Parvati Prasad Baruah

আৰম্ভণি

কল্পনাৰপৰা সৃষ্টি হয় কবিতা অনুপম ৰূপত। কবিৰাে হেনাে জন্ম হয়।Parvati Prasad Baruah, সেয়েহে বােধকৰাে সকলােৰে কাপত কবিতাৰ কলিবােৰ নিগৰি নিগৰি প্রকাশ নাপায়। অসম নামৰ থলী। অসমৰ আকাশে বতাহে শংকৰদেৱে প্ৰচাৰ কৰা নাম-কীৰ্তনৰ উপৰিও আইনাম, বিয়ানাম, বিহুনাম,বৰাগীনাম, টোকাৰীনাম, দিহানাম, দেহ-বিচাৰৰ নামৰ সুৰৰ ধ্বনিত অসমীয়া মানুহ আত্মহাৰা হৈ পৰে। প্রসিদ্ধ অসমীয়া গীতিকবি পার্বতি প্ৰসাদ বৰুৱাৰ কবিতাত-গীততসুৰত থলুৱা অসমীয়া সুৰীয়া গীতৰ সুৰ ধ্বনিত হৈ মানুহৰ মন মুহিছিল।

জন্ম আৰু শিক্ষা

Parvati Prasad Baruah.

ঐতিহ্যৰে পৰিপূৰ্ণ শিৱসাগৰ নগৰৰ দিখৌ নদীৰ দলঙৰ সমীপতে থকা সংস্কৃতিবান বৰুৱা পৰিয়ালত গীতিকবি পার্বতি প্ৰসাদ বৰুৱাৰ জন্ম হয় ১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে। পিতৃৰ নাম ৰায়চাহাব ৰাধিকা প্রসাদ বৰুৱা। তেখেত অভয়পুৰ মৌজাৰ মৌজাদাৰৰ আছিল। মাতৃৰ নাম হিমলা দেৱী। শিৱসাগৰ নগৰত থকা ফুলেশ্বৰী ইনষ্টিটিউটত প্রাথমিক শিক্ষা গ্রহণ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা (বর্তমান উচ্চতৰ মাধ্যমিক) ১৯২১ চনত প্রথম বিভাগত প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। গুৱাহাটীৰ কটন কলেজত নাম ভর্তি কৰি আই.এছ.চি. পৰীক্ষাত উত্তীর্ণ হয়।বি.এ. ডিগ্রী লাভ কৰে কলিকতাৰ স্কটিছ চার্চ কলেজৰ পৰা।

ছাত্ৰ অৱস্থাৰ পৰাই পার্বতি প্ৰসাদ বৰুৱাৰ চাল-চলন, কথা-বতৰা কবি সুলভ আছিল। তেওঁৰ হেৰ’ বলিয়া নয়ন ভৰি ভৰি চা’ গীতটো কলিকতাৰ ছাত্ৰসকলৰ মাজত নিজে সুন্দৰ সুৰেৰে পৰিৱেশন কৰি লগৰীয়া সকলক আনন্দ দিছিল। কলিকতাত পঢ়ি থাকোঁতে ৰবীন্দ্র সংগীতৰ প্রতি আকৃষ্ট হৈ ৰবীন্দ্র সংগীত চর্চা কৰি নিয়মিতভাৱে ৰবীন্দ্র সংগীত গাইছিল। Parvati Prasad Baruah.

ব্যৱসায়ী জীৱন

Parvati Prasad Baruah.

বি.এ.পাছ কৰাৰ পাছত প্রখ্যাত চাহ খেতিয়ক মােমায়েক শিৱপ্ৰসাদ বৰুৱাৰ সৰু চৰাই বাগিছাত কাম শিকি, প্রথমতে ‘গণ্টি মহৰী’ কামত সােমায়। পৰৱৰ্তীকালত ‘গণ্টি চাহাব’ পদলৈ প্রমােচন পায়। পাবর্তি প্রসাদ বৰুৱাই পদ্ম কুমাৰীক বিবাহ কৰায়। তেখেতৰ তিনিজন পুত্ৰ আৰু চাৰি গৰাকী জীয়াৰী। তেখেতে সােণাৰি নগৰৰ এক বৃহৎ অঞ্চল, সােণাৰি চাহ বাগিছাখন বৃটিছ কোম্পানী এটাৰ পৰা কিনি লৈ সােণাৰি নগৰতে নিজে স্থায়ীভাৱে বসবাস কৰি চাহ বাগান চলােৱাৰ উপৰিও নিজ ভাতৃ কামাখ্যা প্রসাদ বৰুৱাকো সােণাৰিতে স্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰি দিয়ে।

