ পাছতে নানকৰ অন্তৰত উমি উমি জ্বলি থকা ধর্মভাব উদ্দীপ্ত হৈ উঠে, তেওঁ গভীৰভাৱে উপলব্ধি কৰিলে যে সংসাৰ অসাৰ; মায়া-পাশৰ জিলমিলনিত মানুহ মুগ্ধ, অথচ এই সকলােবােৰ ক্ষণভঙ্গুৰ আৰু মূল্যহীন।

Guru Nanak Essay

সেয়ে ২৭ বছৰ বয়সত তেওঁ যুৱতী পত্নী, শিশু সন্তান আৰু আত্মীয়-স্বজন সকলােকে এৰি সংসাৰী মায়া-মমতা ত্যাগ কৰি জ্যোতিৰ পথৰ সন্ধানত বাহিৰ হয়। সত্যৰ সন্ধানত তেওঁ দেশদেশান্তৰ ভ্ৰমণ কৰে। কিন্তু তেওঁ দেখিলে সকলােতেই ধৰ্মৰ নামত বাহ্যিক আড়ম্বৰ আৰু জাক্‌জমকতা; ক’তো আন্তৰিকতা নাই; অনুষ্ঠান আছে, হৃদ্যতা নাই; সমাজ আছে সেৱা নাই; বাহ্যিকতা আছে সত্যৰ অন্মেষণ নাই সত্য সন্ধানৰ পথ ধুঁৱলি কুঁৱলি; গুৰু আছে, পথৰ নির্দেশ নাই। সেয়েহে তেওঁ অতিশয় ক্ষুন্ন হ’ল।

সুদূৰ আৰবৰ দুস্তৰ মৰুভূমি অতিক্ৰম কৰি, সত্যৰ সন্ধানত মক্কা নগৰীতাে তেওঁ উপনীত হৈছিলগৈ। কথিত আছে- মক্কাত তেওঁ এদিন মছজিদৰ ফালে ভৰি দি শয়ন কৰিছিল। তাকে দেখি মৌলবীয়ে অতিশয় ক্রোধান্বিত হৈ তেওঁক তিৰস্কাৰ কৰাত তেওঁ অতি বিনয়ভাৱে ক’লে ? “মৌলবী চাহাব। খং কৰিছে কিয়? পৰমেশ্বৰ যি ফালে নাই অনুগ্ৰহ কৰি মােৰ ভৰি দুখন সেই ফালেই ঘূৰাই দিয়ক।” এই কথাত মৌলবী নির্বাক হ’ল। নানকে নানা দেশ পর্যটন কৰিও কতাে সত্যৰ সন্ধান আৰু মনৰ শান্তি বিচাৰি নাপাই ক্ষুব্ধ হৈ স্বদেশলৈ ঘূৰি আহে। Guru Nanak Essay.

দীক্ষা লাভ

ভগৱানে স্ব-প্রেৰিত দূতক আৱশ্যকীয় সময়ত জ্ঞান-জ্যোতিৰে উদ্ভাসিত কৰি তােলে। সময়ত তেওঁলােকে দিৱ-জ্যোতিৰ মংগলময় আলােকত পথৰ সন্ধান পায়। নানকেও পৰম পিতাৰ পৰা আচম্বিতে সেই অনুগ্রহ লাভ কৰিলে। এদিন তেওঁ নদীত গা ধুবলৈ গৈ অদৃশ্য হল। তিনি দিনৰ পাছত তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহিল। প্রবাদ আছে যে সেই কেইদিন তেওঁক বিষ্ণু দূতে বৈকুণ্ঠলৈ লৈ গৈ দীক্ষা প্রদান কৰায় আৰু পৃথিৱীত গুৰু-মহিমা প্রচাৰৰ আদেশ দিয়ে। নানকৰ জ্ঞান-দিগন্তৰ পৰিধিত এই চিৰন্তন সত্যই প্রতিভাত হ’ল—

