Kushal Konwar | কুশল কোঁৱৰৰ বিষয়ে ৰচনা

কুশল কোঁৱৰ বিষয়ে ৰচনা | কুশল কোঁৱৰ কোন স্কুলৰ ছাত্ৰ আছিল | কুশল কোৱৰ বিষয়ে | কুশল কোঁৱৰ কাৰ আজোনাতি? | কুশল কোঁৱৰ নাটকৰ ডাৰোগাজনৰ নাম কি | কুশল কোঁৱৰ কাৰ আজো নাতি | কুশল কোঁৱৰ ৰচনা | কুশল কোঁৱৰ কোন আছিল | কুশল কোৱৰ | কুশল কোৱৰ নাটক | কুশল কোঁৱৰ question answer | কুশল কোঁৱৰৰ বিষয়ে | কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক | কুশল কোঁৱৰৰ মাতৃৰ নাম কি | kushal konwar in assamese
কুশল কোঁৱৰ নাটক | কুশল কোঁৱৰ কাৰ আজো নাতি আছিল | কুশল কোঁৱৰ নাটকত কেইটা দৰ্শন আছে | কুশল কোঁৱৰ নাটক pdf | kushal konwar | কুশল কোঁৱৰৰ শেষ বাণী কি আছিল | কুশল কোঁৱৰ নাটকৰ পটভূমি কি | কুশল কোঁৱৰে কোন চনত বিয়া পাতিছিল আদিকে ধৰি এই লিখনি টোত কুশল কোঁৱৰৰ জীৱনৰ ওপৰত সম্পূৰ্ণ আলোকপাত কৰা হৈছে |

আৰম্ভণি

শ্বহীদ কুশল কোঁৱৰ

Kushal Konwar, ভাৰত স্বাধীনৰ বাবে অসমৰ ভূমিকা সেইটো ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ অতুলনীয় বুলি ক’ব পাৰি। ভাৰতৰ স্বাধীনতা সংগ্রামত অসমৰ বহুকেইজন ডেকা, মহিলাই নিজৰ প্রাণ দি শ্বহীদ হৈ ভাৰত স্বাধীন কৰাৰ কথা ইতিহাসত জিলিকি আছে। বহুবােৰ অসমীয়া ডেকাই ভাৰত জাতীয় কংগ্ৰেছত যােগদান কৰি স্বাধীনতা সংগ্রামতাে আগবঢ়াই নিছিল। বহু ডেকা-গাভৰুৱে নিজৰ বুকুট গুলি লৈ এই সংগ্ৰামত তেজ বােৱাই ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত সহায়ৰ অৱদান যােগাই। সেইসকলৰ নাম হ’ল—কনকলতা, মুকুন্দ কাকতি, ভােগেশ্বৰী ফুকননি, তেলেশ্বৰ বৰুৱা, কুশল কোঁৱৰ আৰু বহুতাে।

এই সকলােৰে ভিতৰত কুশল কোঁৱৰৰ নাম বিশেষকে ল’ব পাৰি। কাৰণ তেওঁ ১৯৪২ চনৰ আন্দোলনত অসমৰ ছহিদ হােৱা ব্যক্তি। তেওঁৰ সকলাে জীৱনৰ আশা-লােভ, দুখ বাদ দি নিজ মাতৃভূমি ৰক্ষাৰ বাবে প্রাণ দিছিল। কুশল কোঁৱৰৰ যি অসম বা ভাৰতীয় স্বাধীনতা সংগ্রামলৈ অৱদান তাৰ ফল তেওঁ ফাঁচিৰ দ্বাৰাহে পাইছিল। কিয়নাে তেওঁক বিভিন্নভাৱে দোষাৰােপ কৰি ফাঁচি দিয়া হৈছিল। তেওঁৰ যি অৱদান অসমলৈ সেই সকলােবােৰৰ বাবে, অসমীয়া জাতি থাকে মানে, কুশল কোৱৰৰাে নাম আমাৰ মাজত জিলিকি থাকিব। কিয়নাে যি লােকে । নিজৰ দেশ বা জাতিৰ প্রতি মৃত্যু বৰণ কৰে তেওঁলােকে পৃথিৱীত ছহিদ হিচাপে সকলােৰে মনত থাকে। Kushal Konwar.

কুশল কোঁৱৰৰ জন্ম

কুশল কোঁৱৰৰ জন্ম হয় এটি মধ্যমীয়া বৃত্তিৰ শ্ৰেণীৰ পৰিয়ালত। তেওঁৰ জন্ম স্থান আছিল গােলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাউডং চাৰিআলিত। তেওঁ জন্ম গ্রহণ কৰে ১৯০৫ চনৰ ২১ মার্চ তাৰিখে। কুশল কোঁৱৰ(Kushal Konwar) আন শিশুৰ দৰে মাক-দেউতাকৰ প্রিয় আছিল। তেওঁৰ পিতাকৰ নাম আছিল সােনাৰাম কেঁৱৰ আৰু মাকৰ নাম আইছল কণপাহি ওৰফে কনকেশ্বৰী কেঁৱৰ। তেওঁলােকৰ ল’ৰাছােৱালীৰ ভিতৰত পঞ্চমজন আছিল কুশল কোঁৱৰ। কুশল কোঁৱৰৰ পিতৃ সােনাৰাম কোৱৰ আছিল এজন ব্যৱসায় বাণিজ্যৰ লােক। সােনাৰাম কেঁৱৰৰ এজন পৰম বন্ধু লগ পাইছিল।Kushal Konwar.

কুশল কোঁৱৰ Question Answer

Q: কুশল কোঁৱৰ কাৰ আজোনাতি?

Ans: লালৈ কোঁৱৰৰ ।

Q: কুশল কোঁৱৰ কোন স্কুলৰ ছাত্ৰ আছিল ?

Ans: ১৯১২ চনত কুশল কোঁৱৰে বালিজান প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰে আৰু ১৯২১ চনত গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সমাপ্ত কৰে।

তেওঁৰ লগত লগ লাগি সােনাৰাম কোঁৱৰেও ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু কাৰণবশতঃ মিগৰ উইলচন ইংলেণ্ডলৈ যায় গৈ। সেই সােনাৰাম কেঁৱৰৰ ব্যৱসায়ত বিভিন্ন ধৰণে লােকচান হ’বলৈ ধৰে। সেইবাবে তেওঁ নিজৰ পিতৃৰ সম্পত্তি বালিজান বাদ দি গুচি যাবলগীয়া হৈছিল। কোৱা মতে, কুশল কোঁৱৰ আদি পুৰুষ লালৈ কোৱৰ। আৰু তেওঁৰ পুত্ৰ নন্দৰাম। নন্দৰামে নিজৰ পৰিয়াল লৈ লােকোবা পৰা গােলাঘাটৰ বালিজানত বাসস্থান কৰেহি। কিয়নাে সেইদিনত মানৰ আক্রমণ তাত বহু ধৰণে চলিছিল। নন্দৰামৰ নাতি আছিল সােনাৰাম আৰু সােনাৰামৰ বিষয়ে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যদেৱে এনেদৰে কৈছে যে “বহুতে কুশলৰ কথা জানে, কিন্তু কোৱৰৰ কথা নাজানে।Kushal Konwar.

