Rupkonwar Jyoti Prasad Agarwala

১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত (Rupkonwar Jyoti Prasad Agarwala) জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।

চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লয়।

আৰম্ভণি

Rupkonwar Jyoti Prasad Agarwala, কবি মানেই কৌশলী শব্দ-শিল্পী। তেওঁলােকে শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্রাপ্তি-অপ্রাপ্তি, ক্ষোভ-বিদ্রোহ-প্রেম আজি হৃদয়ত পুঞ্জীভূত সমস্ত ভাবানুভূতি। কবি স্বদেশ স্বজাতিৰ জাগ্রত প্ৰহৰী। দেশ-জাতিৰ বিপৰ্যৰ মুহূর্তত কবিৰ কলম পৰিণত হয় একো একোপাট শব্দাস্ত্রত। এনে সময়ত ফুল-তৰা-গানৰ কবিতা লিখা কবিসত্তাও বিদ্রোহী হৈ উঠে। অস্ত্ৰতকৈ কলম শ্রেষ্ঠ’— এই আপ্তবাণী সাৰোগত কৰি লিখি যায় অগ্নিস্ফুলিংগ সম কবিতা। কবিতাত প্ৰাণ পাই উঠে শব্দ— শব্দ ব্রহ্ম। কবিৰ হৃদয়ৰ আকুল আহ্বান হৈ পৰে জনতাৰ আহ্বান। কবি হৈ পৰে জনতাৰ কবি, বিশ্বকবি।

পৰিচয়

এনে এক কবিসত্তাৰ গৰাকী হ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।(Rupkonwar Jyoti Prasad Agarwala) জনতা তােৰ প্ৰাণৰো প্ৰাণত শিল্পী যে মই লুকাই লুকাই আছাে বুলি উদাত্ত সুৰেৰে ঘােষণা কৰা জ্যোতিপ্রসাদ প্রকৃতাৰ্থত এজন কলাকাৰ। অসমীয়া সংস্কৃতিক হেঙুল-হাইতাল বােলাই আধুনিকতাৰ পৰশেৰে আলােকিত কৰি তােলা চিৰসুন্দৰৰ অক্লান্ত সাধক জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্রতিজন অসমীয়াৰ বাবে অতীত, বর্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ সংযােগ সেতু। জ্যোতিপ্ৰসাদ ৰূপৰ কোঁৱৰ, সুন্দৰৰ চিৰ সাধক। তেওঁ জানিছিল সুন্দৰৰ আৰাধনা নকৰাকৈ সৃষ্টি অসম্ভৱ। সেয়ে তেওঁৰ মুখেদি নিঃসৃত হৈছিল।

“সুন্দৰে যে ফুলাৰ মন্ত্র

অহােৰাত্ৰি মাতে,

সেইহে আজি ইমান ফুল

প্রভাতে প্রভাতে।”

Rupkonwar Jyoti Prasad Agarwala.

কাব্য-প্রতিভা

Rupkonwar Jyoti Prasad Agarwala.

জ্যোতিপ্ৰসাদে আস্থা ৰাখে ৰূপান্তৰত। আন্ধাৰৰ পাছতে পােহৰ আহে। এদিন আন্ধাৰ বিনাশ হ’ব। স্থবিৰ পৃথিৱী, সমাজ তথা ব্যক্তিসত্তাই ৰূপান্তৰৰ চেতনাৰে উদ্বুদ্ধ হৈ গতি কৰিব সােণ পােহৰৰ পথলৈ। এনে ভাবনাৰ মাজত ৰমন্যাসিক দৃষ্টিভংগী জড়িত হৈ থাকিলেও জ্যোতিপ্ৰসাদক একাষাৰে মন্যাসিক কবি বুলি ক’ব নােৱাৰি। অৱশ্যে কোনাে কবিয়েই মন্যাসিক ভাবনাৰ পৰা মুক্ত নহয়। সময়ৰ ক্ষুৰ সাকোত ভৰি দি কবিৰ ৰমন্যাসিক দৃষ্টিভংগী পৰিৱর্তিত হয় ৰূঢ় বাস্তৱলৈ। বাস্তৱ জীৱনৰ পৰিঘটনাই কবিক সন্মুখৰ জগত-জীৱনক নকৈ চাবলৈ শিকায়। এনে পৰিঘটনাৰ সন্মুখীন হ’ল জ্যোতিপ্ৰসাদো।

