Nirmal Prabha Bordoloi

কবি নির্মলপ্ৰভা বৰদলৈ, Nirmal Prabha Bordoloi. ইংৰাজ কবি ৱৰ্ডছৰ্থে এষাৰ সােণসেৰীয়া কথা কবিতাৰ প্ৰসংগত কৈ গৈছে—আপােনা-আপুনি পাৰ বাগৰি অহা আৱেগৰ ঢলেই হ’ল কবিতা।”সার্থক কবিতাই পাঠকৰ হৃদয়-তন্ত্রীত জোকাৰণি তােলে— আপ্লুত কৰি তােলে কাব্যৰসেৰে মন মগজু হৃদয়। সেয়ে ভাল কবিতা শাশ্বত, অক্ষয়, অব্যয়।

আৰম্ভণি

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক ,গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা,
গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা। ‘ সূদীৰ্ঘ দিন আৰু ঋতু’ শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

পৰিচয়

এনে এগৰাকী কবি যি আজীৱন সাৰস্বত সাধনাৰে মহীয়সী, গৰিমাৰে গৰীয়সী, আধুনিক অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনত সােণালী আখৰেৰে লিখি থােৱা এটি নাম ড° নির্মলপ্ৰভা বৰদলৈ। ড° নির্মল প্রভা বৰদলৈৰ প্রতিভা আছিল বহুধা বিভক্ত। তেওঁ আছিল একাধাৰে বিশিষ্ট কবি, গীতিকাৰ, শিশু-সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ আৰু পাচ্যতত্ত্ব গৱেষক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু অধ্যাপিকা ড° বৰদলৈয়ে নিজ পাণ্ডিত্যৰ বলত বিশ্ববিদ্যালয় অনুদান আয়ােগৰ দ্বাৰা ৰাষ্ট্রীয় অধ্যাপিকা পদতাে নিযুক্ত হৈছিল। সাহিত্য কর্ম স্বীকৃতি হিচাপে এদিন ড° নির্মলপ্ৰভা বৰদলৈয়ে লাভকৰিলে সাহিত্য অকাডেমী বঁটা। ১৯৯১ চনত অসম সাহিত্য সভাৰ সপ্তপঞ্চাশতম্ দুধনৈ অধিৱেশনৰ সমন্বয় ক্ষেত্রত পদ্মশ্রী নলিনীবালা দেৱীৰ পিছত দ্বিতীয় গৰাকী মহিলা সভানেত্রী হিচাপে অধিষ্ঠিত হল সৰস্বতী’ নির্মলপ্ৰভা বৰদলৈ। Nirmal Prabha Bordoloi.

কবিগৰাকীৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুনৰ দিনা, শিৱসাগৰৰ পুৰণা আমােলাপট্টিত। পিতৃৰ নাম ধর্মেশ্বৰ শৰ্মা বৰদলৈ, মাতৃ মুক্তাবালা। নির্মলপ্ৰভাৰ জন্ম হৈছিল এনে এক নৈষ্ঠিক ব্রাহ্মণ পৰিয়ালত—বাল্য বিবাহ যত বিধি নিরূপিত। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় শিৱসাগৰৰ ২ নং প্ৰাইমাৰী বিদ্যালয়ত। মাধ্যমিক শিক্ষাগ্ৰহণ কৰে শিৱসাগৰৰে ফুলেশ্বৰী হাইস্কুলত। জয়সাগৰ কলেজৰ পৰা আই.এ.ত উত্তীৰ্ণ হয়।

চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতে নিৰ্মলপ্ৰভা বৰদলৈয়ে জীৱনৰ প্ৰথমটো কবিতা লিখে। সমাজৰ পৰম্পৰা অনুযায়ী এঘাৰ বছৰ নৌহওঁতেই ১৯৪৩ চনৰ ১৩ ডিচেম্বৰৰ দিনা ৰােহিনী’ৰূপী নির্মলপ্রভাই কইনাৰ সাজ পিন্ধিলে। ১৩ বছৰ বয়সত এটি কন্যা সন্তানৰ মাতৃ হ’ল। সিমানতে তেওঁ যুগ্ম সাংসাৰিক জীৱনৰাে সমাপ্তি ঘটিল। সেই ১৩ বছৰ বয়সৰেপৰা জীৱনৰ কণ্টকময় পথ আত্মশক্তিৰে অতিক্ৰম কৰি নিৰ্মলপ্ৰভাই জয় কৰিলে জীৱনক। নিৰলস প্রজ্ঞাৰ সাধনাৰে তেওঁ নিৰ্মাণ কৰিলে সৃষ্টিৰ এক স্বর্ণ দেউল। Nirmal Prabha Bordoloi.