কুশল কোঁৱৰহঁত কমলেশ্বৰ সিংহৰ বংশধৰ বুলি মােক তেওঁৰ বংশৰ বুঢ়া এজনে ক’লে। ৰজাৰ পােৱালি। তাতে ফচিকাঠত ওলমা মণিৰামক সোঁহাত স্বৰূপে লৈ শেষবাৰলৈ বৃটিছ খেদিবলৈ ওলােৱা ৰজা তেওঁ। তেওঁৰ বংশৰ লৰাই ডেৰশ বছৰৰ পিছত ভাৰত ত্যাগ কৰা’ আন্দোলনত ফাচি যাব তাক বাৰু কোনে জানিছিল? সিংহৰ ল’ৰা সিংহ হয় বােলা প্রবচনটি ঐতিহাসিক সত্য নহয়, কিন্তু কুশলৰ ক্ষেত্ৰত ই বােধহয় ব্যতিক্রমহে। বংশৰ জ্যেষ্ঠজনে মােক কৈছিল—তেওঁলােকৰ ভাল আৰু পথাৰলৈ উঠি অহাৰ আগতে ফৰকাটিং চাৰিআলিত আছিল। ফৰকাটিঙলৈ কেতিয়া আহিল তাক নাজানাে।” Kushal Konwar.

শিশুকাল আৰু শিক্ষা জীৱন

শিশু কালত ব্যৱসায়ীৰ পুত্ৰ হিচাপে সহজ সৰল হিচাপে নিজৰ জীৱন-যাপন কৰিছিল। নিজ সমনীয়াৰ লগত বিভিন্ন ধৰণৰ খেলধেমালীৰে শিশু কালছােৱা পাৰ কৰিছিল। আনহাতে, তেওঁ বাহী, খােল আদি সৰুকালৰ পৰাই বজোৱা আৰম্ভ কৰিছিল। কুশল কোঁৱৰৰ শিক্ষা জীৱন আৰম্ভ হয় বালিজানতে। ১৯১২ চনত কুশল কেঁৱৰ(Kushal Konwar) বালিজান প্রাথমিক বিদ্যালয়ত নাম ভর্তি কৰে আৰু তেওঁ প্ৰাৰম্ভিক শিক্ষা তাৰ পৰাই আৰম্ভ কৰে। ইয়াৰে পিছত তেওঁ ১৯১৮ চনত প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰে। আৰু সেই চনতে তেওঁক গােলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী স্কুলত নামভর্তি কৰে।

কুশল কোৱৰে নিজৰ শিক্ষা সমাপ্ত কৰে ১৯২১ চনত আন বহু ছাত্র-ছাত্রীৰ লগত। তেওঁৰ তেতিয়া ১৭ বছৰ বয়স হৈছিল, যেতিয়া তেওঁ অষ্টম শ্রেণী পাছ কৰিছিল। স্কুলীয়া জীৱনত তেওঁৰ কিছু ঘটনা ঘটিছিল। তেওঁ যেতিয়া বেজবৰুৱা স্কুলত পঢ়ি আছিল, জালিয়ানৱালা বাঘ’ ১৯১৯ ৰ পিচতে, গান্ধীজীৰ স্বাধীনতা আন্দোলন সমগ্ৰ ভাৰততে বিয়পিছিল। সেয়ে বাবে ১৯২০ চনত কংগ্ৰেছ অধিবেশন নাগপুৰত বহিছিল। এই অধিবেশনৰ লক্ষ্য আছিল সম্পূর্ণ স্বৰাজ’। আৰু ১৯২১ চনত স্বাধীনতা আন্দোলনত এটি নতুন পথলৈ টাল খাইছিল। অসহযােগ আন্দোলন সমগ্র ভাৰতৰ চুকে কোনে আৰম্ভ হৈছিল। Kushal Konwar.

প্রথমবাৰৰ বাবে স্কুলীয়া, কলেজীয়া ছাত্রছাত্ৰীয়ে দেশৰ স্বাধীনতা আন্দোলনত আগভাগ লৈছিল। এই নেতৃত্বত আছিল মহাত্মা গান্ধীজী। সেই সোঁত অসম ফালেও বলিবলৈ লৈছিল। গান্ধীজীৰ নীতি আছিল যে সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শিক্ষাৰ ক্ষেত্ৰত কোনাে সহযোেগ নকৰা। বিদেশী বস্ত্ৰ আৰু সামগ্রিক বহিষ্কাৰ কৰা। সেয়ে অসমৰ স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও এই আন্দোলনত ভাগ লৈছিল। ইয়াৰে মাজত আছিল কুশল কোঁৱৰে। তেওঁ গান্ধীৰ আদর্শবােৰ অতিকৈ ভাল পাইছিল। সেইবাবে তেওঁ এই আন্দোলনত আগভাগ ল’বৰ বাবে নিজৰ নাম দিছিল। কিন্তু এইক্ষেত্ৰত বাপেকে কুশল কোৱৰক(Kushal Konwar) বহুতাে গালি পাৰিছিল। কিন্তু কুশল কোঁৱৰ মান্তি নহৈছিল আৰু যাবলৈ জেদ কৰিছিল।

সেই সময়ত বাপেক সােনাৰাম কোৱৰ অর্থনৈতিক দুর্বলতাত ভুগিছিল, কিয়নাে তেওঁৰ বন্ধু উইলচন ইংলেণ্ডলৈ যাত্ৰা কৰিছিল। সেয়ে, তেওঁ নিজৰ ব্যৱসায় বাণিজ্যত অতিকৈ লােকচানৰ মুখ দেখিছিল। আনকি নিজৰ পিতৃৰ সম্পত্তি বাদ দি, বাসস্থান এৰি যাবলগীয়া হৈছিল ৰেংমাইলৈ। তাতে তেওঁলােকে জীৱনৰ নতুন যাত্ৰা আৰম্ভ কৰিলে। কুশল কোঁৱৰৰ স্বাধীনতা বা দেশ প্রেমৰ ভাব স্কুলীয়া জীৱনৰ পৰাই আছিল। কিয়নাে তেওঁ পূর্ব আন্দোলনকাৰীৰ কথা গম পাইছিল। কিন্তু বাপেকে এই কথা বিৰােধীতা কৰিছিল। কিয়নাে দেউতাকৰ উপৰি পুৰুষেও নিজৰ দেশক স্বাধীনতা দিবলৈ নােৱাৰিলে গৈ। Kushal Konwar.

Unknown Assam

চাকৰিৰ জীৱন

Kushal Konwar, দেউতাকৰ আর্থিক অঘটন, নিজৰ পৰিয়ালৰ পৰিস্থিতি একেবাৰে বেয়া কৰিছিল। নিজৰ সকলাে এৰি তেওঁলােক ৰেংমাইলৈ যাত্ৰা কৰিব লগা হয়। কুশল কোঁৱৰ ৰেংমাইত বহু বন্ধুৰ লগত মিলি যাব ধৰিলে আৰু তেওঁ ৰেংমাইৰ সামাজিক জীৱনটো আকোৱালি লৈছিল। তেওঁ তাতে বহুতাে সামাজিক অনুষ্ঠানত যােগদান কৰিছিল। আৰু সামাজিক কামত মনযােগ বাঢ়িল, সেয়ে তেওঁ সামাজিক কর্মকর্তা হিচাপে পৰিচিত হ’ব ধৰিলে। তেওঁ তাতে বহুতাে মানুহৰ মাজত স্বাধীনতাৰ কথা বার্তা বিলাইছিল।ৰেংমাইত, স্থানীয় বাসিন্দাৰ লগত মিলি এখন প্রাথমিক বিদ্যালয়ৰ আৰম্ভ কৰে।

