Scientist Meri Curie

মহান বিজ্ঞানী মেৰি কুৰী, Scientist Meri Curie.

পৃথিৱীৰ সকলাে মহান ব্যক্তিকে জীৱনত কৰা কঠোৰ শ্ৰম, সাধনা, পর্যবেক্ষণ আৰু ত্যাগৰ ফলত সমাজে বিশেষ স্বীকৃতি প্রদান কৰি মানৱ সমাজৰ উচ্চ আসনত স্থান দিয়ে। কুৰী দম্পতিয়ে একত্রিতভাৱে দীর্ঘদিন কঠোৰ শ্ৰম কৰি জুইৰ ধোঁৱাৰে ধূসৰিত হৈ পিটছ বেণ্ড (Pitch Blende) নামৰ খনিজ পদার্থৰ পৰা যি চমকপ্রদ পদার্থ ৰেডিয়াম আৱিষ্কাৰ কৰিলে তাৰ তুলনা বিৰল । আত্ম বিশ্বাস, ধৈৰ্য আৰু নেৰানেপেৰা চেষ্টা কুৰী দম্পতিৰ আছিল অক্ষয় মূলধন।

জন্ম আৰু শিক্ষা

মেৰি কুৰীৰ (Scientist Meri Curie) পােলেণ্ডৰ ৰাজধানী ৱাৰ্ছো মহানগৰীত ১৮৬০ চনৰ ৭ নবেম্বৰ তাৰিখে জন্ম হৈছিল। শৈশৱৰ নাম আছিল মাৰিয়া স্কডাউস্কাৰ। দেউতাকৰ নাম ভলভিশ্লাভ কভাউস্কাৰ। মাকৰ নাম বণ্ডস্কা, দুয়াে আছিল শিক্ষক। পাঁচটি ল’ৰা-ছােৱালীৰ ভিতৰত মেৰি কুৰি আছিল কনিষ্ঠা। দেউতাক বিদ্যালয়ৰ বিজ্ঞান আৰু অংকৰ শিক্ষক আছিল বাবে সৰুৰে পৰা মেৰি কুৰীক দেউতাকে বিজ্ঞানৰ কথা বিলাক শিকাইছিল। দেউতাকে মাৰিয়াক লিচীৰ এখন বিদ্যালয়ত নামভৰ্তি কৰি দিলে। ১৮৮২ চনত হাইস্কুলীয়া পৰীক্ষাত ভাল ফল দেখুৱাৰ বাবে মাৰিয়া অর্থাৎ মেৰি কুৰীয়ে সােণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু দেউতাকে পাঁচটা ল’ৰা-ছােৱালীক একেলগে উচ্চ শিক্ষা দিব নােৱাৰাৰ বাবে মেৰিয়ে ঘৰতে দিন অতিবাহিত কৰিব লগা হৈছিল । তথাপি তেওঁ মনত উচ্চ শিক্ষাৰ আশা এৰা নাছিল।

অ’ত ত’ত ইটো-সিটো কাম, টিউশ্যন আদি কৰি তথা উপার্জন কৰি বায়েক ব্ৰনিয়াক পেৰিছত উচ্চ শিক্ষাৰ বাবে পঠালে। কিছুদিনৰ পাছত বাৰ্ছোৰ এটা বিজ্ঞান গৱেষণাগাৰত কাম কৰিবলৈ সুবিধা পােৱাত মেৰিয়ে পদার্থ বিজ্ঞানৰ কিছু জ্ঞান আয়ত্ব কৰাৰ সুযোগ পালে। বাকে ব্ৰনিয়াই উচ্চ শিক্ষা সমাপ্ত কৰাৰ পাছত মেৰী কুৰীক পেৰিছ নগৰলৈ মাতি পঠালে। হাইস্কুল শিক্ষা শেষ কৰাৰ দহবছৰ বিৰতিৰ পাছত ১৮১৯ ১ চনত পেৰিছৰ দৰবোন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে নাম ভর্তি কৰে।

আর্থিক অনাটনৰ মাজত অসীম ধৈর্য ধৰি অধ্যয়ন কৰিবলৈ ধৰিলে। পদার্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্রথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ ডিগ্রী লাভ কৰি মেৰিকুৰীয়ে এটা বৃত্তি লাভ কৰিলে। সেই বৃত্তিৰ ধনেৰে গণিত বিষয়তাে অধ্যয়ন কৰি প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ল। মেৰীৰ দেউতাক পদার্থ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক আছিল বাবে সৰু কালতেই মেৰী কুৰী বিষয় দুটাৰ প্ৰতি আকর্ষিত হৈছিল । Scientist Meri Curie.