কাব্য প্রতিভা

নির্মলপ্ৰভা বৰদলৈ(Nirmal Prabha Bordoloi), যুদ্ধোত্তৰ কালৰ অসমীয়া কাব্যজগতত কবি হিচাপে সু প্রতিষ্ঠিত। পঞ্চাশৰ দশকৰ পৰা পাঁচোটা দশকৰ ওপৰকাল তেওঁ বিচৰণ কৰিছিল শব্দৰ জগতত। সেয়ে তেওঁ কৈছিল,

“মই শব্দবােৰৰ মাজত

শব্দবােৰ মােৰ মাজত

শব্দবােৰৰ মাজত মই।

নির্মলপ্ৰভাৰ অন্তৰত অমিতাভ শব্দই প্রথম ভুমুকি মাৰিছিল চতুর্থ শ্ৰেণীত পঢ়ি থাকোতেই। জীৱন-জীৱন বৰ অনুপম’ আত্ম-জীৱনীত তেওঁ এনেদৰে সেই দিনটোৰ বর্ণনা দিছে ।

লেখকৰ মতে, “প্রথম কবিতা লিখাৰ দিনটো আছিল ৰ’দ-বৰষুণে জিলমিলকৈ থকা এটা আবেলি। পঢ়া কোঠাৰ কাষৰ হাচনাহানাজোপাৰ বগা ফুলবােৰ জকমকাই আছিল। মই খিৰিকিত উঠি খিৰিকিৰ ৰেলিং এডালত ধৰি দুলি আছিলাে। দোলনৰ লগে লগে মােৰ মনলৈ ছন্দ আহিছিল। ছন্দই ছন্দই কথাবোেৰ মিলি মিলি যায়- কি যে ভাল লগা এই আখৰ মিলােৱা কামটো। চাওঁতে চাওঁতে এটা অর্থ থকা পদ্য মুখে মুখে হ’ল। মই লৰালৰিকৈ নামি কাগজ এখনত লিখি পেলালাে আৰু আনন্দৰ আতিশয্যত দেউতাৰ ওচৰ পালােগৈ।” Nirmal Prabha Bordoloi.


কবিতাক অন্তকৰণেৰে ভালপােৱা সেই কিশােৰী নিৰ্মলপ্রভা এদিন ডাঙৰ হ’ল। মূর্তমান হৈ উঠিল তেওঁৰ কাব্য প্রতিভা সর্বসাধাৰণ মানুহৰ সুখ-দুখ, প্রাপ্তি-অপ্রাপ্তি, প্রেম-বিৰহ, আনন্দ-বিষাদ, নিঃসংগতা, গ্রাম্য জীৱনৰ ৰূপৰস-গন্ধ-স্পর্শ আদি বিষয়ৰ লগতে সাম্প্রতিক ৰক্তাক্ত সময়ৰ এখন জলছবি তেওঁৰ কবিতাসমূহত ধাংময় হৈ উঠিল। Nirmal Prabha Bordoloi.

কাব্য প্রতিভাৰ স্বীকৃতি

১৯৫০ চনতে ৰামধেনু’আলােচনীত প্রকাশিত বার্ণাড শ্ব’ কবিতাৰ জৰিয়তে কাব্যৰসিকৰ দৃষ্টি আকর্ষণ কৰা নিৰ্মলপ্ৰভা বৰদলৈৰ প্রথম কাব্য সংকলন বন ফৰিঙৰৰং’১৯৫৭ চনত প্রকাশ হয়। ক্রমশঃ তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছে সমীপেষু’, ‘দিনৰ পাছত দিন’, ‘অন্তৰংগ’, সুদীর্ঘ দিন আৰু ঋতু’, শব্দৰ ইপাৰে শব্দৰ সিপাৰে’, ‘অমিতাভ শব্দ’, ‘ড° নির্মলপ্ৰভা বৰদলৈৰ নির্বাচিত কবিতা’, বসন্তৰ এদিন’(যন্ত্রস্থ) আদিকাব্য সংকলনৰ। উল্লেখযােগ্য যে তেওঁ দিনৰ পাছত দিন’কাব্য গ্রন্থৰ বাবে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা (১৯৭৭) আৰু সুদীর্ঘ দিন আৰু ঋতুকাব্যগ্রন্থৰ বাবে ১৯৮৩ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে। Nirmal Prabha Bordoloi.