তাতে তেওঁ শিক্ষকতাৰ চাকৰি কৰিবলৈ লয়, অবৈজ্ঞানিকভাৱে। কিন্তু তেওঁৰ পিতৃ সােনাৰাম কেঁৱৰে এই কথা ভাল পােৱা নাছিল। কিয়নাে তেওঁ ভাবিছিল যে, শিক্ষকতা কৰি একো লাভ নহয়, কাৰণ তেওঁৰ অর্থনৈতিক দিশটো অতিকৈ দুর্বল হৈ পৰিব, কিয়নাে ঘৰুৱা যিটো বিপদৰ মাজেৰে নিজৰ পৰিয়ালটো দুখ ভূগি আছিল তাৰ বাবে এনেকুৱা চাকৰি কৰা কোনাে জ্ঞানীৰ কাম নহয়। এই গালি শপনি খােৱাৰ পিছত, কুশল কোঁৱৰে(Kushal Konwar) চাহ বাগানত কাম কৰিবলৈ চিন্তা কৰিলে। কিন্তু তেওঁৰ মনত এটা কথাই বহুভাবে আমনি কৰিছিল যে, তেওঁৰ স্বাধীনতাভাব’ৰ মনতাে বৃটিছৰ অধিনত কাম কৰাটো ভাল হ’ব নে নহব। কিয়নাে তেওঁ ইতিমধ্যে স্বাধীনতাৰ বাবে গান্ধীজীৰ আদৰ্শ কথা শুনি ডাঙৰ হৈছিল আৰু গান্ধীজী আছিল তেওঁৰ প্রিয় আদর্শবাদী নেতা। Kushal Konwar.

কিন্তু, সেই সময়তে তেওঁৰ সুভাগ্যই কপাল ফুলালে, বালিজানত, অসমীয়া চাহ বাগান এখন খুলিলে বিশ্বেচৰ শৰ্মা নামৰ মানুহ এজনে। দেউতাকৰ ঘৰ চলােৱাৰ আৰ্হি মানি তেওঁ বিশ্বেচৰ শৰ্মাদেৱৰ চাহ বাগানত ১৭ জুন, ১৯২৭ চনৰ পৰা পৰ্যবেক্ষক হিচাপে কাম কৰিবলৈ লয়। ইয়াৰ পিছতেই তেওঁ সেই বাগানত কেৰাণী হিচাপে চাকৰি কৰে। তেওঁ ১৯২৭ চনৰ পৰা ১৯৩৬ চনলৈকে সেই বাগানত কাম কৰে, মুঠ ন বছৰ। কুশল কেঁৱৰৰ পৰিয়ালৰ কিছু এটা পৰিয়ালৰ সম্পত্তি অলপ বালিজানত আছিল। তেও যেতিয়া বিশ্বেশ্বৰ শৰ্মাৰ বাগানত কাম কৰিছিল তেতিয়া তেওঁ তাতে বাস কৰিছিল।

তেওঁ যেতিয়া ঘৰলৈ ঘূৰি আহে তেতিয়া কংগ্ৰেছৰ সহকর্মী কোঁৱৰৰ(Kushal Konwar) লগত মিলি বিভিন্ন বার্তা, আলােচনা, সভা আদি পাতিছিল আৰু কিছু পৰিমানে সাংগঠনিক কর্মতাে তেওঁ লিপ্ত হৈ আছিল কংগ্ৰেছ দলৰ বাবে। তেওঁ ডেকা কালত অতিকৈ এজন সুন্দৰ পুৰুষ আছিল আৰু লগতে চাকৰিও আছিল। কিন্তু তেওঁ নিজকে এজন সমাজত প্রতিষ্ঠাপক বা বহু পৰিমাণৰ ধন উপার্জন কৰিবলৈ ভাল নাপাইছিল। কিয়নাে তেওঁৰ সৰুৰে পৰা স্বাধীনতা আন্দোলনৰ প্ৰতিহে মনটো গঢ়িছিল। সেই বাবে তেওঁ বিভিন্ন গাৱে-ভূঞে আন্দোলনৰ প্ৰচাৰ কৰিবলৈ ঘূৰি ফুৰিছিল। তেওঁ নিজৰ দেশৰ বাবে প্ৰাণৰ আহুতি দিয়াত কোনাে ধৰণৰ পিছ নপৰা মনােভাৱৰ নাছিল। Kushal Konwar.

সেই তেজেই পিছত তেওঁৰ মৃত্যুৰ কাৰণ হৈছিল বুলি ক’ব পাৰি। সেইবাবে তেওঁৰ পিতৃয়ে মনত এটা ভয়লৈ জীয়াই আছিল আৰু তাৰ বাবে তেওঁ বালিজানলৈ কুশল কোঁৱৰক চাবলৈ আহিছিল। (বিবাহ জীৱন) দেউতাক অহাতে তেওঁৰ বিবাহৰ কথা-বতৰা পাতে। কাৰণ তেওঁৰ ককায়েকবােৰে বিয়া বাৰু কৰাই আজৰি হৈছিল। সেয়ে ঘৰুৱা হেঁচাত কুশল কেঁৱৰৰাে বিয়া ঠিক হ’ল।

কুশল কোঁৱৰে কোন চনত বিয়া পাতিছিল?

১৯২৯ চনত কুশল কোঁৱৰ প্ৰভাৱতী নামৰ কন্যা এগৰাকীৰ লগত বিবাহ পাশত আবদ্ধ হয়।। প্রভাবতী মৰঙি কেঁৱৰ গাঁওৰ, ভদ্রলােক প্রেমানন্দ দুৱৰাৰ সুকন্যা আছিল ।

তেওঁৰ চাকৰি কৰি থকা কালতে এটি ঘটনা ঘটিছিল। আৰু এই ঘটনাৰ পৰা তেওঁৰ জীৱনত এটি প্ৰভাৱ পৰে। তেওঁ যেতিয়া বিশ্বেশ্বৰ শৰ্মাৰ বাগানত কাম কৰি আছিল, তেতিয়া প্রায় ৬০/৭০ টা মান বৃটিছ চাহাবৰ বাগিচা জামুগুৰি বাগিচাৰ বনুৱাৰ গৰুৱে, বালিজান বাগিচাৰ মাজত সােমাই বহুতাে চাহ পুলি গছ ধ্বংস কৰিছিল। তাকে দেখি খঙতে কুশল কোঁৱৰে(Kushal Konwar) গৰুকেইটা বান্ধি ৰাখিছিল আৰু গৰুকেইটা আনক নিদি পেলাই, বৃটিছৰ মেনেজাৰ জনক গৰুকেইটা নিবলৈ মাতি পঠিয়ালে। জামুগুৰি বাগিচাৰ মেনেজাৰ মি. উইলচন গৰু নিবলৈ অহাত, কুশল কোঁৱৰ আৰু উইলচনৰ মাজত তর্ক-বিতর্কৰহে আৰম্ভ হৈছিল।

এই বিতর্কতে দুয়ােজনৰ খং বেছিলে গ’লগে উইলচনে তেওঁক লাঠি এডালৰে মাৰ মাৰিবলৈ খেদি গ’ল। তেতিয়া কুশল কোৱৰৰাে বহু খং উঠিল আৰু তেওঁ নিজৰ জোতা পাত খুলি উইলচক মাৰিবলৈ আগবাঢ়িলে। কুশল কোঁৱৰৰ সেই বাঘৰ দৰে ৰূপ দেখি উইলচনৰ বুকু কপিল আৰু তাৰ পৰা তেওঁ লগে লগে নিজৰ বাসস্থানলৈ খৰখেদা কৈ গুচি যায় গৈ। পিছত কুশল কোঁৱৰে সেই বান্ধি থােৱা গৰুকেইটাক গােলাঘাটৰ গৰু চৰণীত এৰি দিয়ে। এই কান্দৰ বাবেই জামুগুৰিহাটৰ চাহ বাগানে গৰুকেইটাক মুকলি কৰি অনাত বহু পৰিমানৰ ধন ব্যয় কৰিব লগা হয়।Kushal Konwar.