পার্বতি প্রসাদ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ স্মৃতিত সােণাৰিত ‘ভগৱতী প্রসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রতিষ্ঠা কৰি উচৰ্গা কৰে। ১৯৬৩ চনত বিদ্যালয়ৰ প্রধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত খেলি মেলি হােৱাত চৰকাৰী পক্ষই পার্বতি প্ৰসাদ বৰুৱাক প্রধান শিক্ষকৰ দায়িত্ব গ্রহণ কৰিবলৈ অনুৰােধ কৰে। তেখেতে অসুখীয়া গাৰেই অনুৰােধ ৰক্ষা কৰি ১৮ দিন প্রধান শিক্ষকৰ দায়িত্বত থাকিব লগা হয়।

এটি কলি দুটি পাতেৰে ভৰপুৰ চাহ বাগিচাৰ মালিক হৈও সমাজ-সংস্কৃতিক বাদ নিদি আইনাম, বিয়ানাম, বৰগীত, বনগীতৰ সুৰ প্ৰয়োগেৰে অসমীয়া সংগীত জগতত এটা নতুন ধাৰাৰ সংযোজন কৰিছিল গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই । ওপজা মাটিৰ সুবাসেৰে সুবাসিত বহু চিৰসেউজ গীত-কাব্য সাহিত্যৰ স্ৰষ্টা এইগৰাকী মহান অসমীয়াৰ আন এক অনুপম সৃষ্টি হ’ল “জোনাকী মেল”। জোনাকীৰ পোহৰেৰে জগত পোহৰ কৰাৰ সপোন দেখিছিল গীতিকবি গৰাকীয়ে। তেওঁৰ দুজন বন্ধু সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই আৰু শশীচন্দ্ৰ বৰবৰুৱাক লগত লৈ যোৰহাটৰ সৰুচৰাই চাহ বাগিচাত ডেকা কালতেই কোনোবা এটি শাৰদী সন্ধিয়াত আৰম্ভ কৰিছিল জোনাকী মেলৰ ৷ আনুষ্ঠানিকতাৰ বিপৰীতে অনানুষ্ঠানিক ভাবে গীত-কবিতা, কথাৰে সজোৱা “জোনাকী মেল” গীতিকবিৰ অমৰ সৃষ্টি। Parvati Prasad Baruah.

সাহিত্য-সংস্কৃতিলৈ অৱদান

পার্বতি প্রসাদ বৰুৱাই(Parvati Prasad Baruah) নিজে গীত-কবিতা লিখি অসমীয়া লােকগীতৰ সুৰ সংমিশ্রণ ঘটাই নৱৰূপ দিছিল। তেওঁৰ প্রতিটো গীতৰ সুৰত বিহুগীত, বনগীত, টোকাৰী গীত, নিচুকনি গীত আদিৰ সুৰৰ সংমিশ্ৰণত সুৰৰ ধ্বনি প্রবাহিত হৈ আছে। পার্বতি প্ৰসাদ বৰুৱাৰ কবিতাৰ মাজত ৰবীন্দ্ৰ নাথ ঠাকুৰ, শ্যেলী, বাইৰণ আদিৰ কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয়। কবিতাৰ বিষয়বস্তু নির্ধাৰণ, ভাৱ প্রকাশ, উপমা চিত্রকল্প আদি ব্যৱহাৰত লােক-সংস্কৃতিৰ উপাদানৰ প্রয়ােভৰ লক্ষ্য কৰা যায়। সেইদৰে লক্ষ্য কৰা যায় ভাৰতীয় শাস্ত্রীয় সংগীত আৰু ৰবীন্দ্র সংগীতেৰে অনুপ্রাণিত পার্বতি প্ৰসাদৰ গীতত লােক সংগীতৰ সুৰ।

