Lakshminath Bezbaruah Essay in Assamese

Lakshminath Bezbaruah Essay in Assamese অসম ভূমিত জন্ম গ্রহণ কৰি দেহে-মনে-প্রাণে অসমীয়া ভাষাক ভালপােৱা, অসমীয়া ভাষাৰ বিভিন্ন দিশৰ উন্নতিৰ হকে সাহিত্য সৃষ্টি কৰা ব্যক্তিসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান অতি উচ্চত । লিখনিসমূহ পাঠকৰ মনােগ্রাহী কৰি লিখি পাঠকৰ মন মুহিব পাৰিছিল বাবে এইজনা সাহিত্যিক ৰসৰাজ নামেৰে বিভূষিত। অসমীয়া ভাষা সাহিত্যৰ সংকট কালত সাহিত্যৰ ৰথ খন পৰিচালিত কৰি ভাষা সাহিত্যৰ বিজয় নিচান উৰুৱাবলৈ সক্ষম হৈছিল বাবে সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হৈছে। এইজনা সাহিত্যিকৰ চিৰ চেনেহী ভাষা জননীৰ শুৱলা সুৰীয়া মুখখনি চাই চাই হেপাহ পলােৱা নাছিল। ভৰপূৰ কৰিছিল অসমীয়া সাহিত্যৰ ভঁৰালটি বিভিন্ন ধৰণৰ লিখনি সম্ভাৰেৰে ।

ৰচনা খনত ব্যাখ্যা কৰা বিষয় সমূহ তলত থুৰতে দিয়া হৈছে। The subtopic of the essay on lakshminath bezbaruah in Assamese language are given below.

প্রখ্যাত সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা | Lakshminath Bezbaruah Essay in Assamese

যিসকল স্বনামধন্য সাহিত্যিকে তেওঁলােকৰ অমৰ সৃষ্টিৰাজিৰে পাঠকৰ মনত হিল্লোল জগাবলৈ সমর্থ হয়, সেইসকল সাহিত্যিকেই মানুহৰ প্রিয়ভাজন হৈ পৰে। তদুপৰি যাৰ সৃষ্টিৰাজিত জাতি, মাটি আৰু মানুহৰ কেঁচা গােন্ধ পােৱা যায়, সেইসকল লােক হয় চিৰস্মৰণীয়। আনন্দ প্রদানৰ লগতে মানুহ আৰু জগতখনৰ প্ৰতি থকা একনিষ্ঠ ভালপােৱা আৰু দায়বদ্ধতা যাৰ সাহিত্যত মূর্তমান হৈ উঠে সেইগৰাকী ব্যক্তি বিশ্ববৰেণ্য হৈ উঠে। অসমীয়া সাহিত্য জগতত অন্ধকাৰৰ ৰাজত্ব চলা সময়ত আৰু সাম্রাজ্যবাদী শক্তিৰ হাতত পর্যুদস্ত আৰু অসমীয়া ভাষাক উচ্ছেদ কৰি বাংলা ভাষা জাপি দিয়াৰ সময়ত যিকেইগৰাকী অসমীয়া সাহিত্যিকে বলিষ্ঠভাৱে যুঁজ কৰি অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাত আগভাগ লৈ অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে সেইসকলৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। Lakshminath Bezbaruah Essay in Assamese