এই ঘটনাৰ পিছৰে পৰা তেওঁৰ মনলৈ ঘৃণা ভাব বেছিকৈ জন্ম হ’ব ধৰিলে বৃটিছলৈ। কিয়নাে তেওঁ গান্ধীজীৰ আদৰ্শৰ প্রতি অতিকৈ ধাবমান আছিল। আৰু স্বাধীনতা সংগ্ৰামত যােগদান দিবলৈ তেওঁ বহুভাৱে ইচ্ছুকতা লাহে লাহে বাঢ়ি আহিছিল। সেইবাবে তেওঁ ৩০ জুন, ১৯৩৬ চনত বিশ্বেশ্বৰ শৰ্মাদেৱৰ বাগানৰ চাকৰি এৰিছিল। আৰু তেওঁ গান্ধীজীৰ আদৰ্শৰ পথত জীৱন যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিল।

মহাত্মা গান্ধী আৰু কুশল কোঁৱৰ

Kushal Konwar, ১৫ এপ্রিলৰ ১৯৩৪ চনত মহাত্মা গান্ধী গােলাঘাটলৈ আহে। তেওঁ এইবাৰে স’তে তিনিবাৰ অসম ভ্ৰমণ কৰে। ১৫ এপ্রিলত তেও দহ দিনৰ বাবে অসমলৈ আহি তেওঁ গােলাঘাট লৈ যাত্ৰা কৰিছিল। কিয়নাে তাতে সকলাে মানুহ এক গােট হৈছিল আৰু লগ পাবলৈ ইচ্ছুক হৈছিল জাতিৰ পিতাজনক। মহাত্মা গান্ধীৰ সেৱা সুশ্রুষাৰ, সকলােবােৰৰ বাবে দায়িত্ব অর্পন কৰা হৈছিল কুশল কোঁৱৰ, ভদ্র ফুকন, তিলক বড়া, আদি বহু ডেকা কংগ্ৰেছী কর্মসকলক। কুশল কোৱৰে যেতিয়া মহাত্মা গান্ধীক প্রথম দেখিছিল তেতিয়া তেওঁ কুণ্ঠা বােধ কৰিছিল। ইয়াৰে পিছত ডেকা কুশল কোঁৱৰে মহাত্মা গান্ধীৰ ভৰি চুই সেৱা জনাইছিল আৰু আশীর্বাদ লৈছিল।

তেওঁ মহাত্মা গান্ধীৰ লগত বহু সময় ধৰি বার্তা লাভ কৰিছিল আৰু আন্দোলন, স্বাধীনতা আদিৰ বহু কথা শিকিছিল। এই কথা-বতৰাৰ পৰা ডেকা কুশল কোঁৱৰৰ(Kushal Konwar) মনােভাৱত মহাত্মা গান্ধীৰ আদর্শ চৰিত্ৰই বিশেষকৈ প্ৰভাৱ পেলাইছিল। তেওঁ লাহে লাহে নিজৰ জীৱনটোক দেশৰ স্বাধীনতাৰ ফালে সঠিক দিশ দিবলৈ ধৰিলে। আনকি, কৰি থকা চাকৰিটোত এৰি পেলাই, দেশ স্বাধীনৰ কৰ্মতহে আগভাগ লৈছিল। এই সময়খিনিত, | তেওঁ সত্য-ন্যায়ৰ সকলাে কথা গম পাইছিল। সেয়ে কুশল কোঁৱৰৰ মনৰ আশা এটি পূর্ণ হৈছিল বুলি ক’ব পাৰি, মহাত্মা গান্ধীক লগ পােৱাৰ পিছত।

যেতিয়া কুশল কোঁৱৰৰ ৩১ বছৰত ভৰি দিছিল তেতিয়া তেওঁ ভাগৱত গীতা আদি পঢ়িবলৈ লৈছিল। আৰু তেওঁ মাছ, মাংস এৰি নিৰামিষ ভােজী হৈছিল। লগতে তেওঁ নিজৰ চাকৰিও ১৯৩৬ চনত বাদ দিছিল। যেতিয়া তেওঁ চাকৰি বাদ দিয়ে, তাৰে পিছত তেওঁ সক্রিয় ভাবে দেশৰ স্বাধীনতা আন্দোলনত নামি পৰে। তেওঁ বিভিন্ন গাৱে-ভূঞে থাকিবলৈ ধৰে আৰু স্বাধীনতা প্রচাৰ কৰি মানুহবােৰক স্বাধীনতা সংগ্রামৰ বাবে বার্তা প্রচাৰ কৰি বৃটিছক খেদিবলৈ, দেশপ্রেম জোগাই তােলে। এই স্বাধীনতা আন্দোলনৰ এটা কার্যক্রম আছিল যে, আঞ্চলিক হিচাপে আৰু তালুকা হিচাপে আন্দোলনৰ ৰায়ট স্থাপন কৰা।

সেইবাবে কুশল কোঁৱৰে(Kushal Konwar) বিভিন্ন গাঁও আদি ঘূৰিবলৈ লৈছিল। সৰু পথাৰত কুশল কোঁৱৰে এখন ৰায়ট স্থাপন কৰাৰ ব্যৱস্থা কৰিছিল তেওঁ মানুহৰ হৃদয় জয় কৰিছিল, মানুহৰ মানসিকতা সলনি কৰাৰ ক্ষমতা আছিল আৰু তেওঁ মানুহৰ সাংগঠনিক গােট তৈয়াৰ কৰাৰ বাবে ক্ষমতা দেখুৱাইছিল। সেইবাবে তেওঁৰ সেই ৰায়ট সভালৈ বহুতাে মানুহৰ সমাগম হৈছিল। সৰুপথাৰৰ ৰায়ট সভা বিজয় হােৱাৰ পাছত, তেওৰ জনপ্রিয়তা বাঢ়ি আহিছিল। আনকি এই জনপ্রিয়তাই কংগ্ৰেছৰ চক্ৰটো সমাগম হৈছিল, যাৰ ফলত তেওঁ প্রশংসা প্রাপ্ত হয়। ইয়াৰে পাছত তেওঁ এজন নেতা হিচাপে গােলাঘাট জিলাৰ কংগ্রেছ কমিটিৰ পৰিচয় পায়।

এই সময়তে কুশল কোঁৱৰৰ(Kushal Konwar) জীৱনলৈ এটি বেয়া দিন আহে। ৰায়টৰ পিছতেই তেওঁৰ পিতৃ সােনাৰাম কোঁৱৰৰ মৃত্যু ঘটে। সেইবাবে কুশল কোঁৱৰ তেওঁৰ সৈতে প্ৰভাৱতী আৰু তিনিটা সন্তানৰ সৈতে চুকিয়া পথাৰলৈ লৈ যায়গৈ। (তেওঁলােকৰ পিছত আৰু এটি সন্তান জন্ম হয়)। সৰুপথাৰৰ ঘৰ হিচাপে হয়, তেওঁ নিজৰ কামত অতিকৈ ব্যস্ত থাকিব লগা হয়। কিয়নাে সেই সময়ত আন্দোলন দ্রুত গতিত চলিবলৈ ধৰে আৰু কুশল কোঁৱৰে প্ৰচাৰৰ বাবে বহু ঠাইতাে যাব লগা হয়। সেইবাবে সমগ্ৰ ঘৰৰ দায়িত্ব তেওঁৰ পত্নী প্রভাৱতীক দিব লগা হয়, আৰু তেওঁ ঘৰ চলাবলৈ আৰম্ভ কৰে।

১৯৪২ চনৰ আন্দোলন আৰু অসমত প্ৰভাৱ ?