জ্যোতিপ্ৰসাদে এটা কথা নিশ্চিতভাৱে উপলব্ধি কৰিছিল যে সকলাে শ্রেষ্ঠ শিল্পকর্মৰ মূল ভিত্তি হ’ল নিজ দেশৰ মানুহ, লােক-পৰম্পৰা আৰু জাতীয় সম্পদৰাজি। অসমবাসীৰ হৃদয়ত অমৃত হ’বলৈ হ’লে অসমৰ উৰ্বৰ ভূমিৰপৰাই লেখাৰ সমল বুটলিব লাগিব, এই কথা জ্যোতিপ্রসাদে হাড়ে-হিমজুৱে অনুভৱ কৰিছিল। সেয়ে তেওঁৰ কবিসত্তাই সমন্বয় আৰু ৰাপান্তৰকৰণ প্ৰক্ৰিয়াৰে সৃষ্টিকার্যত ব্ৰতী হ’ল। জ্যোতিপ্ৰসাদৰ বাবে কলা কলাৰ বাবে’ নহৈ ৰূপান্তৰিত হ’ব ‘কলা জীৱনৰ বাবে।

সুন্দৰৰ আৰাধনা আৰু বিপ্লৱী আদৰ্শৰ যুগপৎ প্রকাশ ঘটিছে জ্যোতিপ্ৰসাদৰ কবিতাত। মহাত্মা গান্ধীৰ অহিংস আন্দোলনে পৰাধীন অসমৰ সন্তান জ্যোতিপ্ৰসাদক বাৰুকৈয়ে প্রভাৱান্বিত কৰিছিল। সেয়েহে কুমাৰ মােহন’, ‘চিত্রলেখা’, ‘সােণ-সপােনৰ সাধু’, ‘শিল্পী মই’ আদি কবিতাৰ ৰমন্যাসিক ভাবনাৰে সুন্দৰৰ আৰাধনা কৰা জ্যোতিপ্ৰসাদে জয়ন্তী যুগত লিখি উলিয়ালে অনেক প্রগতিশীল কবিতা। ৰােমান্টিকতাৰ মেৰঘৰ ভাঙি-ছিঙি বিপ্লৱী মনীষাৰে শত সহস্ৰজনৰ জীৱনৰ পথ পােহৰাবলৈ তেওঁৰ কণ্ঠৰপৰা নিঃসৃত হ’ল বিপ্লৱৰ সুৰ। অসমৰ ডেকা-শক্তিক জাগ্রত কৰি স্বদেশৰ হৃত স্বাধীনতা ঘূৰাই আনিবলৈ তেওঁ লিখিলে:-

“সিংহৰ পােৱালি তই

নবীন অসমীয়া

সুঘঘাষিত কৰ তােৰ অধিকাৰবাদ,

বিপ্লৱী তুর্য-নিনাদ।”

পৰাধীন ভাৰতৰ এজন মুক্তিকামী সৈনিক হৈ জ্যোতিপ্ৰসাদে লিখি গ’ল অলেখ কবিতা। চেতনাক জাগ্রত কৰিলে লাচিতৰ শৌর্যবীর্য, কীর্তিৰ বৰ্ণনাৰে । জ্যোতিপ্ৰসাদে পৰাধীন ভাৰতৰ বৃটিছ ঔপনিৱেশিকতাবাদী শক্তিৰ লগতে গা কৰি উঠা দেশীয় সুবিধাবাদী দলটোৰ বিৰুদ্ধে জেহাদ ঘােষণা কৰি সাৱধানবাণী শুনাইছিল। সাম্যবাদী দৃষ্টিভংগীৰ গৰাকী জ্যোতিপ্ৰসাদে মর্মে মর্মে উপলব্ধি কৰিছিল যে জনতাৰ জাগৰণ অবিহনে মুক্তি অসম্ভৱ। পৰাধীনতাৰ শিকলি ছিঙি দলিয়াই পেলাবলৈ সেয়ে তেওঁ বৰ অসমৰ সকলাে জাতি-জনজাতি, ৰণুৱা, বনুৱাক উদাত্ত সুৰেৰে আহ্বান জনাইছিল। ৰাজনীতিৰ পংকিলতাই যাতে সাধাৰণ প্ৰজাক চুব নােৱাৰে তাৰ বাবে তেওঁ গঢ়িব খুজিছিল সমন্বয়ৰ সৌধ। Rupkonwar Jyoti Prasad Agarwala.