নির্মলপ্ৰভা বৰদলৈৰ ভালেমান কবিতা ইংৰাজীলৈ অনুবাদ হৈছে। অনুবাদকসকলৰ ভিতৰত বৰুৱা, ড° ৰাঘবেন্দ্ৰ ৰাও, ডনৱনীতা দেৱসেন, ড° ভােলাভাই পেটেল, ড° প্রফুল্ল দত্ত গােস্বামী, ড° মহেন্দ্র বৰা, ড° হীৰেন গােহাঁই, ভবেন বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, হীৰেন দত্ত, প্রদীপ আচার্য্য, অজিৎ বৰুৱা, অতুলানন্দ গােস্বামী আদি অন্যতম। বিশ্বৰ বহু ভাষালৈ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা ৰূপান্তৰ আৰু তর্জমা হৈছে। তেওঁৰ হিন্দী আৰু ৭ ইংৰাজীলৈ অনুদিত কাব্যপুথি হ’ল— ‘ বন্দুকো কী আৱাজ চে সুবহ হ’তী হেক্যা’ আৰু The Dawn’। নির্মলপ্ৰভাৰ কবিতাত বিমুগ্ধ হৈ অৱসৰপ্ৰাপ্ত মানৱ সম্পদ বিভাগৰ সচিব আই.এ. এছ. বিষয়া কে. কে. খুল্লৰে তেওঁক নাইটিংগেল অৱ আসাম’ বুলি অভিহিত কৰিছিল। Nirmal Prabha Bordoloi.

কবিতাৰ বৈশিষ্ট্য

নির্মলপ্ৰভা বৰদলৈৰ (Nirmal Prabha Bordoloi), কবিতাত প্ৰকৃতিয়ে জীৱন্ত ৰূপ পৰিগ্ৰহ কৰিছে। কবিৰ শৈশৱৰ পৰিৱেশ, সেউজীয়াৰংৰূপ,ছয় ঋতু সজীৱবৰ্ণনা, প্রকৃতিজগতৰ ঐশ্বর্যময় তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। তেওঁৰ কবিতাত কল্পচিত্ৰৰ ঘনায়িতৰূপ, সঠিক চিত্রণ মন কৰিলগীয়া। আহিনৰ এটি লেণ্ডস্কেপ তেওঁশব্দেৰে আঁকিছে এনেদৰে-

“আহিন কি যে যাদুকৰী ঐ

সেউজী এখনি নৈ

তাৰে ওপৰত

বৰ আলফুলে

কুঁৱলী ৰঙৰ

আনখনি থাকে বৈ।”

মাঘৰ এটি লেণ্ডস্কেপ-

“বেলিটোৱে গা ধুইছিল

দোকমােকালিতে

নৈ খনত

কুঁৱলীয়ে তৰি দিছিল

আবুৰ।”

মহিলা কবি হিচাপে নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰায়বােৰ কবিতাতে নাৰী জীৱনৰ বিভিন্ন দিশ বাংময় ৰূপত প্রতিভাত হৈছে। মহাকাব্যৰ যুগৰ পৰা সাম্প্রতিক কাললৈকে নাৰীয়ে সন্মুখীন হৈ অহা লাঞ্চনা আৰু বঞ্চনা, শােষিত আৰু নিষ্পেষিত ৰূপক তেওঁ কবিতাৰ ভাষাৰে ব্যক্ত কৰিছে। দ্রৌপদী’, সীতা’, ‘গান্ধাৰী’ আদি কবিতাৰ যােগেদি নাৰীৰ বজাদপি কঠোৰানি মৃদুনি কুসুমাদপি’–এই দুয়ােটা ৰূপ প্রতিফলিত হৈছে। Nirmal Prabha Bordoloi.