Kushal Konwar, ১৯৪২ চনৰ ৯ আগষ্টত মুম্বাইত ভাৰত কংগ্ৰেছ কমিটিৰ সভাত ‘ভাৰত ত্যাগ’ প্ৰস্তাৱ গৃহীত হয়। এই প্রস্তাৱ আছিল যে বৃটিছসকল ভাৰত এৰি গুচি যাব লাগে। সেইমর্মে ভাৰত ত্যাগ-আন্দোলনৰ আৰম্ভ হ’ব ধৰিলে। গান্ধীজীৰ আদৰ্শ আছিল যে এই আন্দোলনৰ মাধ্যমবোেৰ হৈছে—অনশন, পিকেটিং, ধর্মঘট, আদি, সেই আদৰ্শৰ দ্বাৰাই ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হ’ল সমগ্ৰ ভাৰতৰ চুকে কোণে। কিন্তু এই আন্দোলনৰ আৰম্ভ হােৱাৰে পিছত গান্ধীজীক জেললৈ নিয়ে বৃটিছ চৰকাৰে। তাৰে পিছত জৱাহৰলাল নেহেৰু আৰু আব্দুল কালাম আজাদকো বৃটিছে গ্রেপ্তাৰ কৰে, আৰু কাৰগাৰাত বন্দী কৰে।

বৃটিছে এই আন্দোলনৰ আন্দোলনকাৰী, নেতা, নির্দোষী জনসাধাৰণলৈ গুলি চালনা কৰে। বহু শ শ লােক মৃত্যু বৰণ কৰে। সৰ্বভাৰততে কংগ্ৰেছী দলটোক দোষি সাব্যস্ত কৰা হয়। সেই মিছা অভিযােগ দাখিল কৰি বৃটিছ চৰকাৰে আন্দোলনকাৰী-বােৰৰ ওপৰত নানান অত্যাচাৰ চলায়। তাৰে পিছত সমগ্ৰ ভাৰততে এই আন্দোলনে অহিংসাৰ পৰা হিংশুক আন্দোলনলৈ ৰূপান্তৰ হয়। বিভিন্ন ঠাইত বৃটিছৰ আর্মি, পুলিচ, মানুহক মাৰিবলৈ ধৰে, কায্যালয়বােৰ ভাঙি জ্বলাই দিয়ে, আৰু বহু ধৰণে নানান অত্যাচাৰ কৰিবলৈ আৰম্ভ হয়।Kushal Konwar.

অসমতাে এই আন্দোলনৰ প্রভাব বাৰুকৈ পৰে বিভিন্ন ঠাই, অঞ্চল, গাৱে-ভূঞে মানুহক অত্যাচাৰ কৰিবলৈ লয় বৃটিছে, আৰু অসম কংগ্ৰেছৰ দলটোক বে-আইনী বুলি দোষি সাব্যস্ত কৰি নেতাবােৰক অত্যাচাৰ কৰিবলৈ আৰম্ভ হয়। সেইবাবে অসমৰ চুকে-কোনে ইয়াৰ প্রভাৱ হিংসাত্মক ৰূপ লয়। বিভিন্ন ঠাইত দল সংগঠন আদি গঠন হৈ বৃটিছৰ বিৰােধিতা কৰে। এই আন্দোলনৰ বিভিন্নজন নেতা কাৰাগাৰলৈ যায় যেনে—বিমলা প্রসাদ চলিহা, গােপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মা, বিষ্ণুৰাম মেধি, দেৱেশ্বৰ শৰ্মা আদি। এই আন্দোলনৰ ধ্বনি কৰিম নহয় মৰিম’ সত্যাগ্রহ ভাৰতৰ অঞ্চল সমূহত বিয়পে। অসমতাে এই ধ্বনিৰ আঁৰে আন্দোলনৰ প্রকোপ বাৰুকৈ হ’বলৈ ধৰে। Kushal Konwar.

অসমত বহুবােৰ আন্দোলনকাৰী নেতা আত্মগােপন হয়—জ্যোতিপ্রসাদ আগৰৱালা, শংকৰ বৰুৱা, মহেন্দ্ৰ হাজৰিকা আদি। অসমৰ গহপুৰত কনকলতাৰ দুই আন্দোলনত বৃটিছৰ গুলি খাই মৃত্যু বৰণ কৰে। তেওঁ এই আন্দোলনৰ অসম প্রথম স্বহীদ হােৱা মহিলা। এই ঠাইতে মুকুন্দ কাকতিদেবৰ গুলি খাই মৃত্যু হয়। অসমৰ আন বহু ঠাইতে বৃটিছৰ অত্যাচাৰত বহু ক্রান্তিকাৰী সকলৰ মৃত্যু বৰণ কৰে। যেনে—হেমৰাম বৰুৱা, কলাই কোঁচৰ, হেমৰাম পাতৰ, গুণাভিৰাম বৰদলৈ, তিলক ডেকা আদি। আন্দোলনত শ্বহীদ হােৱা এই পাঁচজন লােকৰ প্রতি শ্রদ্ধা জনাবলৈ পঞ্চবীৰ দিৱসৰ আয়ােজনে কৰা হয়।

এই দিৱসৰ আয়ােজনলৈ অহা বিভিন্ন মানুহক পুলিচে লাঠি চালনা কৰে আৰু লগে লগে গ্রেপ্তাৰ কৰে। এই আন্দোলন আছিল অহিংসাত্মক বৃটিছ বিৰুদ্ধে আন্দোলন। কিছু কংগ্ৰছী ‘ছুইচাইদ স্কোৱাদ’ (Suicide Squad) গঠন কৰে। এই ‘স্কোবাদৰ কাৰ্য আছিল ৰেল লুটপাত কৰা, দলং ভঙা, জ্বলােৱা, আৰ্মিৰ আউট গােট সমূহত আক্রমণ কৰা আদি। গান্ধীজীৰ আদৰ্শত চলা কুশল কেঁৱৰে এই চুইচাইদ স্কোৱাদটো গ্ৰহণ কৰা নাছিল। ইয়াৰ পৰা তেওঁ আঁতৰতহে আছিল। কিন্তু কংগ্ৰেছৰ কিছুমান সহকর্মীয়ে এই ‘স্কোৱাদ’ৰ কৰ্মত লিপ্ত হয়, যিটো আছিল কুশল কোঁৱৰৰ বাবে অতি দুভাগ্যজনক কথা।Kushal Konwar.

