Kalaguru Bishnu Prasad Rabha

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা (Kalaguru Bishnu Prasad Rabha), কুৰি শতিকাত অসম মাতৃভূমিৰ উন্নতিৰ বাবে, মানৱ সমাজৰ হিতৰ বাবে, সাহিত্য কৃষ্টি-সংস্কৃতিৰাজনীতি-সমাজনীতি-সংগীত-নৃত্য সকলাে দিশতে আগুৱাই নিবৰ বাবে যিসকলে অহৰহ সেৱাৰ মনােভাৱেৰে কাম কৰিছিল সেইসকলৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভাৰ নাম চিৰ স্মৰণীয়।মধ্যযুগীয়া অসমত স্বৰ্ণযুগৰ প্ৰতিস্থাতা মহাৰপুৰুহ শ্ৰী মন্ত শংকৰদেৱৰ পৰিৱৰ্তী যুগত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ  ভাৱে প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক ঐশ্বৰ্যমণ্ডিত কৰিছে সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা আছিল অন্যতম । কৃষ্টি-সংস্কৃতিৰ সৈতে মানুহৰ সম্পূৰ্ণ  নিগুৰ সকলো প্ৰকাৰৰ শোষণ-নিপীড়ণৰ উচ্ছেদ সাধনৰ হকে শিল্পী সাহিত্যৰ সৰ্বাধিক ।

জন্ম আৰু শিক্ষা

Kalaguru Bishnu Prasad Rabha.

বিষ্ণুৰাভাৰ দেউতাক গােপাল চন্দ্র ৰাভা ইংৰাজ চৰকাৰৰ অধীনত সশস্ত্র বাহিনীৰ চুবেদাৰ মেজৰ চাকৰি কৰিবর্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত থাকোতে ১৯০৯ চনত ঢাকাত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হয়। সেইসময়ত বর্তমান বাংলাদেশ ভাৰতৰ মানচিত্ৰত আছিল। বিষ্ণু ৰাভাই প্রাথমিক শিক্ষা লাভ কৰে ঢাকা চহৰতে। শিক্ষাৰ মাধ্যম আছিল বাংলা ভাষা। দেউতাক চুবেদাৰ মেজৰ আছিল যদিও সংগীত প্রেমী আছিল। ঘৰখনত সংগীত-চর্চা চলিছিল বাবে বিষ্ণুৰাভাৰ মন শিশুকালতেই সুকুমাৰ কলাৰ প্রতি ধাৱমান হৈছিল। দেউতাকৰ আর্থিক অৱস্থাও ভাল আছিল। অভাৱ কি অনুভৱ কৰা নাছিল; কিন্তু নিয়তিৰ কুটিল পৰিহাসত দেউতাকৰ অকালতে মৃত্যু ঘটাত তেওঁলােকৰ পৰিয়াল ১৯১৭ চনত ঢাকাৰ পৰা তেজপুৰৰ নিজা ঘৰলৈ আহিব লগা হ’ল। Kalaguru Bishnu Prasad Rabha.

তেজপুৰৰ পৰাই ১৯২৬ চনত বিষ্ণু প্ৰসাদ ৰাভাই প্রথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। দেউতাকৰ মৃত্যুৰ পাছত তেওঁলোেক আর্থিক অনাটনত ভুগিব লগা হৈছিল। তাৰ মাজতে বিষ্ণু ৰাভাই অসীম ধৈর্যৰে সংগীত-চর্চা নৃত্যগীতবাদ্যৰ অনুশীলন কৰি নিজক গঢ় দিয়াৰ যত্ন কৰিছিল। হাইস্কুলত পঢ়ি থকা অৱস্থাতে আজৰি সময়ত ফুটবল, ভলীবল, বেডমিন্টন, টেনিচ আদি খেলি নিজৰ যােগ্যতাৰ পৰিচয় দিব পাৰিছিল। ছাত্র হিচাপেও বিষ্ণুৰাভা তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। প্ৰৱেশিকা পৰীক্ষাত বৃত্তি লাভ কৰিছিল। বিষ্ণু ৰাভাই কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা আই.এছ.চি. পাছ কৰি বি.এছ.চি পঢ়িবৰ বাবে নাম ভর্তি কৰে।

মহাত্মা গান্ধীৰ নেতৃত্বত সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষতে স্বাধীনতা সংগ্রাম বিয়পি পৰিছিল। কিছুমানে মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ বিপৰীতে সশস্ত্র বিপ্লৱক সমর্থন কৰিছিল। বিষ্ণুৰাভাৰ মনাে সশস্ত্র বিপ্লৱৰ প্ৰতি ধাৱমান হৈ গােপনে তাত যােগদান কৰিছিল। পঢ়াৰ প্রতি অনীহা হ’ল। কিন্তু চোৰাংচোৱাৰ দৃষ্টি আকর্ষণ হােৱাৰ কথা গম পাই বিষ্ণুৰাভাই কলিকতা ত্যাগ কৰিব লগা হ’ল। Kalaguru Bishnu Prasad Rabha.