বৈবাহিক জীৱন আৰু গৱেষণা

Scientist Meri Curie.

মেৰীৰ বৈজ্ঞানিক কৰ্মজীৱন আৰম্ভ হয় ‘ছ’চাইটি ফৰ দ্য এনকাৰেজমেণ্ট অৱ নেচনেল ইণ্ডাষ্ট্ৰি’ৰ দ্বাৰা কমিছন ভুক্ত কাম বিভিন্ন তীখাৰ চুম্বকীয় ধৰ্মৰ গৱেষণাৰ দ্বাৰা। সেই বছৰেই তেওঁ পিয়েৰ কুৰীৰ সান্নিধ্যলৈ আহে। একে বিজ্ঞানৰ প্ৰতি থকা দুয়োজনৰ আসক্তিয়ে দুয়োকো ওচৰ চপাই আনে। মেৰিয়াই সেই সময়ত কামৰ সুবিধাৰ বাবে ডাঙৰ পৰীক্ষাগাৰ বিচাৰি আছিল আৰু পিয়েৰ কুৰীয়ে ‘স্কুল অৱ ফিজিক্স এণ্ড কেমিষ্ট্ৰী’ত কৰ্মৰত আছিল।মাৰিয়াৰ কামত সুবিধা হ’ব বুলি প্ৰফেছৰ জোছেফ উইৰুজ-কোৱালস্কিয়ে দুয়োকে লগ কৰাই দিছিল।পিয়েৰৰ নিজাকৈ ডাঙৰ পৰীক্ষাগাৰ নাছিল যদিও তেওঁ মেৰীক জেগা উলিয়াই দিবলৈ সক্ষম হৈছিল। তাতেই মেৰীয়ে কামৰ শুভাৰম্ভ কৰিছিল।

মেৰিয়ে পদার্থ বিজ্ঞান আৰু গণিত দুয়ােটা বিষয়তে স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পাছত ১৮৯৪ চনত অধ্যাপক লিপমেনৰ গৱেষণাৰত সহকাৰী শিক্ষক হিচাপে কামত যােগদান কৰিলে কিন্তু মেৰিৰ মেধা-শক্তি তৰু জ্ঞানৰ পৰিসৰৰ তুলনাত সেইকাম তেওঁৰ বাবে উপযুক্ত নাছিল। কিছুদিনৰ পাছত এম স্কাভালাকি নামৰ এজন প্ৰফেচাৰে মেৰিক লগ পাই কথা-বতৰা হওঁতে প্রফেচাৰ লিপমেনৰ গবেষণাগাৰৰ সীমিত সা-সুবিধাৰ কথা প্রকাশ কৰিলে । মেৰিৰ মেধাশক্তি, তীক্ষ্ণ বুদ্ধি, বহল চিন্তাৰ মানসিকতা দেখা পাই তেওঁ আনন্দিত হ’ল এইজন প্রফেচাৰ স্কাভালস্কিৰ সহযােগিতাত বিজ্ঞানী পিয়েৰী কুৰীৰ লগত ১৮৯৫ চনৰ ২৬ জুলাইত মেৰিৰ বিবাহ হয়। মেৰিয়ে নিজৰ মনৰ চিন্তাৰ লগত মিলা এজন জীৱনসংগী পাই আনন্দিত হল। Scientist Meri Curie.