১০ অক্টোবৰ, ১৯৪২ চনৰ দিনা ৰাতি ১ বাজি ৫২ মিনিটত, এখন যাত্রী ৰে’ল বৃটিছৰ সৈন্যৰ সৈতে সৰু পথাৰৰ এক কিলােমিটাৰ আগত বাগৰি পৰিছিল। এই দুর্ঘটনাটোত প্রায় ১০০০ মান বৃটিছ সৈন্যৰ মৃত্যু হৈছিল। এই আছিল ‘ছুইচাইদ স্কোবাদ’ৰ কৰ্ম, কিছুমান কংগ্ৰেছী নেতাৰ। এই দুর্ঘটনাৰ পিছতেই সৰু পথাৰ অঞ্চলত বৃটিছৰ পুলিচ মিলিটেৰীৰ নির্যাতন আৰম্ভ হয়। বহুতাে কংগ্ৰেছ কৰ্মীৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ আৰম্ভ কৰিবলৈ লয়। সেই সময়তে কুশল কোঁৱৰ গ্ৰেপ্তাৰ বা অত্যাচাৰৰ সন্মুখীন হ’ব বুলি কৰ্মীসকলে তেওঁক পৰিয়াল সহ আত্মগােপন হ’বলৈ পৰামর্শ দিলে। কিন্তু কুশল কোঁৱৰে তেনে নকৰিছিল আৰু আন্দোলন দেশ ৰক্ষাতহে লিপ্ত হৈছিল।

কুশল কোঁৱৰৰ গ্ৰেপ্তাৰ ?

এই দুর্ঘটনাৰ পিছত সমগ্ৰ সৰু পথাৰত বহুতাে কর্মী গ্রেপ্তাৰ হৈছিল। তাৰে ভিতৰত আছিল গ্রেপ্তাৰ হােৱা কংগ্ৰেছ কর্মী কুশল কেঁৱৰে(Kushal Konwar)। আৰু বিভিন্নজনক বৃটিছ পুলিচে জেললৈ প্ৰেৰণ কৰিছিল। সেই সময়ত বহু সহপাঠীয়ে তেওঁক আত্মগােপন হ’বলৈ কৈছিল কিন্তু তেওঁ তেনে কৰিছিল। কুশল কোঁৱৰ আছিল সেই সময়ৰ গােলাঘাট জিলাৰ কংগ্ৰেছ সমিটিৰ নেতা। তেওঁকো বৃটিছে মিছাৰ আশ্ৰয় লৈ গ্রেপ্তাৰ কৰিছিল, তেওঁকো এই দুর্ঘটনাত হাত আছে বুলি কৈছিল। তেওঁৰ লগতে আন ৪৩ জন কর্মীও গ্রেপ্তাৰ কৰি জেললৈ নিছিল।

তেওঁক যেতিয়া গ্রেপ্তাৰ কৰিবলৈ আহে তেতিয়া গাওঁবুঢ়াই পুলিচক ঢিলাই দিছিল। লগে লগে ভাৰপ্ৰাপ্ত দাৰােগাই কুশল কোৱৰ আৰু তেওঁৰ বন্ধু পুকৌ শইকীয়াক গ্রেপ্তাৰ কৰিবলৈ আগুৰি ধৰিছিল। সমীন কলিতা, স্বাধীনতা সংগ্ৰামত অসমৰ শ্বহীদ নামৰ কিতাপখনিত সেই সময়ত দাৰােগা আৰু কুশল কোঁৱৰৰ কথােপকথনখিনি উল্লেখ এনেদৰে কৰিছে। “দাৰােগাই আগুৰি আমি তােমালােকক বিচাৰি আহিছোঁ। তােমালােক কংগ্ৰেছৰ ভলন্টিয়াৰ। কংগ্ৰেছৰ ভলন্টিয়াৰসকল সৰু পথাৰ ৰেল দুর্ঘটনাৰ লগত জড়িত। তােমালােকৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰােৱানা আছে।”

কুশল কোঁৱৰ

Kushal Konwar, “বৃটিছ চৰকাৰৰ এইটো ভ্রান্ত ধাৰণা। মই দৃঢ়তাৰে ক’ব পাৰাে গান্ধীবাদী কোনাে কংগ্ৰেছ কৰ্মীয়ে এনে গর্হিত কাম কৰিব নােৱাৰে। আমি অহিংসা কর্মী, হিংসাৰ আমাৰ স্থান নাই।” দাৰােগা, “এইবােৰ কথাৰ বিচাৰ এনেদৰে নহয়। বিচাৰ কৰাই বিচাৰ কৰিব। আমাক তােমালােকক ধৰি নিবলৈ পঠিয়াইছে, আমি তােমালােকক ধৰি নিম। আমি সেইটোহে বুজোঁ। এই কথােপকথনৰ পিছতে কুশল কোঁৱৰ আৰু পুকৌ শইকীয়া দেৱক গ্রেপ্তাৰ কৰে আৰু কাৰাগাৰলৈ লৈ যায়। এই খবৰে অসমৰ গােলাঘাট জিলাৰ ৰাইজক দুখ দিছিল। ইয়াৰে পিছত ইন্দ্ৰ ফুকন আৰু নগেন চুতীয়াক পুলিচে গ্রেপ্তাৰ কৰিলে। সুৰেন ফুকনক দেখা মাত্রকে গুলি চালনাৰ হুকুম জাৰি কৰিব ধৰিলে।

এইবােৰ হােৱাৰ পিছত অসমত এই আন্দোলন অহিংসাৰ ৰূপলৈ নাথাকিল। কুশল কোঁৱৰকো মিছা অভিযােগ কৰি গ্ৰেপ্তাৰ কৰিছিল আনহাতে শংকৰ বৰুৱাৰ মৃত্যু কৰােৱাৰ বাবত বৃটিছ চৰকাৰে দহ হেজাৰ টকাৰ পুৰস্কাৰ ঘােষণা কৰে, যিয়ে তেওঁক মাৰি পেলাই মূৰটো লৈ আনিব তেওঁক দহ হেজাৰ টকা দিব চৰকাৰে। ৫ নৱেম্বৰ ১৯৪২ চনৰ দুৰ্ঘটনাৰ কুশল কোৱৰ আৰু আন বহুকেইজন নেতা এই কর্মত লিপ্ত আছে বুলি বৃটিছ পুলিছে গ্রেপ্তাৰ কৰি জেলত কৰাইগে। যােৰহাট জেলত তেওঁ প্রায় ২২১ দিন কটাই। প্রথম ১২১ দিন তেওঁ আন কাৰাবন্দীৰ নিচিনাকৈয়ে কটাই। আৰু তাৰ পিছত তেওঁ ১০০ দিন ফঁচিৰ বাবে হুকুম দিয়া কাৰাবন্দী হিচাপে কটাই।Kushal Konwar.