ঈশ্বৰ এজনেই, তেওঁৰ নাম সত্য, তেৱেঁ সৃষ্টিকর্তা আৰু কাৰণ; তেওঁ নির্ভয় আৰু নিবৈৰী; তেওঁৰ ৰূপ আৰু আকৃতি সময়ৰ পৰিস্থিতিৰ পৰিধিৰ অতীত; তেওঁ সনাতন আৰু জন্ম-মৃত্যুৰহিত। (স্ব প্রকাশ আৰু জ্ঞানৰ দীপ্তিময় স্বৰূপ)। তেওঁক পাবলৈ অকল তেওঁৰহে অনুগ্রহ দৰকাৰ। সৃষ্টিৰ আদিতে তেৱে সত্য আছিল আৰু চাৰি যুগৰ আদিতেও তেওঁ সত্য, এতিয়াও তেৱেঁই সত্য। (অর্থাৎ ঈশ্বৰ বর্তমান, ভূত আৰু ভৱিষৎ সকলাে কালতেই সত্য।) নানকে কয়— তেওঁ ভৱিষ্যততাে সত্য হৈয়ে থাকিব।” Guru Nanak Essay.

পুনৰ সংসাৰী ধৰ্ম প্ৰচাৰ

দিব্য-জ্ঞান লাভ কৰাৰ পাছত ধৰ্মৰ কাৰণে দেশ-ভ্ৰমণ আৰু পৰিয়াল-পৰিজনক ত্যাগ কৰাৰ অসাৰতা উপলব্ধি কৰি নানকে গুরুদাসপুৰ জিলাৰ ইৰাৱতী নদীৰ পাৰৰ কৰতালপুৰ নামে ঠাইত পুনৰ বাসস্থানৰ দিহা কৰি পুত্ৰ-পত্নী সকলােকে আনি অনাসক্ত সংসাৰী জীৱন আৰম্ভ কৰে। এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-ধাৰা আৰু গুৰু নানকৰ জীৱনআৰু ধাৰা একেডালি সূতাৰেই গঁথা। নানকে জীৱনৰ বাকীছােৱা কাল দিব্য -লব্ধ ধর্মজ্ঞান প্রচাৰতেই অতিবাহিত কৰে। তেওঁ প্ৰচাৰ কৰা ধর্মই শিখ ধর্ম। তেওঁৰ বাণীবােৰ লিপিবদ্ধ থকা গ্রন্থখনিৰ নাম “আদি গ্রন্থ”আৰু পাছত ই “গুৰু গ্ৰন্থ চাহিব”নাম খ্যাত হয়। ধর্ম-মন্দিৰসমূহ“গুৰদ্বাৰ” নামে অভিহিত হয়। অমৃতসৰৰ স্বর্ণমন্দিৰ পৃথিৱীৰ বিখ্যাত গুৰুদ্বাৰ। Guru Nanak Essay.

ধর্মমত

শিখ ধৰ্মৰ মতে ঈশ্বৰ এজনেই। তেৱেঁই সর্বশক্তিমান, সর্বময় কর্তা। তেওঁ দয়াৰ সাগৰ ভগৱৎ ভক্তিৰ যােগেদিহে ভগৱৎ প্রাপ্তি ঘটে; ভগৱানৰ নাম, গুৰু ভকতৰ সংগৰ ওপৰত একো নাই। মানৱ সেৱা আৰু মানৱ-প্রেম এই ধৰ্মৰ মূলমন্ত্র। এক ভগৱানৰ স্ৰজিত মানৱৰ মাজত জাতিভেদ, স্পৃশ্য-অস্পৃশ্য, উচ্চ-নীচ ভেদভাব থাকিব নােৱাৰে। সকলাে ভগৱানৰে সন্তান। ব্রাহ্মণ, শূদ্র, হিন্দু-মুছলমান তেওঁৰ মনত সকলাে সমান। অহঙ্কাৰ, অন্যায়, সম্পত্তিৰ লােভ, মােহ ত্যাগ কৰি সৎ জীৱন যাপন কৰা উচিত। সত্য নাম শ্ৰৱণ আৰু কীর্তন–ভগৱৎ প্রাপ্তিৰ একমাত্র পথ। মূর্তি পূজা, ধৰ্মৰ নামত জাকজমকতা মূল্যহীন। নানকৰ মতেও সকলাে জীৱই ভগৱানৰ সন্তান আৰু “কুকুৰ, শৃগাল, গদ্দৰ্ভৰো আত্মাৰাম।” নানকে “সবর্ব-ধৰ্মৰ সমন্বয় সাধন কৰি হিন্দু-মুছলমানৰ মাজত ঐক্য স্থাপনেৰে মানৱ-প্ৰেম আৰু মানৱ-সেৱাৰ জ্বলন্ত আদর্শ দাঙি ধৰি থৈ গৈছে। Guru Nanak Essay.