জীৱন পৰিচয়

LaLakshminath Bezbaruah Essay in Assamese , বৰ চৰিত’ পুথি ৰচয়িতা শিৱসাগৰৰ প্রসিদ্ধ ব্যক্তি দীননাথ বেজবৰুৱা ইংৰাজ চৰকাৰৰ মুফি চাকৰি কৰি থকা কালত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হােৱাত পত্নীসহ ব্ৰহ্মপুত্ৰই দি নৌকা যাত্রা কৰি গৈ আছিল। গধূলি হােৱাত আঁহতগুৰি ঘাটতে নাও বান্ধি ৰাতিটো বঞ্চাৰ চিন্তা কৰিলে। লক্ষ্মীপূর্ণিমা তিথিৰ ফৰিঙফুটা জোনাক। ৰাতি নাৱতে এটি পুত্র সন্তান জন্ম হ’ল। নাম থ’লে লক্ষ্মীনাথ। জন্মৰ চন ১৮৬৪ ৰ ১৯ নৱেম্বৰ। তেওঁৰ পিতৃ আছিল দীননাথ বেজবৰুৱা ডাঙ্খীয়া। তেখেত শেষ আহােম ৰজা পুৰন্দৰ সিংহৰ ৰাজবৈদ্য আছিল আৰু ব্রিটিছৰ শাসন কালত প্রথমে চিৰাস্তাদাৰ হৈপিছলৈ মুন্সিফ হৈছিলগৈ। তেখেতৰ পিতৃ চাকৰি সূত্রে বিভিন্ন ঠাইলৈ যাব লগা হােৱাত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ সৰু কালৰে পৰা অসমৰ নানান ঠাইৰ লগত পৰিচয় হৈছিল।

দেউতাকৰ চাকৰিৰ স্থান তেজপুৰ, লক্ষ্মীমপুৰ, গুৱাহাটীৰ বিদ্যালয়ত শিক্ষা গ্রহণ কৰি দেউতাকৰ অৱসৰৰ পাছত শিৱসাগৰ চৰকাৰী হাইস্কুলত নামভর্তি কৰে ইয়াৰ পৰাই লক্ষ্মীনাথে প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। কলিকতাৰ চি.টি. কলেজৰ পৰা এফ.এ. আৰু ৰিপণ কলেজৰ পৰা বি.এ.পাছ কৰে ১৮৮৬ চনত। এম.এ. আৰু বি.এল পঢ়িবলৈ আৰম্ভ কৰি আধৰুৱাকৈয়ে পুথিগত শিক্ষাৰ সামৰণি মাৰে। Lakshminath Bezbaruah Essay in Assamese

Lakshminath Bezbaruah Assamese Essay

সেই সময়ত অসমৰ বিখ্যাত ব্যৱসায়ী ভােলানাথ বৰুৱাই উৰিষ্যাত কাঠৰ ব্যৱসায় কৰি আছিল। বেজবৰুৱাইও তেওঁৰ সহযােগী হৈ ব্যৱসায় আৰম্ভ কৰে। হাবিৰ মাজত কুঠাৰৰ কঠুৱা শব্দ আৰু ঘৰত কলমৰ স্রোতস্বিনী ধাৰা প্রবাহিত কৰি ব্যৱসায় আৰু সাহিত্য-চর্চা সমান্তৰালভাৱে চলাই গৈছিল। ৱার্ড নামৰ ইংৰাজ কোম্পানী এটাৰ লগতাে কিছুদিন ব্যৱসায় চলাইছিল। পৰৱৰ্তীকালত সম্বলপুৰত স্বতন্ত্রভাৱে কাঠৰ ব্যৱসায় কৰে । জীৱনৰ শেষ ভাগত ডিব্ৰুগড়ত ঘৰ সাজি থাকিবলৈ লয়। ১৯৩৮ চনত ডিব্ৰুগড়তে দেহাৱসান ঘটে।

বেজবৰুৱা ডাঙৰীয়া কলিকতাত থকা কালছােৱাতে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্রজ্ঞা সুন্দৰী দেৱীৰ লগত ১৮৯১ চনত বিবাহপাশত আৱদ্ধ হয়। সেই সময়তে অসম চৰকাৰে তেখেতক তিনিবাৰ মুন্সিফ পদযাচিছিল যদিও তেওঁৰ স্বাধীন মনােভাবৰ বাবে তাক গ্রহণ নকৰিলে। সেয়েহে তেওঁ প্রথমে অসমৰ স্বনামধন্য ব্যৱসায়ী ভােলানাথ বৰুৱাৰ লগত যুটীয়াভাৱে কাঠৰব্যৱসায় কৰিবলৈ লয়। পিছত বৰুৱাদেৱৰ লগ এৰি তেওঁ বার্ড কোম্পানীত যােগদান কৰে। ইয়াত বছৰদিয়েক কাম কৰাৰ পিছত তেওঁৰ স্বাধীনতাপ্রিয় মনে তেখেতক নিজাকৈ ব্যৱসায় কৰিবলৈ বাধ্য কৰায়। সেয়েহে তেখেতে উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাঠৰব্যৱসায় আৰম্ভ কৰে। এই ব্যৱসায়ত তেখেতৰ আগৰ দৰে প্ৰচুৰ আয় নহ’লেও তেখেত স্বচ্ছলতাৰে চলিব পাৰিছিল। ই তেখেতৰ জীৱন দৰ্শনৰ এক চূড়ান্ত নিদর্শন। Lakshminath Bezbaruah Essay in Assamese