এই জেলতে আন কাৰাবন্দী নিচিনা কৈ থাকোতে অসমৰ বহু কেইজন আন্দোলনত তথা কংগ্ৰেছী নেতাক লগ পাইছিলে। সেই কেইজন আছিল গােপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধী, ফকৰুদ্দিন আলি আহমেদ, বিমলা প্রসাদ চহিলা, বিজয় চন্দ্ৰ ভাগৱতী, দেৱেশ্বৰ শৰ্মা, নীলমনি ফুকন, হেমবৰুৱা, গােপাল চন্দ্র দত্ত যােগেন শইকীয়া আদিৰ দৰে আন বহুকেইজন। কুশল কোঁৱৰৰ ভাগবত, গীতা, কীৰ্ত্তন ঘােষা আদিৰ বহুতাে জ্ঞান আছিল, জেলত থকাৰ সময়ত তেওঁ এই আধ্যাত্মিকতা জ্ঞানৰ প্রভাব সকলােৰে মনত বিয়পাইছিল। তেওঁ জেলতে গীতা, ভাগৱতত পঢ়িছিল।

কুশল কোঁৱৰ(Kushal Konwar) জেলত থাকোতে তেওঁ মাছ বিভাগৰ সম্পাদক আছিল। কিন্তু তেওঁ মাছ মাংস কণী আদি নাখাইছিল। লগতে নিমখাে নাখাইছিল। কিয়নাে তেওঁ আগৰে পৰা নিৰামিষ ভােজি আছিল আৰু বৃটিছৰ বিৰুদ্ধে আন্দোলনৰ সময়ৰ পৰা নিমখাে নােখােৱা হৈছিল। ইয়াৰে পিছত ১১ ফেব্ৰুৱাৰীৰ ১৯৪৩ চনৰ পৰা ৰেল দুর্ঘটনাৰ বিচাৰ আৰম্ভ হ’ব ধৰিলে। সেই সময়ত তেনে কোনাে বৃটিছৰ আদালত নাছিল আৰু বাদ-বিচাৰকো নাছিল। ১৯৪২ চনৰ এনে বিপ্লৱ হােৱাৰ ফলত, গবৰ্ণৰ জেনেৰেল যিকোনাে আপাত কালিন ব্যৱস্থাৰ জাননি জাৰি কৰাৰ ক্ষমতা আছিল। সেয়ে, ঠিক Gocci, (Ordinace III of 1942 and Section 109 of IPC), দ্বাৰা জিলা উপায়ুক্তকো এই আইনৰ বিশেষভাৱে ক্ষমতা দিয়া হৈছিল।

বিচাৰৰ আৰম্ভণি হ’ল। ভাৰতৰ আইনৰ কোনাে মীমাংসাকাৰী এই বিচাৰত নিযুক্তি দিব নিদিছিল বৃটিছ চৰকাৰে। শিৱসাগৰ জিলাৰ জিলা উপায়ুক্ত মি. কেম্বল এন হামফ্রেক (Mr, Campbel Andrew Humphrey) এই দায়িত্ব দিয়া হয় যে তেওঁ এই বিষয়টোৰ ওপৰত বিচাৰ কৰক। এই গােচৰৰ সাক্ষী হৈছিল মৌজাদাৰ, গাঁওবুঢ়া আৰু বৃটিছ চৰকাৰৰ পদলেহনকাৰী দালাল কিছুমান। কিন্তু এই বিচাৰ মাথা নামতহে আছিল। ই এক ভিতৰােৱা ষড়যন্ত্রহে আছিল। বহুতাে মানুহে কুশল কোঁৱৰৰ বিৰুদ্ধে সাক্ষী দিছিলে। ১৯৪৩ চনৰ ৬ মার্চত যােৰহাট জেলত সৰু পথাৰৰ দুর্ঘটনাক লৈ পুনৰ বিচাৰ হ’বলৈ ধৰে। সেইদিনা আছিল শনিবাৰ। সেই বিচাৰতে ১৭ জুনত আটক বন্দীৰূপে ঘােষণা কৰিছিল। Kushal Konwar.

সেইকেইজন আছিল মহেন্দ্ৰ চুতীয়া, তিলক বড়া, নমােৰাম হাজৰিকা, সূর্যকান্ত শইকীয়া, বংশীধৰ কোৱৰ, কালিৰাম কেঁৱৰ, পেটু বা বৰা, কেশৱ গগৈ, লুহাই শইকীয়া, ডিম্বেশ্বৰ শইকীয়া, জয়নাথ শইকীয়া, মাজুপিতৌ কোঁৱৰ, মাখন কোৱৰ, সােনাধৰ কোৱৰ দমন কেঁৱৰ, চেনীৰাম শইকীয়া, আৰু মীনাই চুতীয়া। ইয়াৰে ভিতৰত ইন্দ্ৰেশ্বৰ ফুকন আৰু নগেন চুতীয়াক ১০ বছৰৰ বাবে সশ্রম কাৰাদণ্ড দিয়া হল। আনহাতে, ধনেশ্বৰ গগৈক তিনি বছৰ কাৰাদণ্ড দিয়া হল। কিন্তু কুশল কেঁৱৰ; ধর্মকান্ত ডেকা, ঘনশ্যাম শইকীয়া আৰু কনকেশ্বৰ কোঁৱৰৰ ফাঁচীৰ হুকুম দিয়া হয়। কিয়নাে তেওঁলােকৰ সাপেক্ষে কোনাে সাক্ষী নাছিল, সেই বাবে মুকলিৰ বাবে আদেশ দিব নােৱাৰিছিল।Kushal Konwar.

ইয়াৰে পিছত, ২৬ এপ্রিলৰ ১৯৪৩ চনৰ দিনা অসমৰ ৰাজ্যপাল কনকেশ্বৰ কোঁৱৰ ঘনশ্যাম; ধর্মকান্ত ডেকা এই তিনিওজনক ফাঁচিৰ হুকুম দিলে। আনহাতে তেওঁলােকক ফাঁচিৰ পৰিবৰ্তে দহ বছৰ কাৰাদণ্ডৰ বিহা হয়। কিন্তু কুশল কোঁৱৰে সেই দিহা নাপাইছিল আৰু তেওঁৰ ফাঁচিৰ হুকুমে থাকিল। এই ক্ষেত্ৰত হামফ্রে চাহাবে কৈ উঠিল যে, “কুশলৰ আগেয়ে ফাঁচি, পিছত বিচাৰ।” কুশল কোঁৱৰক এনে হুকুম দিয়াৰে পিছত বহুকেইজন নেতা, আইনজীৱী আৰু অসমৰ বহু জনসাধাৰণে বহু চেষ্টা কৰিছিল। আৰু ইয়াৰ বাবে তেওঁলােকে চহী কৰা আবেদন এখন গভর্ণৰ জেনেৰেল লর্ড, লিনলােইগও (Lord Linlithgow) লৈ প্ৰেৰণ কৰিছিল। কিন্তু এই আবেদন তেওঁ নাকচ কৰিলে। সেইবাবে কুশল কোৱৰে জেলতে নিজৰ দিন কেইটা কটাইছিল আৰু জীৱনৰ অন্তিম দিনটোলৈ অপেক্ষা কৰি আছিল। Kushal Konwar.

