Mahatma Gandhi Essay In Assamese

Mahatma Gandhi Essay In Assamese, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন জাতিৰ মহা সংকতৰ সময়ত একোজন মহাপুৰুষ, মহামানৱৰ জন্ম হৈ দেশ, জাতিকৰক্ষা কৰে। অতি প্রাচীন কালৰেপৰা ভাৰতবৰ্ষত অনেক প্রতিভাসম্পন্ন মহান ব্যক্তিৰ জন্ম হৈ ধর্ম-ভাষা, সংস্কৃতি, দেশৰ সার্বভৌম শক্তি অক্ষুন্ন ৰাখিছে। বৃটিছসকলে ভাৰতত বেপাৰ-বাণিজ্য কৰিবলৈ আহি চলে বলে কৌশলে সমগ্র ভাৰতবৰ্ষত শাসন আৰু শশাষণ কৰিবলৈ লয়।

আৰম্ভণি

১৮৫৭ চনত হােৱা চিপাহী বিদ্ৰোহৰপৰা ভাৰতবাসীয়ে হেৰােৱা স্বাধীনতা ঘূৰাই আনিবৰ বাবে অহৰহ চেষ্টা চলাই আহিছিল। লণ্ডনত বেৰিষ্টাৰ ডিগ্রী লাভ কৰা যিজন ব্যক্তিয়ে ‘চ্যুট-টাই’ খুলি থৈ আঁঠুৰ মূৰত চুৰীয়া পিন্ধি অহিংস আৰু অসহযােগ আন্দোলনেৰে বৃটিছৰ দৰে এটা শক্তিশালী শাসকগােষ্ঠী প্রতিহত কৰি ভাৰতবৰ্ষৰ স্বাধীনতা ঘূৰাই আনিবলৈ পণ কৰিছিল; যিজনৰ নেতৃত্ব স্বীকাৰ কৰি ভাৰতবাসীয়ে স্বাধীনতা ঘূৰাই আনিবলৈ সক্ষম হৈছিল, সেইজনেই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী।Mahatma Gandhi Essay In Assamese.

জন্ম আৰু বংশ পৰিচয়

বর্তমান গুজৰাট প্রদেশৰ পােৰবৰত ১৮৬১ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধীজীৰ জন্ম হয়। পিতৃৰ নাম কমচাঁদ গান্ধী আৰু মাতৃৰ নাম পুতলীবাঈ। মাক পুতলীবাঈ আছিল অতি ধর্ম পৰায়ণা আৰু ঈশ্বৰ বিশ্বাসী মহিলা। মহাত্মা গান্ধীৰ পিতৃ কর্মচাদ গান্ধী আৰু ককাক উত্তমচাদ গান্ধী দেৱান আছিল। দুয়ােজন আছিল সৎ চৰিত্ৰৱন, সাহসী আৰু উদ্যোগী পুৰুষ। তদুপৰি তেওঁলােক নীতি-সদাচাৰ ৰক্ষা কৰি চলা ধার্মিক লােক আছিল। গান্ধীজীৰ জীৱনত পিতৃ-মাতৃৰ সততা আৰু ধর্মীয় আদৰ্শৰ প্ৰভাৱ গভীৰভাৱে পৰিছিল। গান্ধীজীৰ সম্পূর্ণ নাম মােহনদাস কর্মচাদ গান্ধী।Mahatma Gandhi Essay In Assamese.

শিক্ষা আৰু বিবাহ

Mahatma Gandhi Essay In Assamese.

গান্ধীজীয়ে প্রাথমিক শিক্ষা আৰম্ভ কৰে পােৰবৰত ৰাজকোট বাবান স্কুলৰ পৰা ১৮৮৭ চনত প্ৰৱেশিক্ষা পৰীক্ষাত উৰ্ত্তীণ হৈ ভবনগৰৰ ছামল দাস কলেজত নম ভর্তি কৰে। ইয়াৰ কিছুদিনৰ পাছতে গান্ধীজীয়ে লণ্ডনত বেৰিষ্টাৰী পঢ়িবলৈ যায়। ১৮৯১ চনত বেৰিষ্টাৰী ডিগ্রী লাভ কৰি নিজ জন্মভূমি ভাৰতবৰ্ষলৈ ঘূৰি আহে। তদুপৰি লেটিন আৰু ফৰাচী ভাষা লৈ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা মেট্রিকুলেশন পৰীক্ষাত উত্তীর্ণ হয়। হাইস্কুলত পঢ়ি থকা কালতে পিতৃ কমচাদ গান্ধীৰ বিয়ােগ ঘটে। লণ্ডনত থকাৰ সময়তে মাক-পুতলীবাঈৰাে মৃত্যু হয়।