সাহিত্য চর্চা আৰু ৰচনাৱলী

Lakshminath Bezbaruah Essay in Assamese , বেজবৰুৱা ডাঙৰীয়া সৰুৰে পৰা অনুসন্ধিৎসু আৰু পর্যৱেক্ষণশীল স্বভাৱৰ আছিল। তেখেতৰ পঢ়াশলীয়া লিখা-পঢ়াতকৈ হাতে কামে শিক্ষা তথা খেলধেমালিতহে বেছি ৰাপ আছিল। সেয়েহে ছাত্র হিচাপে তেওঁ বিশেষ মেধাৰ পৰিচয় দিব পৰা নাছিল। প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত তেওঁ কুটিকীয়া জলপানি লৈ কলিকতাত পঢ়িবলৈ যায়। তাত তেওঁ প্রথমে ৰিপন কলেজত আৰু তাৰ পাছত চিটি কলেজত পঢ়ি ফাষ্ট আর্ট আৰু স্নাতক উপাধি লাভ কৰে। তেখেতে ইংৰাজী সাহিত্যত এম.এ. আৰু আইন অধ্যয়ন কৰিছিল যদিও বিশ্ববিদ্যালয়ৰ পৰীক্ষা নীতিৰ কিছু আঁসোৱাহ দেখাৰ বাবে তেওঁৰ এই শিক্ষা আধৰুৱা হৈ ৰ’ল।

লক্ষ্মীনাথ বেজবৰুৱাৰ শিৱসাগৰৰ সৎ চিন্তাশীল বেজবৰুৱা পৰিয়ালত জন্ম হয়। পৰিয়ালটিত পঢ়া-শুনাৰ এটি পৰিৱেশ সৰুৰে পৰা পাইছিল। সেই সময়ছােৱা অসমীয়া ভাষা-সাহিত্যৰ বাবে এক দুর্যোগৰ সময়। সেয়েহে কলিকতাত পঢ়িবলৈ যােৱা ছাত্ৰসকলে আ.ভা.উ.সা. সভা পাতি ১৮৮৯ চনত সভাৰ মুখপত্র ‘জোনাকী কাকত উলিয়ায়। বেজবৰুৱা, হেমচন্দ্র গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আছিল ইয়াৰ গুৰিয়াল। লিটিকাই নাটক লিখি বেজবৰুৱাই জোনাকী কাকততে সাহিত্যিক জীৱন আৰম্ভ কৰে। বেজবৰুৱাই নাটক, কবিতা, চুটিগল্প, উপন্যাস, ৰম্য ৰচনা, জীৱনী, ভক্তিমূলক, গ্রন্থ সকলাে ধৰণৰ পুথি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি শৈক্ষিক জগত খনৰ পৰম উপকাৰ কৰি থৈ গৈছে। ৰােমাণ্টিক যুগৰ সময়ছােৱাক বহুতে ‘বেজবৰুৱাৰ যুগ’ নামকৰণ কৰি তেখেতৰ সাহিত্যিক প্রতিভা আৰু অৱদানৰ মূল্যায়ন কৰিছে। তেখেতে লিখা পুথিসমূহ বিভিন্ন ভাগত ভগাব পাৰি। সেই সমূহ তলত উল্লেখ কৰা হ’ল। Lakshminath Bezbaruah Essay in Assamese