নির্মলপ্ৰভা বৰদলৈৰ অনেক কবিতাৰ ভিতৰৰে এটা কালজয়ী কবিতা হ’লবন ফৰিঙৰ কাব্যগ্রন্থত সংকলিত দ্রৌপদী। নৱযুগ’নামৰ আলােচনীত কবিতাটি প্রকাশিত হৈ তদানীন্তন আলােড়নৰ সৃষ্টি কৰিছিল। কবিতাটিত ব্যংগাত্মক প্রকাশভংগীৰ মাজেৰে ফুটি উঠিছে নাৰী মনৰ এক চিৰন্তন সত্যতা। সমাজ যেতিয়া অন্যায় অনীতিৰে ভৰি পৰে, বিভেদৰ প্ৰাচীৰ যেতিয়া থিয় হয় যেতিয়া হয় অগ্নিগর্ভা তেতিয়া কবিৰ কলম হৈ পৰে একোপাত অস্ত্র। নির্মলপ্ৰভায়াে এচাম ডেকা গাভৰুৱে বাট এৰি অবাটে যােৱাৰ ৰক্তাক্ত সময়ত সকীয়নি দিছিল

কবিতাৰে তেওঁ দিব খুজিছিল গতিহীনতাক গতি। দানৱক সংহাৰ কৰি তাৰেই জ্বলাই তেওঁ পােহৰাব খুজিছিল কালৰাত্ৰিৰ অন্ধকাৰ। দুষ্কৃতিক গুচকি খচকি, কালজিভা চিৰচিৰ কৰিব খুজিছিল জাতিৰ বিভেদ মাতি অনা বিভেদকাৰীক। তেওঁ দীপ্ত সূৰুযৰ পােহৰ খুজিছিল হাজাৰজনৰ চকুত। নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্য-ৰীতিৰ এক বিশেষ বেশিষ্ট্য হ’ল মিতভাষিতা। কবিতাৰ সংযেত আৰু নিটোল ৰূপে তেওঁৰ কবিতাক এক নতুন আয়তন দিবলৈ সমৰ্থ হৈছে। জাপানী হাইকুৰ দৰে চুটি চুটি পংক্তিৰ মাজতেই প্রতিফলিত হৈছে এটি সুন্দৰ মনােভংগী। কোনে বাৰু পাহৰিব পাৰিব সেই কালজয়ী কবিতা । Nirmal Prabha Bordoloi.

কবি নির্মলপ্রভাৰ মতে “জীৱনতকৈ ডাঙৰ কবিতা আৰু একো নাই। জীৱন এক অনন্ত কবিতা বুজাৰ নুবুজাৰ, জোনাকৰ, ধুমুহাৰ, নােপােৱাৰ-পােৱাৰ, পাই হেৰুওৱাৰ, কোমলতাৰ, স্বপ্ন, সৌন্দৰ্যৰ, পােহৰৰ, অন্ধকাৰৰ, যন্ত্রণাৰ, নিসংগতাৰ, অসহায়তাৰ, কঠিনতাৰ, সত্য উচ্চাৰণৰ, শশাষণৰ, দগ্ধতাৰ, কাতৰতাৰ, আর্তনাদৰ অৰ, প্রতিজ্ঞাৰ।”নির্মলপ্রভা নিজেই এটা নিটোল কবিতা; সমগ্র সত্তা তেওঁ বিলীয়মান হৈ আছে আজিও কবিতাৰ মাজত। স্বল্পভাষী ৰীতি, অগতানুগতিক অথচ সহজবােধ্য চিত্রকল্প, গীতি ধর্মিতা, শব্দচাতুৰ্য আৰু প্রকাশভংগীৰ অভিনৱত্বই তেওঁৰ কবিতাত সােণত সুৱগা চৰাইছে। নির্মলপ্ৰভা বৰদলৈৰ সামৰণি কবিতাই মনলৈ কঢ়িয়াই আনে গভীৰ প্রশান্তি, ভাব আৰু অনুভূতিৰ স্বতঃস্ফুট প্রকাশ ৰীতিয়ে উন্মােচিত কৰে মনৰ দিগন্ত। সেয়েহে সকলোৰে প্রিয় কবি নির্মলপ্রভা। মৃত্যুৰ কষটি শিলত জীৱনক খােদিত কৰি থৈ যােৱা এইগৰাকী বৰেণ্যা কবি সত্তাক শতকোটি প্রণাম। Nirmal Prabha Bordoloi.

To get more biography Click Here.

Leave a Comment

error: Content is protected !!