জ্যোতিপ্ৰসাদৰ কাব্য-সাধনাৰ মাজত ফল্গুধাৰাৰ দৰে বৈ আছে স্বদেশপ্রেম আৰু ঐতিহ্য চেতনা। কাঞ্চনজংঘাৰ বুৰঞ্জী’, ‘লাচিতৰ আহ্বান’, ‘জ্যোতি-শংখ’, ‘কনকলতা’, ‘জয়মতীৰ আত্মাৰ উক্তি’, ন জোৱান ই হিন্দ’, ‘অসমীয়া ডেকাৰ উক্তি’, ‘অসমীয়া ছােৱালীৰ উক্তি’ আদি কবিতাৰ মাজেৰে প্ৰতিভাত হৈছে কবিৰ জাতীয় চেতনা, স্বদেশপ্রেম, অসমৰ গৰিমাময় ঐতিহ্য আৰু অসম মাতৃৰ সন্তানে স্বদেশৰ হকে দিয়া আত্মবলিদান

পাচোটা তৰংগত বিভক্ত কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটিত কবিৰ প্ৰজ্ঞা আৰু সাধনাৰ সুকাঞ্চনজংঘাৰ তুষাৰ শুভ্র শিৰ যেন মহাকালৰূপী শিৱৰ জটা— যি নিজৰি নিজৰি বৈ আছে অবিৰল, কাঞ্চনজংঘা প্রত্যক্ষ সাক্ষী ভাৰতীয় সভ্যতাৰ, ভাৰতীয় সংস্কৃতিৰ। উত্থান পতন , সৃষ্টি স্থিতিৰ সাক্ষী কাঞ্চনজংঘা। কবি জ্যোতিপ্রসাদ মুখ্যতঃ শিল্পী। এই শিল্পীসত্তাৰ বাংময় প্রকাশ ঘটিছে সুন্দৰৰ জয়-যাত্রা’, শিল্পীৰ আলােক যাত্রা। নৱ বিল্পৱী কবি জাগে’, ‘শিল্পী মই’, ‘বিশ্বশিল্পী’, বাস্তৱৰ কেন্দ্ৰত শিল্পী আদি কবিতাৰ যােগেদি। Rupkonwar Jyoti Prasad Agarwala.

কবিতা ৰচনা

Rupkonwar Jyoti Prasad Agarwala, জ্যোতিপ্ৰসাদে কেইটিমান প্রশস্তিমূলক কবিতাও লিখি থৈ গৈছে। গণেশ গগৈৰ কবিতা, যতীন্দ্র কবিতা’, ‘বিদ্রোহী কবি প্রসন্নলাল’, ৰবীন্দ্রনাথ’, ‘চন্দ্ৰকুমাৰলৈ’ কবিতাৰ যােগেদি কবিয়ে অগ্রজ প্রিয় কবিৰ প্রতি শ্রদ্ধার্ঘ নিবেদন কৰিছে। তেওঁৰ একমাত্র শােক কবিতাটি হ’ল ফুলিবলে’ পােৱা হ’লে’ জ্যোতিপ্ৰসাদে ভাতৃ অৰুণৰ মৃত্যুত (বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ মাজুপুত্র) এই কবিতাটি ৰচনা কৰিছিল।

কবিতা কেৱল পঠনৰ বাবেই নহয়, দৃশ্য-মাধ্যমৰ উপযােগী কৰিও যে কবিতাৰ ৰস আস্বাদন কৰিব পাৰি সেই কথা জ্যোতিপ্ৰসাদ আগৰৱালাই প্রতীয়মান কৰি থৈ গৈছে ‘খেজেনা সধাত এটা ডফলাৰ খঙ’, ‘ৰেডিঅ’ ‘এটা মাতােৱাল বনুৱা’, ‘এটা পগলা খেতিয়ক’, ‘ভলন্টিয়াৰৰ দুখ’ শীর্ষক কবিতাকেইটিৰ জৰিয়তে। দেখাত লঘু কবিতা হলেও মর্মস্পর্শী বর্ণনাই সকলাে পাঠকৰে অন্তৰ চুই যায় ।

‘এটা পগলা খেতিয়ক’ শীর্ষক নাটকীয় কবিতাৰ কথাংশই আকৌ পাঠকক কৰুণ ৰসৰ লগতে হাস্য ৰসৰ বাৰুকৈয়ে যােগান ধৰিবলৈ সক্ষম হৈছে। চতিয়াৰ কোনােৱা এখন গাঁৱৰপৰা অহা এজন পগলা খেতিয়কে মৌজাদাৰৰ শােষণত সর্বস্ব হেৰুৱাই আশ্ৰয় লৈছেহি তেজপুৰ মেণ্টেল হস্পিটেলত। যন্ত্রণাজৰ্জৰ দেহাত ৱাৰ্ডাৰৰ বেতৰ সাঁচ। অৱতৰণিকাৰ কথাংশই অন্তৰত দুখবােধৰ সৃষ্টি কৰিলেও অপলাপৰ মাজত কৈ উঠা পৰিঘটনাই তদানীন্তন সমাজখনক সুন্দৰভাৱে প্রতিফলিত কৰিবলৈ সমৰ্থ হৈছে । Rupkonwar Jyoti Prasad Agarwala.