পার্বতি প্রসাদ শব্দৰ খনিকৰ আৰু ভাষাৰ শিল্পী। তেখেতৰ কবিতাবােৰ তৎসম, তদ্ভৱ শব্দৰ উপৰিও পাঠকৰ চিৰপৰিচিত ঘৰুৱা আৰু নিত্য ব্যৱহার্য শব্দ, চিত্র, ভাৱ, অনুভূতিৰে পৰিপূৰ্ণ। “কিহৰ ৰাগীত জ্বলা-কলা হলি…’, ঘূমটি হৰিলে কোনে এ’, ‘সন্ধিয়া বেলিকা কোনে নাও বায়… পূজো আহা আই মাতৃৰ চৰণ,‘গৰখীয়া হেৰ, গৰখীয়া কি সুৰ বজালি দুপৰীয়া’, ‘লুইতৰ চাপৰিত কৰে নাৱৰীয়া’ আদি গীতবোেৰত অসমীয়া গীত-মাতৰ বিবিধ সুৰ ধ্বনিত হৈছে। পার্বতি প্ৰসাদ বৰুৱাৰ গীতৰ পুথি কেইখন গুণগুণনি, লুইতী, শুকুলা ভাৱৰ ঐ কঁহুৱা ফুল। কবিতা পুথি দুখন— ভঙা টোকাৰীৰ সুৰ আৰু খেল ভঙা খেল। গীতি নাটিকা – লখিমী আৰু সােণৰ সােলে।। তদুপৰি আমাৰ প্রতিনিধি, মণিদীপ, নৱযুগ, অসমবাণী, ৰামধেনু, আৱাহন আদি আলােচনীত পার্বতি প্ৰসাদ বৰুৱাৰ বিভিন্ন বিষয়ৰ লেখা প্রকাশ হৈছিল। Parvati Prasad Baruah.

পার্বতি প্ৰসাদ বৰুৱাই ভালে কেইখন নাটকত সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন মুহিছিল। সুন্দৰ সুঠাম শৰীৰত প্ৰতিটো চৰিত্ৰৰ ৰূপসজ্জা চালে চকু ৰােৱা হৈছিল। তেখেতে অভিনয় কৰা চৰিত্ৰ কেইটাৰ ভিতৰত চক্ৰধ্বজ নাটকত ‘লাচিত বৰফুকন’ বিসর্জন নাটকত ‘ৰাম’, জয়মতীত ‘লাই’ আৰু গদাধৰ’, শােণিত কুঁৱৰী নাটকত চিত্রলেখা’ (স্ত্রী চৰিত্ৰ), নীলাম্বৰ নাটকত ‘মনােহৰ’ উল্লেখযােগ্য চৰিত্র। শিৱসাগৰ নগৰত থকা সেউজীয়া সমাজ সংগীত বিদ্যালয়খনি প্রতিষ্ঠা কৰাৰ সময়ত পার্বতি প্ৰসাদ বৰুৱাই সহযােগিতা আগবঢ়াইছিল। তেখেতে নিজে ‘পুৰণি পৃথিৱী নকৈ চাই লওঁ এই গীতটি পৰিৱেশন কৰি সকলােৰে মন জয় কৰিছিল। Parvati Prasad Baruah.

তেখেতে তেখেতৰ জ্যেষ্ঠ ভাতৃৰ স্মৃতিত শিৱসাগৰ নাট্য মন্দিৰৰ ঘূর্ণীয়মান ভগৱতী প্রসাদ বৰুৱা ৰংগমঞ্চ আৰু গুৱাহাটীত ভগৱতী প্রসাদ সাহিত্য সভা ভৱন’ নির্মাণ কৰি দিছিল। সােণাৰিত থকা কালছােৱাতাে শিৱসাগৰ নাট্য সমাজৰ লগত জড়িত আছিল। পার্বতি প্রসাদ বৰুৱাই গীত আৰু কবিতা লিখি সুৰ দিয়াৰ উপৰিও ৰূপহী’ কথা ছবি নির্মাণ কৰি অসমীয়া চলচিত্র জগতলৈও অৱদান দি থৈ গৈছে। ১৯৬১ চনত তেখেতে অসম সাহিত্য সভাৰ উনত্রিংশ অধিৱেশনত সংগীত সন্মিলনৰ সভাপতি আছিল। পার্বতি প্ৰসাদ বৰুৱাই চাহ বাগিছাত চাকৰি কৰি, নিজা দুখন চাহ বাগিছা পৰিচালনা কৰি অতি ব্যস্ততাৰ মাজতাে অসমীয়া লােক সংগীতৰ, সুৰক নতুন ৰূপত সজালে। গীতি কবি পার্বতি প্ৰসাদ বৰুৱা গীতিকাৰ, সুৰকাৰ, কবি, সাহিত্যিকেই নহয় তেখেত আছিল এজন নিঃস্বার্থ সমাজকর্মী।

প্ৰকাশিত গ্ৰন্থ

কবিতা, গীত আৰু সুৰীয়া নাট

Parvati Prasad Baruah.