কোচবেহাৰলৈ আহি তাত বি.এ. পঢ়িবলৈ এখন কলেজত নাম লগাই পঢ়িবলৈ পুনৰ আৰম্ভ কৰে৷ ৰাভাৰ সাহসী মনটো বৃটিছ চৰকাৰৰ প্রতি বিদ্রোহী হৈ উঠিছিল। এদিন নিশা অতি সন্তর্পণে গৈ এজন বৃটিছ এজেণ্টৰ চৰকাৰী কাৰ্যালয়ৰ ঘৰৰ মূধচত উৰি থকা বৃটিছ চৰকাৰৰ পতাকাখন নমাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন আঁৰি দিলে। পিছ দিনা পুৱাৰে পৰা দোষীক বিচাৰি বৃটিছৰ পুলিচে চতুর্দির্শ চলাথৰাৰ কথা জানিব পাৰি বিষ্ণুৰাভাই কোচবেহাৰাে ত্যাগ কৰিব লগা হ’ল। ইয়াৰ লগে লগে বিষ্ণুৰাভাৰ আনুষ্ঠানিক শিক্ষাৰাে অন্ত পৰিল।

বিষ্ণুৰাভাৰ অভিজ্ঞতা

Kalaguru Bishnu Prasad Rabha.

বিষ্ণুৰাভাই কোচবেহাৰ পৰা অসমলৈ আহি বিভিন্ন ঠাই ঘূৰি-পকি অনানুষ্ঠানিক শিক্ষাৰ কঠীয়াতলীখন চহাবলৈ ধৰিলে। সকালতে চর্চা কৰা নৃত্য-গীত, বাদ্য আদিৰ চৰ্চা কৰাত লাগিল। বৰপেটাত কিছুদিন থাকি সত্ৰীয়া নৃত্যগীতবাদ্যৰ বহুত শিক্ষা গ্রহণ কৰিছিল। গাঁৱে-গাঁৱে ঘূৰি পকি আইনাম, বিহুগীত, লােকগীত, টোকাৰী গীত আদিৰ বিভিন্ন লােকগীত, লোক নৃত্যৰ বিভিন্ন জ্ঞান অর্জন কৰিছিল।

এই সময়ছােৱাত ৰাভাই আত্মগােপন কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰাৰ সময়।ইঠাইপৰা সিঠাইলৈ গৈ ঘূৰি ফুৰোঁতে আহৰণ কৰা অভিজ্ঞতাই ৰাভাৰ শিল্প-কবিতা সাহিত্য, সাংগীতিক মনটো পূৰঠ কৰি তুলিছে। বিভিন্ন ঠাইত থাকোতে বহুতাে গীত, কবিতা ৰচনা কৰিলে। গীতৰ সুৰ দিলে। কলিকতালৈ গৈ গীত, আলেখ্য আদি বাণীবদ্ধ কৰি নিজকে প্রতিষ্ঠা কৰাত ব্যস্ত হৈ পৰিল। বৰপেটাত থাকোঁতে সত্ৰীয়া নৃত্যৰ যি অনুশীলন কৰিছিল তাৰ ভিতৰত শিৱৰ তাণ্ডৱনৃত্য আছিল উল্লেখনীয়। বিষ্ণু ৰাভাই পৰিৱেশন কৰা শিৱৰ তাণ্ডৱনৃত্য দেখি ভাৰতৰ খ্যাতিসম্পন্ন নৃত্য শিল্পী উদয় শংকৰে ভূয়সী প্রশংসা কৰিছিল। তদুপৰি  তেওঁ সুন্দৰ গীত গায় , নাচে , অভিনয় কৰে , চিত্ৰ আঁকে।

১৯৪০ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ উপাচার্য হৈ থকাৰ সময়ত বিষ্ণুৰাভাৰ শিৱৰ তাণ্ডৱনৃত্যত সন্তুষ্ট হৈ ‘কলাগুৰু’ উপাধি প্রদানৰ লগতে সােণৰ পদকেৰে সন্মানিত কৰে। চিৰাজ’ কথাছবিৰ বিষ্ণুৰাভা আছিল অন্যতম পৰিচালক। জীৱনত বিভিন্ন ঠাইত আহৰণ কৰা অভিজ্ঞতা, নৃত্য-গীত আদিৰ অনুশীলনে বিষ্ণু ৰাভাক গীতিকাৰ, সুৰকাৰ, নৃত্যবিশাৰদ হিচাপে পৰিচয় দিয়াৰ উপৰিও বিষ্ণুৰাভাই চিত্ৰকৰ, খেলুৱৈ, অভিনেতা কবি-সাহিত্যিক ৰাজনীতিবিদ হিচাপেও যােগ্যতা প্রকাশ কৰিছিল।