তেওঁ সেইকেইদিনত বিভিন্ন পবিত্র গ্রন্থ পঢ়িছিল আৰু আলােচনাও কৰিছিল। ফাঁচি হােৱাৰ পূর্বে তেওঁক চাবলৈ তেওঁৰ পত্নী, ভাতৃ, আৰু কোৱৰৰ তিনিজন সন্তান আহিছিল। সেই সময়টো আছিল তেওঁলােকৰ বাবে শােকৰ পৰিবেশ আৰু কেঁৱৰক(Kushal Konwar) লগ পােৱাত তেওঁৰ পত্নী প্ৰভাৱতীৰ চকুলাে নৰখিছিল। তেওঁ কোঁৱৰক ক’ব খুজিছিল যে, তেওঁ নিজকে সৌভাগ্যৱান বুলি ভাৱক; কিয়নাে তেওঁ নিজৰ দেশৰ বাবে প্রাণ দিব ওলাইছে আৰু এই সৌভাগ্য ভগৱানে তেওঁক দিছে আৰু বহু মানুহৰ ভিতৰত তেওঁক ভগৱানে এই কার্যৰ বাবে বাছি লৈছে। এই কথা প্রভাতীয়ে ক’ব নােৱাৰিলে কিয়নাে স্বামীৰ মুখলৈ চাই তেওঁৰ চকুৰ পানী নৰখা হৈছিল।

এইদেখি কেঁৱৰে প্ৰভাৱতীক কৈছিল যে তেওঁ সৌভাগ্যবান যে তেওঁ নিজৰ দেশৰ বাবে প্রাণ দিব। ভগৱানৰ ইচ্ছাৰ দ্বাৰা তেওঁ নিজৰ দেশখনৰ প্রতি প্রাণৰ আহুতি দিব লৈছে। তেওঁৰ মনত এটা আশা আছিলে যে, মহাত্মা গান্ধীক ভৰি চুই সেৱা কৰা, সেই কথাও তেওঁক ভগৱানে পূর্ণ কৰিছিলে। তেওঁৰ সন্তান আৰু পত্নীয়ে স্বাধীন দেশৰ মুখ চোৱাৰ কথা কৈছিল। কুশল কোঁৱৰৰ প্ৰভাৱতীলৈ শেষ বাণী এনেধৰণৰ আছিল যে-

মােৰ দৰে সাধাৰণ মানুহ এজনে দেশৰ কাৰণে কি বাণী দিম? দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়েই পূজা কৰি গ’লাে। মােৰ আশা এয়ে যে, দেশখন স্বাধীন কৰি এনে এখন দেশ গঢ়িব যত দেশৰ প্ৰতিটো মানুহে দুসাজ ভাত এসাজ কাপােৰ, আৰু থকাৰ বাবে এটি পঁজাঘৰ পায়—যত মানুহ ধর্ম কর্ম আৰু জাতি বৰ্ণৰ ওপৰত প্রতিষ্ঠা নহৈ, সকলাে এখন ভাৰতৰ সন্তান আৰু এজনা পৰমপিতাৰ সন্তান হিচাপে প্রতিষ্ঠিত হ’ব পাৰে। স্বাধীনতা অনাৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁহক। স্বাধীনতা পােৱাৰ পাছতাে যেন আমি ত্যাগী হৈ থাকিব পাৰে—ভাগী হ’বলৈ যেন হাবিয়াস নকৰোঁ। এয়ে মােৰ বাণী—এয়ে মােৰ কাকূতি, এয়ে মােৰ মিনতি।”Kushal Konwar.

ফাঁচিৰ এক দিনা আগত তেওঁ গােপীনাথ বৰদলৈ, তৈয়বুল্লা, আমিয় কুমাৰ দাস, ফকৰুদ্দিন আলি আহমেদ, লগত কথা পাতিছিল। এই বিষয়ে গােপীনাথে নিজৰ ডায়েৰিত ১৪ জুন, ১৯৪৩ চনৰ সকলােৰে কথা তেওঁৰ সুখৰ বাক্য লিখি লৈছিল।Kushal Konwar.

ইয়াৰে পিছত আছিল ১৫ জুন ১৯৪৩ চন দেশৰ বাবে শােকৰ দিন, কিয়নাে এই দিনটোত কুশল কোঁৱৰক(Kushal Konwar) ফাঁচি দিয়াৰ দিন আছিল। ৰাতিপুৱা ৩.৩০ মিনিটত কেঁৱৰক মাতিছিল তেতিয়া তেওঁ সাৰ পাই উঠিছিল। আৰু মনত তেওঁৰ আহিছিল যে, তেওঁৰ সময় আহি পৰিছে। সেই তেতিয়া উপস্থিত আছিল জিলা উপযুক্ত হামফ্র এজন জেইলৰ, মেজিষ্ট্রেট, উপ জেইলৰ আৰু ফঁচি দিয়া মানুহজন। তেওঁ সেই মৃত্যুলৈ সাজু হৈ উঠিছিল।

Kushal Konwar, তেওঁক জেইলৰ জনে মাতিছিল আৰু কৈছিল যে তেওঁৰ সময় আহি পৰিছে। সেই কথা শুনি তেওঁ নিজকে সাজু হ’বলৈ প্রস্তুত কৰিলে। আৰু গীতাখন মনত কৰি সেৱা জনালে। আৰু জেইলৰজনৰ লগত মৃত্যুৰ ফালে আগবাঢ়িবলৈ খােজ কাঢ়ি ফাঁচি দিয়া ঠাইলৈ গ’ল। তেওঁ যঁচি দিয়া শাললৈ উঠিল, য’ত তেওঁক ওলমােৱা হ’ব। তাতে বহু মানুহৰ উপস্থিত থাকি কান্দোনৰ পৰিবেশ জগাইছিল। তেওঁ শেষ বাৰৰ বাবে মানুহলৈ চাই হাত জুৰ কৰি ক’লে, যদিহে তেওঁ কোনাে নিজৰ কৰ্ম জীৱনত ভুল কৰিছে, সেইবােৰ যাতে ৰাইজে ক্ষমা কৰি দিয়ে।

তাৰে পিছত তেওঁ ঈশ্বৰক প্রার্থনা জনালে যে তেওঁ নিজৰ দেশ স্বাধীনৰ বাবে প্রাণ দিব গৈছে, আৰু চিঞৰি উঠিল “ইনক্লাব জিন্দাবাদ’। লাহে লাহে তেওঁক মুখত ক’লা কাপােৰ মাৰি দিয়া হ’ল, সেই সময়ত তেওঁ এটি গান গাই আছিল ‘পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰ। ইয়াৰে পিছত সেই গানৰ গুণ-গুণনি নাইকিয়া হ’ল, সকলাে নিঃস্তব্ধ হ’ল। কিয়নাে কুশল কোঁৱৰক ফাঁচি দিয়া হ’ল। তাৰে পিছত প্রায় ৪.৩০ মিনিটৰ পৰা ৰাতি পুৱা বৰষুণ আনিছিল।

সেয়ে তেওঁ সদায় অমৰ হিচাপে সকলােৰে মনত হৈ ৰ’ল। কুশল কোৱৰ জন্ম হৈছিল এজন সাধাৰণ নাগৰিকৰ দৰেই, কিন্তু তেওঁ মৃত্যু হৈছিল এজন স্বাধীনতা সংগ্রামী নেতাৰ দৰে। তেওঁৰ এই জীৱনটোক সকলােৱে মনত ৰাখিব। তেওঁৰ দেশপ্রেম, সত্যতা, আদিৰে সকলােৰে মনত সাঁচ বহুৱাই থৈ গৈছে। মাত্র ৩৮ বছৰৰ জীৱন তেওঁৰ অসমলৈ বিশেষ ভাৱে অৱদান দি থৈ যায়। সেইয়ে সমগ্ৰ ভাৰতীয়ই যুগ যুগ ধৰি তেওঁৰ এই দেশৰ প্রতি বলিদান স্মৰণ কৰি থাকিব। Kushal Konwar.

লেখক:- দিব্যজ্যোতি শৰ্মা 

Leave a Comment

error: Content is protected !!