শিখসকলৰ বিশেষত্ব

শিখ ধর্মী লােকসকল উদাৰ, কষ্ট-সহিষ্ণু, সেৱপৰায়ণ আৰু দৃঢ়মনা। এইবােৰ গুণৰাজি গুৰু নানক আৰু তেওঁৰ পাছৰ গুৰুসকলৰ মহৎ অৱদান। শিখসকলে জীৱদ্দশাত পাঁচটি বিশেষত্ব ৰক্ষা কৰি চলে, ১-কেশ—দীর্ঘ কেশ প্রাচীনকালৰ ঋষি-মুনিসকলৰ পৱিত্র শিখসকলৰ জীৱনধাৰাৰ প্রতীক। এতেকে জন্মাবধি চুলিৰখা; (২) কঙঘা–শৃঙ্খলাৰ প্রতীক। এতেকে চুলি পৰিপাটিকৈ ৰাখিবলৈ ফণিৰ ব্যৱহাৰ; (৩) কচ্ছ-কর্ম শক্তি আৰু তৎপৰতাৰ প্ৰতীক, গতিকে খৰতকীয়া কামৰ বাবে উপযােগী সাজ; (৪) কড়া দৃঢ়তাৰ প্রতীক আৰুৰক্ষা কৱচৰূপে লােহাৰ খাৰু পৰিধান আৰু (৫)কৃপাণ শৌর্যবীর্যৰ প্রতীক আৰু আত্মৰক্ষাৰ সম্বল তৰােৱাল লগত ৰখা। এইকেইটা বিশেষত্ব দশম গুৰু গােৱিন্দ সিংজীৰ সংযােজনা।

ভগৱৎ-ভক্তি, ঐক্য, শান্তি আৰু মানৱ-প্রেমৰ প্রবক্তা এই গৰাকী মহাপুৰুষে হিন্দু আৰু ইছলাম ধৰ্মৰ মহান বাণীসমূহৰপৰা “হংসৈৰ্যথাক্ষীৰম্ ইবাম্বু মধ্যাৎ”- সাৰ সংগ্ৰহ কৰি হিন্দু আৰু মুছলমানসকলক প্ৰেমৰ ডােলেৰে বান্ধি ভাৰতৰ পশ্চিম প্রান্তত এখনি সাম্যৰ সৰগ ৰচি থৈ গৈছে। Guru Nanak Essay.

সামৰণি

১৫৩৯ খৃষ্টাব্দত এইগৰাকী মহাপুৰুষে ইহলীলা সম্বৰণ কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইহলীলা সম্বৰণ কৰােতে যিদেৰ তেওঁৰ শৱদেহৰ সলনি এপাহ পদুম ফুলহে পােৱা হৈছিল, সেইদৰে গুৰু নানকদেৱৰ শৱদেহৰ সলনিও কিছুমান সুগন্ধযুক্ত ফুলহে পােৱা হৈছিল। মহাপুৰুষসকলৰ বাণী জীৱনধাৰাৰ এনে সাদৃশ্য কেৱল আধ্যাত্মবাদী ভাৰতীয় সমাজতহে সম্ভৱ। বৰ্তমানৰ সাম্প্রদায়িক বিভেদ জর্জৰিত ভাৰতীয় সমাজত গুৰু নানকদেৱৰ সম্প্ৰীতিৰ মহান -আদৰ্শৰ পুনৰ পুষ্প বৰিষণ হওক। Guru Nanak Essay.

Leave a Comment

error: Content is protected !!