নাটক

বেজবৰুৱা ডাঙৰীয়াই তেখেতৰ কলিকতাত থকা কালছােৱাতে সাহিত্য কর্মৰ পাতনি মেলে। তাৰ কলেজত পঢ়ি থকা সময়তে তেখেতে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গােস্বামী আৰু ৰজনীকান্ত বৰদলৈৰ লগ লাগি ‘জোনাকী’ নামৰ এখন মাহেকীয়া মুখপত্র উলিয়ায়। ই অসমীয়া সাহিত্যৰ এক নতুন যুগৰ সূচনা কৰে। জোনাকীৰ পাততে তেখেতৰ হাস্যৰসৰ সমাহাৰ লিতিকাই’ প্রকাশ পায়। ইয়াৰ পিছতে তেখেতৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’, ‘নােমল’, ‘পাচনি’ আদিৰ জৰিয়তে অসমীয়া সাহিত্যক এক নতুন ধাৰা প্ৰদান কৰে।

লিটিকাই, নােমল, পাঁচনি, চিকৰপতি-নিকৰপতি এইকেইখন প্রহসন নাটক ব্যংগ আৰু হাস্য ৰসেৰে পৰিপূৰ্ণ জয়মতী কুঁৱৰী, বেলিমাৰ আৰু চন্দ্ৰধ্বজ সিংহনাটক তিনিখন ঐতিহাসিক নাটক। এই নাটক তিনিখনৰ ভাব গহীন। Lakshminath Bezbaruah Essay in Assamese

চুটি গল্প

অসমীয়া চুটিগল্পৰজনক হ’ল বেজবৰুৱা। সাধু কথাৰ কুকি, সুৰভি, জোনবিৰি এই তিনিখন বেজবৰুৱাৰ সংকলিত গল্পপুথি। তেখেতৰ মৃত্যুৰ পাছত চুটিগল্প সংকলন পুথি ‘কেঁহােকলি’ প্রকাশ পায়।

উপন্যাস

দন্দুৱা দ্ৰোহৰ পটভূমিত ৰচিত ‘পদুম কুঁৱৰী’ তেখেতৰ একমাত্র উপন্যাস পুথি।

কবিতা কদমকলি

বেজবৰুৱা এখনেই কবিতা পুথি। কবিতা পুথিখনৰ অধিকাংশ কবিতাতেই বেজবৰুৱাৰ দেশপ্রেম প্রকাশ পাইছে। অসম সংগীত, অ’ মােৰ আপােনাৰ দেশ কবিতা সকলােৰে আপােন। অ’মােৰ আপােনাৰ দেশ’ কবিতাটি অসমৰ জাতীয় সংগীত ৰূপে গ্রহণ কৰিলে । ধনবৰ ৰতনী, মালতী, নিমাতী কন্যা আদি কবিতা লােক গীতৰ আৰ্হিত ৰচিত প্রেমমূলক কবিতা।

সাধুকথা

‘বুঢ়ী আইৰ সাধু’ আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’ দুয়ােখন সাধু কিতাপেই অসমৰ প্ৰতিজন লােকৰে আদৰৰ পুথি।

জীৱনীমূলক গ্রন্থ

বেজবৰুৱাই শংকৰদেৱ আৰু মাধৱদেৱ’ নামৰ জীৱনী গ্রন্থখন লিখি অসমীয়া সমাজক গুৰু দুজনাৰ এক ব্যাপক পৰিচয় দিবলৈ সক্ষম হৈছিল। তদুপৰি দীননাথ বেজবৰুৱাৰ চৰিত জীৱনীমূলক গ্রন্থখন লিখি তেখেতৰ পিতৃৰ প্রতি সেৱা আগবঢ়ালে।

ভক্তিমূলক গ্রন্থ ও তত্ত্ব কথা

ভগৱৎ কথা’ এইদুখন ভক্তিমূলক গ্রন্থত তেখেতৰ আধ্যাত্মিক চিন্তাৰ গভীৰতা প্রস্ফুটিত হৈ উঠিছে। কর্মত কৃতিত্ব লভিবৰ সংকেত’ গ্রন্থখনি এখন চিন্তামূলক গ্রন্থ।