লণ্ডনৰপৰা ঘূৰি আহোঁতে বােম্বাইৰপৰা আগবঢ়াই আনিবলৈ যােৱা জ্যেষ্ঠ ভাতৃৰ মুখে মাতৃ বিয়ােগৰ বাতৰিটো পাই মনত অতি দুখ পাইছিল। গান্ধীজীৰ সময়ত ভাৰতবৰ্ষত বাল্যবিবাহৰ প্রচলন আছিল। গান্ধীজীয়ে পিতৃৰ কথা পেলাব নােৱাৰি তেৰ বছৰ বয়সতে কস্তুৰীক বিয়া কৰায় । গান্ধীজীয়ে বেৰিষ্টাৰী ডিগ্রী লাভ কৰি ভাৰতলৈ প্রত্যাৱর্তন ৰাৰ পাছত বােম্বাই উচ্চ ন্যায়ালয়ত ওকালতি জীৱন আৰম্ভ কৰে । সেই সময়ত গান্ধীজীৰ বসে আছিল ২২ বছৰ। তদুপৰি লাজকুৰীয়া স্বভাৱৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। লণ্ডনত ভাৰতীয় আইনৰ পুথি অধ্যয়ন নকৰাৰ বাবে ওকালতি কৰাৰ ক্ষেত্ৰত হিন্দু আৰু মুছলমানৰ আইনৰ বিষয়ে গান্ধীজী জ্ঞাত নাছিল। মেইনৰ হিন্দু আইনখন অধ্যয়ন কৰিও মােকর্দমা চলাবলৈ অসুবিধাত পৰিল ।Mahatma Gandhi Essay In Assamese.

মেমন নামৰ এজন সদাগৰে গান্ধীজীক তেওঁলােকৰ এটা মােকর্দমা চলাবৰ বাবে আফ্রিকালৈ যাবৰ বাবে অনুৰােধ কৰাত ১৮৯৩ চনৰ এপ্রিল মাহত জাহাজেৰে গৈ আফ্রিকাত উপস্থিত হ’ল । গান্ধীজীয়ে মােকদর্মাটোৰ বিষয়ে সকলাে নথি-পত্ৰ চাই চিতি দুয়াে পক্ষৰ মাজত মিটমাট কৰাই দিলে। যাৰ ফলত তৈয়ব ছেঠ সর্বশ্রান্ত হােৱাৰ পৰা ৰক্ষা পৰিল আৰু ছেঠ আব্দুলাৰ সন্মানাে ৰক্ষা পৰিল।

সত্যাগ্রহ আন্দোলন

Mahatma Gandhi Essay In Assamese.