কলিকতালৈ গৈ জয়মতী, বেউলা, ৰতনী, জন্মাষ্টমী, বৰদৈচিলা, শংকৰদেৱ-মাধৱদেৱ আদি নাটক কেইখনৰ ৰেৰ্কডৰ কাম কৰিছিল। নটৰাজ, সুৰদেৱী, আদি ভ্রাম্যমান থিয়টাৰৰ দল সমূহক সহযােগিতা আগবঢ়াইছিল।‘অ’অসমীয়া ডেকা দল’‘সুৰৰে দেউলৰে ৰূপৰে শিকলি আদি গীতবিলাক বর্তমানাে অসমীয়া সমাজৰ প্ৰিয় গীত। ৰাভাৰ গীত বিলাকক ‘ ৰাভা সংগীত নামকৰণ কৰি তেখেতৰ প্রতি সম্মান প্রদর্শন কৰা হৈছে। Kalaguru Bishnu Prasad Rabha.

বিষ্ণুৰাভাৰ ৰাজনৈতিক জীৱন

Kalaguru Bishnu Prasad Rabha.

গীতিকাৰ, সুৰকাৰ, কবি-শিল্পী বিষ্ণুৰাভাই ১৯৪৬ চনত ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পার্টিতে যােগ দি প্রত্যক্ষভাৱে ৰাজনীতিত জড়িত হৈ পৰিল। তেওঁৰ ভাৱ হৈছিল মানুহে সাংস্কৃতিকভাৱে জীয়াই থাকিবলৈ ৰাজনৈতিক শােষণৰ পৰা মুক্ত হ’ব লাগিব। ভাৰতৰ স্বাধীনতা প্রকৃত স্বাধীনতা নহয় বুলি ৰাভাই ঘােষণা কৰিছিল। অসমৰ জগগণৰ লগত আজীৱন সম্পর্ক ৰক্ষা কৰি থকা বিষ্ণুৰাভাই শােষণ মুক্ত এখন সমাজৰ কথা ভাৱিছিল। তাকে কৰিবলৈ ৰাভাই হাতত বন্দুক তুলি লৈ সশস্ত্র বিপ্লৱত জপিয়াই পৰিল। চৰকাৰে ৰাভাক ধৰি দিয়া জনক দহ হাজাৰ টকা পুৰস্কাৰ দিয়াৰ কথা ঘােষণা কৰিলে।

ৰাভাই অসমৰ গাঁওবােৰৰ মাজতে আত্মগােপন কৰি থাকিল । দুখীয়া দৰিত্ৰ-শ্রমিক কৃষকসকলে টকাৰ আশাত কোনেও বিষ্ণুৰাভাক পৰিচয় কৰাই নিদিলে। তথাপি বিষ্ণু ৰাভাই ১৯৫০ চন আৰু ১৯৬২ চনত দুবাৰকাৰাবাস খাটিব লগা হৈছিল। ১৯৬২ চন তেওঁক তেজপুৰত অতি নিষ্ঠুৰভাৱে বান্ধি কাৰাগাৰলৈ পঠোৱা হৈছিল। এই কাৰাবাসে বিষ্ণুৰাভাৰ স্থান আৰু মান অৱনমিত কৰিব পৰা নাছিল। ১৯৬৭ চনত তেওঁ তেজপুৰ সমষ্টিৰ পৰাই বিধান সভাৰ সদস্যৰূপে জয় লাভ কৰে।Kalaguru Bishnu Prasad Rabha.

সামৰণি

Kalaguru Bishnu Prasad Rabha.

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৪৬ চনৰপৰা প্রত্যক্ষভাৱে ৰাজনীতিত জড়িত হৈ প্রাণ ৰক্ষাৰ বাবে বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হােৱাত সাহিত্য-সংস্কৃতি, গীত-মাত, নৃত্যবাদ্যৰ বিকাশৰ ক্ষেত্ৰত লােৱা বহুত কাম আধৰুৱা হৈৰ’ল। বহুতাে লেখা য’তে-ত’তে এৰি থৈ আহিছিল। ৰাজনৈতিক জগতখনলৈ নােযােৱা হ’লে বিষ্ণুৰাভাৰ পৰা অসমে আৰু বহুত বস্তু লাভ কৰিলেহেঁতেন। দীর্ঘদিন ধৰি কৰা অনিয়মৰ ফলত বিষ্ণুৰাভা ৰােগাগ্রস্ত হৈ ১৯৬৯ চনৰ ১৯ জুন তাৰিখে শেষ নিশা জীৱন নাটৰ সামৰণি মাৰে। বর্তমান বিষ্ণুৰাভা কায়িকভাৱে নাথাকিলেও তেওঁ অসমবাসীক দি থৈ যােৱা গীত আৰু সুৰৰ ধ্বনিৰ মাজত সদায় জীৱিত হৈ ৰ’ৱ।

Leave a Comment