  • মৌ টোকাৰী
  • লখিমী
  • খেল ভঙা খেল
  • সোণৰ সোলেঙ
  • গুণগুণনি
  • ভঙা টোকাৰীৰ সুৰ
  • লুইতী
  • শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল
  • ময়াপী
  • সুৰ চানেকি
  • গদ্য ৰচনা
  • কলা-সংস্কৃতি
  • সমিধান
  • ৰূপকোঁৱৰৰ কথা
  • শিল্প সম্পৰ্কে একাষাৰ
  • শিক্ষকসকললৈ বিদায় সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ
  • সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ
  • জোনাকী মেল

সামৰণি

পার্বতি প্ৰসাদ বৰুৱা(Parvati Prasad Baruah) ১৯৫৩ চনতে ৰক্তচাপ ৰােগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল। পুনৰ ১৯৬৪ চনৰ ৭ জুন তাৰিখে পুৱাবেলা উচ্চ ৰক্তচাপত অচেতন হৈ পৰি আবেলি ৫-৪৫ বজাত সােণাৰিৰ নিজা বাসভৱন ‘সােনালীপামত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স ৬০ বছৰহে হৈছিল। পার্বতি প্ৰসাদ বৰুৱাই সােণাৰিবাসীক জীৱিত কালত অত্যন্ত চেনেহ কৰিছিল।

গীতিকবিগৰাকীৰ মৃত্যুৰ পাছৰে পৰাই যেন ক্ৰমশঃ নিস্তব্ধ হৈ পৰিল পাৰ্বতি প্ৰসাদ বৰুৱাৰ নিগাজী ঘৰ “সোণালী পাম”। আজি তেওঁ সমাধিত বন্তি প্ৰজ্বলন কৰি চৰাইদেউ জিলাৰ সাহিত্য সভাই গীতিকবি জনক স্মৰণ কৰে । লগতে চৰকাৰে মহান শিল্পী গৰাকীক সৃষ্টি ৰাজিক সংৰক্ষণ কৰাত ব্যৰ্থ হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে।

তাৰ প্রতিদান স্বৰূপে সােণাৰিবাসীয়ে সােণাৰি নগৰত তেখেতৰ সহধর্মিনী পদ্মকুমাৰী বৰুৱাৰ নামত ‘পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সােণাৰি চাহ বাগিছাত ‘পদ্ম কুমাৰী প্রাথমিক বিদ্যালয়’, পার্বতি পুৰত গীতিকবি পার্বতিপ্রসাদ বৰুৱা প্ৰাথমিক বিদ্যালয়,‘সােণাৰি নগৰ প্রাথমিক বিদ্যালয়ত- ‘পার্বতি প্রসাদ ভৱন’ প্রতিষ্ঠা কৰি দৰদী হৃদয়ৰ গীতিকবি পার্বতি প্ৰসাদ বৰুৱাৰ প্ৰতি, পৰিয়ালৰ প্রতি আন্তৰিক শ্রদ্ধা জনাই স্মৃতি স্থায়ী কৰি ৰাখিছে। গীতিকবি পার্বতি প্ৰসাদ বৰুৱাৰ জন্ম শতবার্ষিকী উপলক্ষে ২০০৪ চনত প্ৰতিষ্ঠা কৰা তেখেতৰ আবক্ষ মূর্তিয়ে কবিজনাৰ স্মৃতি সােণাৰিবাসীৰ মানসপটত যুগমীয়া কৰি ৰাখিব। গীতিকাৰ, সুৰকাৰ হিচাপে গীতিকবি পার্বতি প্ৰসাদ বৰুৱাৰ নাম অসমৰ আকাশেবতাহে ধ্বনিত হৈ থাকিব তেখেতে দি থৈ যােৱা গীত আৰু সুৰৰ ধ্বনিত। Parvati Prasad Baruah.

Leave a Comment