ৰসাত্মক ব্যংগ ৰচনা

বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্ম নামৰে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’, ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি’, আৰু ‘কৃপাবৰ বৰুৱাৰ ওভতনি’ নামদি তিনিখন ৰসাত্মক ব্যংগ ৰচনা পুথি প্রকাশ কৰে। Lakshminath Bezbaruah Essay in Assamese

বেজবৰুৱাৰ ব্যক্তিত্ব আৰু প্রতিভা

LakLakshminath Bezbaruah Essay in Assamese লক্ষ্মীনাথ সেয়েহে তেখেতৰ নামৰ আগত ৰসৰাজ বিশেষণ যুক্ত হ’ল অসমীয়া ভাষা-সাহিত্যৰ সংকট আৰু ভাৰ সময়ছােৱাত,ভাষা-সাহিত্যৰ প্রয়ােজনীয় সকলো দিশৰ পুথি ৰচনা কৰি ভাষা সাহিত্য-চৰ্চাৰ এক দিকনির্ণয় কৰি দিব পাৰিছিল। ১৯০৯ চনৰ পৰা ১৯২৯ চনলৈ সুদীর্ঘ কুৰি বছৰ কাল ‘বাহী’ আলােচনী সম্পাদনা কৰি গৰিষ্ঠসংখ্যক অসমীয়া লেখক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সকলাে দিশতে তেখেতৰ লিখনি সবল আছিল। ড’ সত্যেন্দ্র নাথ শৰ্মাই লিখিছে- ‘হাস্যৰসিক আৰু গদ্য শিল্পীৰূপে যি অসামান্য প্রতিভা আৰু দক্ষতা তেওঁ প্ৰদৰ্শন কৰি গৈছে সেই প্রতিভাক ম্লান কৰিব পৰা অসমীয়া লেখক সহজতে নােলায়। সকলাে দিশতে মিহিভাৱ সৃজনীমূলক কৌশলৰে সাহিত্যৰ ৰথখন সুদীর্ষ আঢ়ৈ কুৰি বছৰ আগবঢ়াই লৈ যাব পৰা অসীম শক্তিৰ বাবেই বেজবৰুৱা আধুনিক ভাষা-সাহিত্যৰ বুৰঞ্জীত সাহিত্যৰথী ৰূপে অমৰ হৈ থাকিব। বেজবৰুৱা আছিল ৰসৰ ভঁৰাল।

Lakshminath Bezbaruah Essay in Assamese (সামৰণি )

Lakshminath Bezbaruah Essay in Assamese কলিকতাত উচ্চশিক্ষা গ্রহণ কৰিবলৈ গৈ অসমীয়া ভাষা-সাহিত্যত উন্নতি কল্পে চিন্তা কৰা ছাত্ৰসকলৰ ভিতৰত বেজবৰুৱা আছিল অগ্রগণী। একেলগে ব্যৱসায় আৰু সাহিত্য-চর্চা কৰা লােকৰ সংখ্যা অতি বিৰল। তেখেত আছিল সকলাে দিশতে প্ৰভাৱশালী ব্যক্তিত্বৰে পৰিপক্ক লােক। অ মােৰ আপােনাৰ দেশ আৰু ‘অসম সংগীত’ কবিতা দুটাৰ মাজতে বেজবৰুৱাৰ আচল পৰিচয় প্রকাশিত হৈ আছে। বর্তমান সময়ত অসমৰ প্ৰতিজন ছাত্রই উচ্চ শিক্ষাৰে শিক্ষিত হৈ কেৱল চাকৰিমুখী চিন্তা নকৰি ব্যৱসায় বাণিজ্যত মনােনিৱেশ কৰি আত্মনিৰ্ভৰশীল হােৱাৰ আদৰ্শনীয় পথ দেখুৱাৰ উপৰিও সৃষ্টিশীল প্রতিভাৰ সাধনা আৰু অনুশীলনৰ সর্বোত্তম পথৰ চানেকিও লক্ষ্মীনাথ বেজবৰুৱাদেৱে দেখুৱাই থৈ গৈছে। এয়া আমাৰ সকলােৰে বাবে পাথেয়।

Leave a Comment

error: Content is protected !!