গান্ধীজীয়ে দক্ষিণ আফ্রিকাত ভৰি দিয়ে তাত থকা ভাৰতীয়সকলক ইংৰাজসকলে যে হেয়জ্ঞান কৰিছিল, সেইকথা লক্ষ্য কৰিছিল। ৰেল গাড়ীত ভ্রমণ কৰোঁতে গান্ধীজী নিজেও অপদস্থ হৈছিল। তাত থকা হিন্দু, মুছলমান, খৃষ্টান, গুজৰাটী, মাদ্রাজী, পাঞ্জাবী সকলাে ভাৰতীয়ক একগােট হ’বলৈ গান্ধীজীয়ে আহ্বান জলে। গান্ধীজীৰ পৰামর্শ মতে সকলাে ভাৰতীয় একগােট হৈ ইংৰাজৰ বৰশাসনৰ বিৰুদ্ধে অহিংস আন্দোলন, সত্যাগ্রহ আৰম্ভ কৰিলে । এই সত্যাগ্রহ আন্দোলন ছবছৰ চলিছিল। গান্ধীজীৰ ত্যাগ আৰু নেতৃত্বত দক্ষিণ আফ্রিকাত থকা ভাৰতীয়সকলৰ বহুতাে সমস্যাৰ অন্ত পেলার কৰিছিল । গান্ধীজীয়ে তেও তত্মজীৱনীত লিখিছে ‘দক্ষিণ আফ্রিকাৰ ভাৰতীয় সকলৰ কাম কৰি থাকোতে প্রতি খােজতে সত্যৰ প্ৰকাশ হােৱা দেখিছিলাে। সত্য হৈছে এজোপা প্রকাণ্ড বৃহত্ৰ দৰে! সত্য সাগৰৰ তলত লুকাই থকা ৰত্ন ৰাজি পােৱা যায়। নতুন নতুন কামৰ বাট মুকলি কৰে ।

১৮৯৬ চনৰ পৰা ১৯০৩ চনলৈকে বসবাস কৰ সময়ত গান্ধজয়ে যিমানবিলাক অলংকাৰ উপহার পাইছিল সকলো উপহাৰ দেশবাসীৰ নামত এখ, দলিল কৰি উচৰ্গা কৰি দিছিল গান্ধীজী ভাৰতলৈ আহিয়েই ১৯০৩ চনত কলিকতাত অনুষ্ঠিত হােৱা কংগ্রেছৰ অধিৱেশনত যােগদান কৰিলে! এমাহৰ পাছত কলিকতাৰ পৰা আহিৰাজকোটলৈ গৈ ওকালতিৰ কাম আৰম্ভ কৰােতেই পুনৰ ১৯০৪ চনত তৃতীয়বাৰৰ বাবে আফ্রিকালৈ যাব লগা হ’ল। দক্ষিণ আফ্রিকাত থকা ভাৰতীয়সকলৰ দুৰৱস্থা দূৰ কৰিবৰ বাবে সত্য আৰু অহিংসাক মূলধন হিচাপে গ্রহণ কৰি সৰ্বমুঠ ৭০ টা মােকদ্দমা নিষ্পত্তি কৰিছিল; লগতে ৬৯ টা মােকর্দমাত জিকি অভিলেখ স্থাপন কৰিছিল। দক্ষিণ আফ্রিকাত ভাৰতীয় সকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ১৯০৬ চনত আৰম্ভ কৰা সত্যাগ্রহ ১৯১৪ চনত শেষ হৈছিল। এই কালছােৱাত গান্ধীজীয়ে আঠমাহ জেল খাটিব লগাও হৈছিল।Mahatma Gandhi Essay In Assamese.

সামাজিক আৰু ৰাজনৈতিক জীৱন

Mahatma Gandhi Essay In Assamese.

দক্ষিণ আফ্রিকত থাকোতে গান্ধীজীয়ে ফিনিক্স উপনিবেশ স্থাপন কৰি কৃষি, শিল্প আৰু শিক্ষা তিনিওটা দিশতে আত্মনিৰ্ভৰশীল হােৱাৰ অভিজ্ঞতা অর্জন কৰিছিল। ১৯১৪ চনত আফ্রিকাত পৰ নিজ মাতৃভূমিলৈ অহাৰ পাছত ১৯১৫ চনৰ ২৫ মে’ত গান্ধীজীয়ে আহমদাবাদৰ ওচৰত সবমতী নদীৰ পাৰত মুকলি আকাশ, নির্মল বায়ুৰে পৰিপূৰ্ণ আহল-বহল ঠাইত সবৰ্মত। আশ্রম প্রতিষ্ঠা কৰে। ১৯১৬ চনত লক্ষৌত অনুষ্ঠিত হােৱা কংগ্ৰেছৰ অধিৱেশনলৈ যাওঁতে এজন মানুহে গান্ধীজীক লগ ধৰি চম্পাৰণৰ নীল খেতিয়কসকলক কৰা শােষণ আৰু তেওঁলােকৰ দুর্দশাৰ কথা জনালে ।