‘ৰেডিঅ’ শীর্ষক কবিতাটি ৰচনা কৰােতে জ্যোতিপ্ৰসাদ আছিল সাদিনীয়া অসমীয়া’ কাকতৰ সম্পাদক। ৰচনা-কাল ১০ ফেব্ৰুৱাৰী, ১৯৪৪ চন। কবিতাটিত ৰেডিঅ’ যােগে প্রচাৰিত দেশবিদেশৰ অনুষ্ঠানক হাস্যৰসাত্মক আৰু ব্যংগাত্মক বর্ণনাৰে কবিয়ে উপস্থাপন কৰিছে । ‘আজিৰ কবিতা’ আৰু আধুনিকা কবিতাৰ জৰিয়তে কবিয়ে কবিতাই পূৰ্বৰ আংগিক এৰি ছন্দ-বিন্যাস, প্রকাশৰীতিক আঁকোৱালি লােৱাৰ কথা উল্লেখ কৰিছে।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্র কাব্যসংকলন লুইৰৰ পাৰৰ অগ্নিসুৰ। জ্যোতিপ্রসাদ ৰচনাৱলীত সন্নিবিষ্ট (অসম প্ৰকাশন পৰিষদৰদ্বাৰা প্রকাশিত) পঞ্চলিশটা কবিতাৰ (শিশু কবিতাক বাদ দি) সিংহভাগ কবিতাই দীঘল কবিতা। পাঠে কবিতাৰ পূর্ণতা আনে’– কথাষাৰ মানি ল’লে এষাৰ কথা নকৈ নােৱাৰি যে জ্যোতিপ্ৰসাদে কবিতা লিখাৰ সময়ত আৱেগৰদ্বাৰা নিয়ন্ত্রিত হােৱাৰ , বাবে বােধহয় দৈর্ঘৰ কথা উলাই কৰিছিল। যাৰ বাবে আবৃত্তিৰ উপযােগী হােৱা সত্ত্বেও দৈর্ঘৰ সীমাই ছন্দপতন ঘটোৱাৰ ভয় সততে আনে বুলি ক’লেও বঢ়াই কোৱা নহয়। জ্যোতিপ্ৰসাদৰ কবিতা আবৃত্তি প্রতিযােগিতাত সেয়ে সততে সময়ৰ সীমাৰেখালৈ লক্ষ্য ৰাখি চুটি কেইটামান নির্দিষ্ট কবিতাহে ধার্য কৰা পৰিলক্ষিত হয়। ইবিলাকৰ ভিতৰত সাৱধান সাৱধান’, ‘বিশ্বশিল্পী’, ‘জনতাৰ আহ্বান’, ‘মােৰ অহংকাৰৰ সংজ্ঞা’ আদি কবিতা উল্লেখযােগ্য। Rupkonwar Jyoti Prasad Agarwala.

সামৰণি

জ্যোতিপ্ৰসাদ জনতাৰ শিল্পী। জ্যোতিসন্ধানী মনৰ গৰাকী, বিশাল ব্যক্তিত্বৰ অধিকাৰী, উপাসক এইজনা শিল্পীয়ে আপােন-পাহৰা হৈ কৈ উঠিছিল।

জনতা তােৰ প্ৰাণৰাে প্ৰাণত, মনৰাে মনত

শিল্পী যে মই লুকাই লুকাই আছে।”

জ্যোতিপ্ৰসাদৰ সু-সংস্কৃত মনটোৱে সদায় বিচাৰিছিল দুষ্কৃতিক বিনাশি সংস্কৃতিক বৰপীৰাত বহুৱাবলৈ। গীতেৰে কবিতাৰে, নাটকেৰে, সমালােচনাৰে ন-কৈ সজাই তুলিছিল মুমূর্ষ অসমীয়া সংস্কৃতিক। ৰূপকোৱৰ সঁচাকৈয়ে এইজনা মহান শিল্পীৰ বাবে সুন্দৰ অভিধা। এইজনা ৰূপকোঁৱৰৰ হাতৰ মুঠিতেই আছিল জগত ধুনীয়া কৰিব পৰা ৰূপান্তৰৰ মন্ত্ৰ। Rupkonwar Jyoti Prasad Agarwala.

If you are interested to read other biography Click Here.

Leave a Comment

error: Content is protected !!