পিয়েৰী কুৰীয়ে বিয়াৰ আগতেই বিভিন্ন উষ্ণতাত পদাৰ্থৰ চুম্বকীয় ধর্ম এই বিষয়টোৰ ওপৰত ডক্টৰেট ডিগ্রী লাভ কৰিছিল। পিয়েৰী কুৰীয়ে মেৰি কুৰীয়েও গৱেষণা ৰাৰ কথা ভাবিলে। মেৰি কুৰীয়ে গৱেষণাৰ কাম আৰম্ভ কৰিলে। গৱেষণাৰ বাবে যথেষ্ট টকা পইছাৰ আৱশ্যক হােৱাত মেৰিয়ে এখন স্কুলত শিক্ষয়িত্ৰীৰ চাকৰি কৰি অর্থ-উপার্জন কৰিছিল। গৱেষণাৰ বাবে ব্যৱহাৰ কৰা ESPCI ৰ পৰিত্যক্ত কোঠা এটাত গৱেষনাৰ কাম চলাব ধৰিলে। এই কামত স্বামী পিয়েৰী কুৰীয়ে সহযোগিতা কৰিব লগা হ’ল। মেৰি কুৰীৰ গৱেষণাৰ বিষয় আছিল পিটছ ব্লেণ্ডত থকা তেজস্ক্রিয় পদার্থবিধ উদঘাটন, যাৰ নাম মেৰি কুৰীয়ে দিছিল ‘ৰেডিয়াম। Scientist Meri Curie.

Scientist Meri Curie

অৱশেষত ১৯০২ চনৰ এটি সন্ধিয়া তেওঁলোকৰ অবিৰাম সাধনাই সাৰ্থকতা লাভ কৰিলে। তেওঁলোকৰ গৱেষণা কুঠৰী ৰেডিয়ামৰ দ্যুতিয়ে উদ্ভাসিত কৰি তুলিলে। বিশুদ্ধ ৰেডিয়ামৰ খবৰ শুনি বহু সম্পত্তিবান লোকে অপৰ্যাপ্ত ধন-বিত দি এই মহামূল্যবান ধাতু ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু ইমান বছৰৰ অধ্যাৱসায়ৰ ফলত যিকণ ৰেডিয়াম সংগৃহীত হ’ল সেইয়া মাথোন চাহ চামোচেৰে এচামোচমানহে।

এই ৰেডিয়াম পাবৰ বাবে অপর্যাপ্ত পৰিমাণৰ পিট্‌ছ ব্লেণ্ডৰ প্রয়ােজন। ইংলেণ্ড আৰু আমেৰিকাৰ ভূতত্ব বিভাগৰ লগত যােগাযােগ কৰি পর্যাপ্ত পৰিমাণৰ পিছ ব্লেণ্ড সংগ্রহ কৰি দুয়াে যুটীয়াভাৱে অতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ১৯০২ চনত ৰেডিয়াম’ আবিষ্কাৰ কৰিলে, যি বিধ পদার্থ ৰাতিৰ আন্ধাৰত তিৰবিৰাই উজ্বল হৈ থাকে। ১৯০৩ চনত (Scientist Meri Curie) মেৰি কুৰীয়ে ‘থেছিছ বুক’ জমা দিলে। থেছিছ পৰীক্ষাৰ অন্তত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ল। মেৰি কুৰীয়ে ডক্টৰেট ডিগ্রী লাভ কৰাই নহয় কুৰী দম্পতীয়ে বিশ্বৰ প্রখ্যাত বিজ্ঞানীৰূপে স্বীকৃতি পালে। ১৯০৩ চনতেই মেৰি কুৰীক পদার্থ বিজ্ঞানৰ নােবেল পুৰস্কাৰ প্ৰদান কৰি সন্মান জনালে। ১৯০৪ চনত ড° মেৰীয়ে এটা গৱেষণাগাৰত মুখ্য সহায়ক হিচাপে নিযুক্তি পালে। Scientist Meri Curie.

জীৱনলৈ অহা প্রচণ্ড ধুমুহাত গৱেষণা কামৰ মুখ্য সহযােগী, স্বামী পিয়েৰী কুৰীৰ ১৯০৬ চনত মৃত্যু ঘটিল, এটা পথ দুর্ঘটনাত। মেৰি কুৰী নিঃসংগ হ’ল। দুটি কন্যা সন্তান বুকুত সাৱটি লৈ কর্ম জীৱনত আগবাঢ়ি গ’ল। মেৰি কুৰীয়ে ১৯০৬ চনৰ ডিচেম্বৰ মাহত ছৰবােন বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ প্ৰফেচাৰ পদ লাভ কৰিলে। ১৯১০ চনত তেওঁৰ বিখ্যাত গ্রন্থ ‘Fundamantal Treatise on Radio Activity’ প্রকাশ পালে।