গান্ধীজী চম্পাৰণলৈ গৈ হাজাৰ হাজাৰ কৃষকৰ কাষ চাপি সকলাে কথাৰ বুজ লৈ তেওঁলােকৰ সমস্যা বহুত সমাধান কৰিলে। ইয়াৰ পাছত আহমদাবাদৰ বস্ত্র-শিল্পৰ মালিকসকলে শ্ৰমিকসকলক কৰা শােষণৰ বিৰুদ্ধে যুঁজি উভয় পক্ষৰ মাজত এক আপােচ-মীমাংসা কৰােৱাই সমস্যাটো সমাধান কৰিলে। ১৯১৮ চনত খেদা জিলাত দুখীয়া কৃষকৰ খাজনা মাফৰ বাবে সত্যাগ্রহ কৰি কৰি ৰাইজ ভাগৰি পৰিছিল। গান্ধীজীৰ চেষ্টাত তিনি বছৰৰ ভিতৰতে চম্পাৰণ আন্দোলন, আহমদাবাদৰ বস্ত্র-শিল্প বনুৱাৰ ধর্মঘট আৰু দুখীয়া কৃষকৰ খাজনা মাফৰ বাবে কৰা তিনিওটা আন্দোলনতে সফল হােৱাত ভাৰতবাসীৰ মনত গান্ধীজীৰ প্রতি আস্থা বাঢ়িবলৈ ধৰিলে।Mahatma Gandhi Essay In Assamese.

গান্ধীজীয়ে কৰাছী, দিল্লী, কলিকতা, বােম্বাই আদি ঠাইবােৰলৈ গৈ দেশৰ হিতৰ বাবে বিভিন্ন সভা অনুষ্ঠিত কৰিছিল। বহুতাে ঠাইত গান্ধীজীক ‘মহাত্মা’ বুলি উচ্চস্বৰে ঘােষণা কৰিলে। ইয়াৰ পাছৰপৰা গান্ধীজী সর্বভাৰতীয় ভিত্তিত ‘মহাত্মা গান্ধী’ নামেৰে পৰিচিত হ’ল। ১৯১৬ চনত এনি বেচাণ্টে মাদ্রাজত ‘হােম ৰুল লীগ’ খুলি ভাৰতত স্বায়ত্ব শাসন প্রৱর্তনৰ বাবে আন্দোলন কৰিছিল। লােকমান্য বাল গংগাধৰ তিলকে পুণাত এই আন্দোলন আৰম্ভ কৰিলে।

এই কথাৰ বাবে এনি বেচাণ্টক ভাৰতৰ পৰা বহিষ্কাৰ কৰি এখন কঠোৰ অধিনিয়ম ঘােষণা কৰা হ’ল। বৃটিছ চৰকাৰৰ এনে দমননীতিৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষতে প্রতিবাদ জানালে সমতী আশ্ৰমত শংকৰলাল, সৰােজিনী নাইডু, পেটেল, উত্তম ছােভানী আদি উপস্থিত হৈ ৰাওলাট কমিটিৰ ৰিপাের্ট প্রতিবাদ জনাই এখন সভা অনুষ্ঠিত কৰিলে । সভাত সত্যাগ্রহ কৰ প্রতিজ্ঞা-পত্ৰত সকলােৱে চহী কৰিলে। মহাত্মাগান্ধী সর্বসন্মতি ক্রমে সত্যাগ্রহৰ সভাপতি হ’ল। এই সিদ্ধান্তৰ পাছত গান্ধীজীয়ে সত্যাগ্রহ কাৰ্যসূচীৰ কথা ভাইৰয়ক লিখিতভাৱে জনালে। দেশজুৰি ১৯১৯ চনৰ ৬ এপ্রিলত হৰতাল কার্যসূচী আৰম্ভ হ’ল। অমৃতৰ জালিৱানৱাল বাগ পার্কত গােট খােৱা হাজাৰ হাজাৰ মানুহক বৃটিছ চৰকাৰে গুলিয়াই নিষ্ঠুৰভাৱে হত্যা কৰিলে।Mahatma Gandhi Essay In Assamese.

Mahatma Gandhi

Mahatma Gandhi Essay In Assamese, ১৯২০ চনত হােৱা ভাৰতীয় জাতীয় কংগ্রেছৰ অধিৱেশনত অসহযােগ আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতে সমগ্ৰ ভাৰতবৰ্ষতে এই আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিলে। বৃটিছৰ দৰে এটা প্ৰৱল প্রতাপী শক্তিক পৰাভূত কৰিবৰ বাবে অহিংস আৰু অসহযােগ আন্দোলনেই অমােঘ অস্ত্ৰ বুলি বিশ্বাস ৰাখি মহাত্মা গান্ধীয়ে দেশবাসীক আহ্বান জনালে। আইন সভা বর্জন, চৰকাৰী অনুষ্ঠান আদি বর্জন, বিদেশীবস্তু বর্জন আদি বর্জন কার্যসূচী গ্রহণ কৰিলে। ১৯২১ চনত অসহযােগ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিলে ভাৰতৰ বহুতাে প্রখ্যাত আইনজীৱীয়ে ওকালতি বাদ দি আন্দোলনত সক্রিয়ভাৱে অংশ গ্রহণ কৰিলে মহাত্মা গান্ধীয়ে প্রত্যেকে সূতা কাটি কাপােৰ বৰ বাবে খাদী আৰু চৰখাৰ প্রচলন কৰিলে লগতে অস্পৃশ্যতা বর্জন, মাদক দ্রব্য নিবাৰণী কাৰ্যসূচী হাতত ল’লে। গান্ধীজীয়ে অসহযােগ আন্দোলনৰ জৰিয়তে ভাৰতবাসীক এটা সম্পূর্ণ আত্মনিৰ্ভৰশীল জাতিৰূপে গঢ় দিবলৈ সর্বতােপ্রকাৰে যত্ন কৰিছিল।

Mahatma Gandhi Essay In Assamese, ১৯২১ চনত মহাত্মাগান্ধী প্রথমবাৰৰ বাবে অসমলৈ আহি বিভিন্ন ঠাইত আন্দোলনকাৰী সকল উৎসাহিত কৰি তােলে। ১৯২২ চনত আইন অমান্য আন্দোলন বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। এই সুযােগতে মহাত্মাগান্ধী আৰু আন বহুতাে নেতাক গ্রেপ্তাৰ কৰি ইংৰাজ চৰকাৰে জে’লত কাৰাবন্দী কৰি ৰাখিলে। ১৯২৪ চনত কাৰাগাৰৰপৰা মুক্তি দিয়াৰ পাছতেই বেলগাঁও অধিৱেশনত গান্ধীজীক সভাপতিৰ দায়িত্ব দিয়া হ’ল। ১৯২৫ চনত সভাপতিৰ পদ ইস্তফা দি ১৯২৯ চনলৈকে সমতী আশ্ৰমত বিভিন্ন গঠনমূলক কামবােৰ কাৰ্য্যকৰী কৰাত গুৰুত্ব দিছিল। ১৯২৫ চনৰ নবেম্বৰ মাহত মীৰা বেন সবমতী আশ্ৰমলৈ আহি মহাত্মা গান্ধীৰ শিষ্যত্ব গ্ৰহণ কৰাৰ উপৰিও সবাতােকৈ বিশ্বস্ত সহযােগীৰূপে থাকি মহাত্মা গান্ধীৰ সকলাে কামত সহায় কৰিবলৈ লয়।


১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত পূর্ণ স্বাধীনতাৰ বাবে সংকল্প ল’বলৈ এটা প্রস্তাৱ গৃহীত হ’ল। ১৯২৯ চনত লাহােৰত বহা কংগ্ৰেছৰ অধিৱেশনত পূর্ণ স্বাধীনতাই কংগ্ৰেছৰ লক্ষ্য বুলি ঘােষণা কৰিলে। এই সিদ্ধান্তৰ ভিত্তিতেই ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতবাসীয়ে স্বাধীনতা দিবস পালন কৰে। এই কার্যত বিতুষ্ট হৈ বৃটিছ চৰকাৰে দমননীতি প্রয়ােগ কৰিলে। জনতাৰ ওপৰত চলােৱা অত্যাচাৰ বন্ধ নকৰিলে পুনৰ আইন অমান্য আন্দোলন কৰা হ’ব বুলি মহাত্মা গান্ধীয়ে বৃটিছ চৰকাৰক সকীয়াই দিলে।Mahatma Gandhi Essay In Assamese.