ড° মেৰি কুৰীয়ে ৰেডিয়াম আৱিষ্কাৰ কৰাৰ পাছত বিশুদ্ধ পলােনিয়াম নিষ্কাশন কৰি উলিয়াবতৈ সমর্থ হ’ল। ১৯১১ চনত বিশুদ্ধ ৰেডিয়ামৰ পৃথিকীকৰণ আৰু ৰেডিয়াম পলােনিয়াম আৱিষ্কাৰৰ বাবে দ্বিতীয়বাৰ ৰসায়ন বিজ্ঞানৰ নােবেল বঁটা লাভ কৰে। দুবাৰ নােবেল বটা লাভ কৰা মেৰি কুৰীয়েই একমাত্র মহিলা বিজ্ঞানী। অর্থৰ অভাৱত হাইস্কুলীয়া শিক্ষা শেষ কৰাৰ দহ বছৰৰ পাছত উচ্চ শিক্ষা গ্রহণ কৰি দুবাৰকৈ নােবেল বঁটা পােৱাৰ যােগ্যতা অর্জন, অসীম কষ্ট, ত্যাগ, সাধনা, একাগ্রতা নেৰানেপেৰা চেষ্টাৰ অমৃত ফল।

ড° মেৰি কুৰীৰ অন্যান্য সেৱা

Scientist Meri Curie, ফ্রাচী চৰকাৰে বিজ্ঞানী পিয়েৰী কুৰী ৰেভিয়াম ইনষ্টিটিউশন প্রতিষ্ঠা কৰি ১৯১৪ চনত মেৰি কুৰীক সঞ্চালকৰ দায়িত্ব দিলে । মেৰি কুৰীয়ে তেওঁৰ স্বামীৰ নামত প্রতিষ্ঠা কৰা প্রতিষ্ঠানটোৰ উন্নতিৰ বাবে সর্বতাে প্রকাৰে চেষ্টা কৰিলে। ধনৰ অভাৱত মেৰি হতাশ হ’ল। কিন্তু আমেৰিকাৰ মিছি নামৰ এজন সাংবাদিক আহি মেৰিক লগ কৰি অর্থ সংকটৰ কথা বুজি পালে। তেওঁ ঘূৰি গৈ আমেৰিকাত ‘মেৰি কুৰী ৰেডিয়াম ফাণ্ড নামৰ এটা ফাণ্ড খুলি অপর্যাপ্ত পৰিমাণৰ ধন সংগ্রহ কৰিবলৈ সক্ষম হ’ল।

মেৰি কুৰীক তেওঁৰ দুয়ােজনী ছােৱালীসহ আমেৰিকালৈ মিছিয়ে আমন্ত্রণ জনালে। আমেৰিকাৰ পৰা একগ্রাম ৰেডিয়াম, দুহেজাৰ মূল্যৰ তেজক্রিয় পদার্থ আৰু ৬,৯০০ ডলাৰ নগদ মুদ্রা লৈ ঘূৰি আহি ‘পিয়েৰী কুৰী ৰেডিয়াম, ইনষ্টিটিউশ্যনৰ উন্নতিৰ কাৰণে খৰচ কৰিলে। ১৯২২ চনত মেৰি কুৰী ফ্রান্স মেডিকেল একাডেমীৰ সদস্যাৰূপে নির্বাচিত হয়। Scientist Meri Curie.

সামৰণি

Scientist Meri Curie, অধ্যয়নৰত অৱস্থাত দাৰিদ্ৰতাৰ চেপা, দীর্ঘদিন ধৰি গৱেষণাৰ প্রতিকূল পৰিৱেশৰ মাজত ৰা অসীম কষ্ট, স্বামীৰ অকাল মৃত্যু আদিৰ বাবে মেৰি কুৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। দুবাৰকৈ অস্ত্রোপচাৰ কৰাৰ পাছতাে মেৰিৰ স্বাস্থ্যৰ বিশেষ উন্নতি নহ’ল। ১৯৩৪ চনৰ ৪ জুলাই তাৰিখে এইগৰাকী মহিলা বিজ্ঞানীয়ে জীৱন নাটৰ সামৰণি মাৰিলে। মেৰিৰ ইচ্ছা অনুসৰি পিয়েৰী কুৰীৰ সমাধিৰ কাষতেই সমাধিস্থ কৰা হ’ল। ৰেডিয়াম আৱিস্কাৰে মেৰি কুৰীক পৃথিৱীত অমৰ কৰি ৰাখিব।

For More Biography Click Here.

Leave a Comment