১৯৩০ চনৰ ফেব্ৰুৱাৰী মাহত সবৰমতী আশ্ৰমত কংগ্ৰেছ ৱর্কিং কমিটিত মার্চ মাহৰ ১২ তাৰিখে লােণ আইন ভংগৰ বাবে সাগৰৰ উপকূললৈ ডাণ্ডিযাত্ৰা কৰা হ’ব বুলি গান্ধীজীয়ে ঘােষণা কৰিলে। সাগৰৰ উপকূললৈ ২৫০ কি.মি.ৰাস্তা খােজ কাঢ়ি ডাণ্ডিযাত্রা কৰিবলৈ মহাত্মা গান্ধীৰ লগত ৮০ জন মানুহ সাজু হ’ল। ৬ এপ্রিলৰ দিনা হাজাৰ হাজাৰ জনতাই সাগৰৰ উপকূলত থিয় হৈলােণ আইন’ভংগ কৰিলে। বৃটিছ চৰকাৰে এফালৰ পৰা সকলােকে গ্রেপ্তাৰ কৰাত লাগিল। মে’মাহৰ ৫ তাৰিখে কাম শেষ কৰি ঘূৰি আহোঁতে মহাত্মা গান্ধীক গ্রেপ্তাৰ কৰি ইৰােডা জে’লত ৰাখিলে। লােণ আইন অমান্য আন্দোলনত ভাৰতৰ বিভিন্ন ঠাইত ১৩০ জন লােক নিহিত ৪২০ জন আহত হােৱাৰ উপৰিও প্রায় একলাখ মানুহক গ্রেপ্তাৰ কৰি জে’ললৈ পঠাইছিল। ১৯৩১ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক মুক্তি দিলে।


Mahatma Gandhi Essay In Assamese, ১৯৩১ চনত লণ্ডনত অনুষ্ঠিত কৰা দ্বিতীয় ঘূৰণীয়া মেজ মেলত গান্ধীজীয়ে অংশ গ্ৰহণ কৰিছিল। ১৯৩১ চনৰ মাৰ্চ মাহৰ ৪ তাৰিখে ‘গান্ধী আৰউইন’চুক্তি স্বাক্ষৰিত হ’ল। এই চুক্তি বৃটিছ চৰকাৰে মানি চলিব বুলি স্বাক্ষৰ কৰিলে। কিন্তু এই চুক্তি বৃটিছ চৰকাৰে মানি নচলাৰ বাবে পুনৰ সত্যাগ্রহ কৰিবলৈ স্থিৰ কৰিলে। ১৯৩২ চনৰ জানুৱাৰী মাহৰ ৪ তাৰিখে মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলক গ্রেপ্তাৰ কৰিলে। বিভিন্ন ঠাইত অশান্তিৰ দাবানল জ্বলি উঠিল। বৃটিছ চৰকাৰে অত্যাচাৰ আৰম্ভ কৰি হাজাৰ হাজাৰ লােকক জে’লত ভৰালে ! এইকথা জানি গান্ধীজীয়ে জে’লতে অনশন আৰম্ভ কৰিলে। সপ্তম দিনা পুনা চুক্তি স্বাক্ষৰিত হােৱাত ২৬ চেপ্তেম্বৰত গান্ধীজীয়ে অনশন ভংগ কৰিলে।

Mahatma Gandhi Essay In Assamese, ১৯৪২ চনত পুনৰ অহিংস অসহযােগ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰি বােম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনত আগষ্টৰ ৮ তাৰিখে ‘ভাৰত ত্যাগ’ প্রস্তাৱ গ্রহণ কৰিলে। ৯ আগষ্ট তাৰিখে গান্ধীজী, জৱাহৰলাল নেহৰুকে ধৰি ৱর্কিং কমিটিৰ সকলােকে গ্রেপ্তাৰ কৰি বৃটিছ বাহিনীয়ে জেললৈ পঠালে। সমগ্ৰ ভাৰতবৰ্ষতে ‘ভাৰত ত্যাগ’ আন্দোলনৰ অগনি জ্বলি উঠিল। বহুতােলােক জেলত সােমাল, অনেকে মৃত্যুবৰণ কৰিব লগা হ’ল। লক্ষ্মৌ, বিহাৰ, বােম্বাই, কলিকতা আদি ঠাইত পুলিচ চিপাহীয়ে লাঠী চার্জ-গুলি চালনাৰ বাতৰি পাই মহাত্মা গান্ধী আৰু নেহৰু অতি চিন্তাত পৰি তাৰ নিৰাময়ৰ কথা ভাবিলে। Mahatma Gandhi Essay In Assamese.

আনহাতে ১৯৪৬ চনৰ ২১ ফেব্ৰুৱাৰীত ৰয়েল ইণ্ডিয়ান নেভিয়ে বিদ্রোহ কৰি বৃটিছ চৰকাৰৰ প্রতি অসন্তুষ্টি প্রকাশ কৰিলে। শিল্প উদ্যোগৰ কৰ্মচাৰী, বেংক কর্মচাৰী, ডাক-তাৰ বিভাগ, ৰে’ল বিভাগৰ কৰ্মচাৰী সকলেও অসহযােগ আন্দোলনত যােগদান কৰি ভাৰতক বৃটিছ চৰকাৰৰ পৰা মুক্ত কৰিবলৈ উঠি পৰি লাগিল। ১৯৪৬ চনত ২৩ জুলাইত বােম্বাইৰ বস্ত্রশিল্প আৰু অন্য কর্মচাৰীসকল একগােট হৈ প্রায় তিনিলাখ লােকে আন্দোলনত যােগদান কৰিছিল। কলিকতাতত পঁচিশ হাজাৰ ডাক আৰু টেলিগ্রাফ কৰ্মচাৰীয়ে একত্রিত ভাৱে অসহযােগ কাৰ্যসূচীত অংশ গ্রহণ কৰি প্রতিবাদ জনালে।Mahatma Gandhi Essay In Assamese.

এইদৰে সমগ্ৰ ভাৰতবৰ্ষ সর্বাত্মক অসহযােগ আন্দোলনত যােগ দিয়াত বৃটিছ চৰকাৰৰ গা লৰিল। ১৯৪৬ চনত বৃটিছ কেবিনেট মিছন আৰু মন্ত্রী আয়ােগ ভাৰতলৈ আহি ভাৰতক পূর্ণ স্বাধীনতা দিয়াৰ সন্দৰ্ভত আলােচনা কৰিলে। ১৯৪৬ চনৰ ১৬ আগষ্টত মুছলিম লীগে প্রত্যক্ষ সংগ্ৰামৰ ভূমিকা গ্ৰহণ কৰাত কলিকতা, বিহাৰ আৰু উত্তৰ প্ৰদেশত হিন্দু-মুছলমানৰ মাজত সংঘর্ষ লাগিল। মহাত্মা গান্ধীয়ে বিহাৰ, উত্তৰ প্রদেশ আৰু নােৱাখালীৰ স্পর্শকাতৰ অঞ্চলৰবাৰলৈ গৈ বুজনি দি নােৱাখালীত চাৰি মাহ কটালে।

অৱশেষত এখন ভাৰত দুখন ৰাষ্ট্ৰত বিভক্ত হৈ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বাধীন হ’ল। অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ সবল নেতৃত্বত, সহস্রাধিক শ্বহীদৰ অসীম ত্যাগ আৰু লাখ লাখ জনতাৰ সীমাহীন কষ্টৰ বিনিময়ত ভাৰত মাতাৰ বুকু ১৫ আগষ্টৰ দিনা সহস্ৰখন ত্ৰিৰংগ পতাকা উত্তোলনেৰে উজ্বলি উঠিল।Mahatma Gandhi Essay In Assamese.

চতুর্দিশৰপৰা বাপুজীলৈ অভিনন্দন আহিবলৈ ধৰিলে। লর্ড মাউন্টবেটেনে গান্ধীজীলৈ লিখা চিঠিত এজনীয়া সীমান্তৰক্ষী বাহিনী’ বুলি অভিনন্দন জনালে। দেশ বিভাজনৰ পাছত বিভিন্ন ঠাইত হােৱা সাম্প্রদায়িক সংঘর্ষই মহাত্মা গান্ধীক অস্থিৰ কৰি তুলিছিল। কলিকতাৰ পৰা গৈ দিল্লীৰ স্পর্শকাতৰ অঞ্চলবােৰ ভ্ৰমণ কৰিলে৷ পৰিস্থিতি শান্ত নােহােৱাত ১৯৪৮ চনৰ ১৬ জানুৱাৰী তাৰিখে অনশনত বহিল। অনশনে শান্তি ঘূৰাই অনাত ১৯ জানুৱাৰী তাৰিখে অনশন ভংগ কৰিলে! ৩০ জানুৱাৰী তাৰিখে বিৰলা মন্দিৰত প্রার্থনা কৰি উভতি আহোঁতেই নিচেই ওচৰৰ পৰা নাথুৰামে বাপুজীক গুলিয়াই হত্যা কৰিলে স্বাধীনতা পােৱাৰ মাত্র পাঁচ মাহৰ পাহতে। সমগ্র বিশ্ববাসী গান্ধীজীৰ মৃত্যুত ম্রিয়মান হৈ পৰিল। দিল্লীৰ ৰাজঘাটে মহাত্মা গান্ধীক সদায় স্মৰণীয় কৰি ৰাখিব।

সামৰণি

Mahatma Gandhi Essay In Assamese.

মহাত্মা গান্ধীয়ে আঁঠুৰ মূৰত চুৰীয়া পিন্ধি কাশ্মীৰ পৰা কুমাৰীকালৈ, গুজৰাটৰ পৰা শদিয়ালৈকে খােজ কাঢ়ি সমগ্ৰ ভাৰতবাসীক স্বাধীনতাৰ মন্ত্রপুত কৰি সচেতন কৰি তুলিছিল। হাতত অস্ত্র নােলােৱাকৈ বৃটিছৰ দৰে প্ৰৱল প্রতাপী শক্তিক পৰাভূত কৰি ভাৰতৰ স্বাধীনতা অনা কার্য এক আশ্চর্যপূর্ণ কাম আছিল। সত্য আৰু অহিংসাৰ অসীম শক্তিৰ কথা মহাত্মা গান্ধীয়ে গভীৰভাৱে বুজি পাইছিল। এই বিশ্বাস ভাৰতীয় চিন্তাৰ ওপৰত প্রতিষ্ঠিত।নীতিমূলক আইনৰ কথাত গান্ধীজীৰ দৃঢ় বিশ্বাস আছিল। সত্য আৰুঅহিংসাৰ শক্তিয়ে গান্ধীজীক অস্বাভাৱিক শক্তিৰ অধিকাৰী কৰি তুলিছিল।

মহাত্মাগান্ধীয়ে গীতা শাস্ত্ৰৰ আদৰ্শক শ্ৰদ্ধাৰে মানি চলিছিল। MyExperiments with Truth’ তেখেতৰ বিখ্যাত আত্মজীৱনীমূলক গ্রন্থ। সমগ্ৰ ভাৰতবাসীৰ কাৰণে অতি গৌৰৱৰ কথা, মহাত্মা গান্ধীয়ে ‘অহিংসাই পৰম ধর্ম’ যি বাণী প্রচাৰ কৰিছিল তাক সমগ্র বিশ্বই শ্ৰদ্ধাৰে স্মৰণ কৰিছে। পৃথিৱীত শান্তি প্রতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘই মহাত্মা গান্ধী জন্মদিন ২ অক্টোবৰৰ দিনটো, আন্তর্জাতিক অহিংসা দিবস ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। Mahatma Gandhi Essay In Assamese.

Leave a Comment