Train Brake System

Table of Contents

ৰেল গাড়ীৰ ব্ৰেক পদ্ধতি | Train Brake System:-

ৰেলগাড়ী হৈছে এনেকুৱা এখন বাহন য’ত একে সময়তে হাজাৰ হাজাৰ মানুহে একেলগে যাত্ৰা কৰিব পাৰে। যদি কিবা কাৰণত এখন ৰেল দুৰ্ঘটনাগ্ৰস্ত হয় তেতিয়া বহুতো মানুহ একেলগে মৃত্যুৰ মুখত পৰিব পাৰে। সেই বাবে ইঞ্জিনিয়াৰ সকলে এনেকুৱা অত্যাধুনিক পদ্ধতিত Train Brake System সমূহ বনাইছে যে ই সকলো সময়তে সক্ৰিয় হৈ লাগি থাকে আৰু ৰে’লৰ চালক সকলে ব্ৰেক সমূহ আতৰাই ল’ব লাগে। এনেদৰে ক’লে হয়টো বুজিবলৈ অসুবিধা হয়, সাধাৰণতে কি হয় আমাৰ গাড়ীৰ ব্ৰেক ডাল লাগি নাথাকে।

আমাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া প্ৰয়োগ কৰো। কিন্তু ৰে’ল গাড়ী ইয়াৰ সম্পূৰ্ণ বিপৰীত। ৰে’ল গাড়ীখন যেতিয়া চলাই তেতিয়া চালকে ব্ৰেক ডাল আতৰাই দিয়ে আৰু তেতিয়া ৰে’ল খনে গতি আৰম্ভ কৰে। এইদৰে ব্ৰেক ডাল হ’লে চালক অবিহনে ৰে’ল খনে কোনো ধৰণৰ গতি নকৰে আৰু চলাই থকাৰ সময়তো কোনো অসুবিধাৰ সন্মুখীন নহয়। ফলত ৰে’লগাড়ীৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা বহুগুণে কমি যায়।

ৰে’লৰ চকাবোৰৰ দুইকাষে দুটা ব্ৰেক-চু লাগি থাকে আৰু এই ব্ৰেক-চু দুটাই চকাটো বহু জোৰত ধৰি থাকে। ৰে’লৰ চালক জন যেতিয়া ৰে’ল খন চলাবৰ বাবে বহে তেতিয়া চালক জনে এই ব্ৰেক-চু সমূহ চকাৰ পৰা আতৰাবৰ বাবে Compressor ৰ সহায়ত এটা হেঁচা প্ৰয়োগ কৰে। এই হেচাৰ পৰিমাণ 5kg Per Centimiter Squar. যেতিয়া এই হেচা প্ৰয়োগ কৰা হয় তেতিয়া ব্ৰেক-চু দুটা চকা টোৰ পৰা 5mm দূৰত্বলৈ আতৰি যায় আৰু ইয়াৰ ফলত ৰে’ল খন আগুৱাব ধৰে।

আকৌ যেতিয়া চালক জনে কোনো ষ্টেচনত ৰে’ল খন ৰখাবৰ হয় তেতিয়া আকৌ সেই পাইপৰ সৈতে দিয়া বতাহৰ হেচা পাইপ ডালৰ পৰা বাহিৰ কৰি উলিয়াই দিয়া হয় ফলত পুনৰ ব্ৰেক-চু দুটাই চকাটো ধৰি লয় আৰু ৰেল খন ৰখিবলৈ আৰম্ভ কৰে। সেই বাবে ৰেল সমুহ ৰখালে বতাহ ওলোৱা এটা ডাঙৰ শব্দ শুনা যায়।

আগৰ পুৰণা ৰে’ল সমূহত ব্ৰেক-চু বিলাক Cast Iron ৰ আছিল আৰু ফলত যেতিয়া ব্ৰেক মৰা হয় তেতিয়া জুইৰ ফিৰিঙতি ওলোৱা দেখা গৈছিল। কিন্তু বৰ্তমান সময়ত আধুনিক প্ৰযুক্তি ৰ প্ৰয়োগ কৰি যি সমূহ ব্ৰেক-চু আহিল সেই সমূহ Composite Meterial ৰ।

Composite Meterial হৈছে Fiber আৰু Advester ৰ সংমিশ্ৰনত বনোৱা এটা ধাতু। এই ব্ৰেক-চু সমূহ আগৰ তুলনাত বহুত উন্নত হ’ল। এই বেক চকাৰ লগত খাপ খাই থাকে। যেতিয়া ৰে’ল সমূহ ৰখোৱা হয় তেতিয়া এটা পোৰা পোৰা গোন্ধ পোৱা যায়। এই গোন্ধ ক’ৰ পৰা আহে? যেতিয়া ৰেলত এই ব্ৰেক প্ৰয়োগ কৰা হয় তেতিয়া ৰেলৰ চকা আৰু ব্ৰেক-চুৰ মাজত ঘৰ্ষনৰ ফলত এই গোন্ধ ওলাই। Train Brake System.

এই গোন্ধ সাধাৰণতে যাত্ৰী বাহি দবা বোৰত বেছি কৈ ওলাই। ইয়াৰ কাৰণ হৈছে যেতিয়া এই দবা বোৰত মানুহ উঠে ইয়াৰ ওজনৰ ফলত চকা আৰু ব্ৰেক-চুৰ মাজৰ দূৰত্ব 5mm ৰ পৰা 2mm লৈ কমি যায়। সেই বাবে যেতিয়া ব্ৰেক প্ৰয়োগ কৰা হয় ইয়াক এটা নিদিষ্ট হিচাপত কৰা হয়। কাৰণ যাত্ৰী উঠাৰ পাছত ওজনৰ ফলত চকাৰ দূৰত্বৰ তুলনাত ব্ৰেক-চু টো 3mm ওচৰ চাপি আহে আৰু বাকি থাকে 2mm। কিন্তু ব্ৰেক মাৰোতে সেই 5mm ত এ মৰা হয়। সেই বাবে এই ডবা বোৰত গোন্ধ বেছি ওলাই।

এতিয়া মূল কথা হৈছে Train Brake System ত এই ব্ৰেক-চুত দিয়া বতাহৰ হেচা ক’ৰ পৰা আহে? ব্ৰেক-চু ত এই হেচা দিবৰ কাৰণে ৰে’লৰ তলত দুডাল পাইপ থাকে আৰু পাইপ সমূহ সাধাৰণতে দুটা ডবাৰ মাজৰ লগ হোৱা ঠাই খিনিত ভাল দৰে দেখা যায়। এই পাইপ দুডাল দি বতাহ ভৰাবলৈ ৰেলৰ ইঞ্জিনত এটা ডাঙৰ Compressor লগোৱা থাকে। Train Brake System.

Compressor ৰ সহজ ভাষাত অৰ্থ হৈছে এখন ডাঙৰ ফেন আৰু এই ফেন খন চলিলে ওলোৱা বতাহ কেনিও বাহিৰ হ’ব নোৱাৰা কৈ এডাল সৰু পাইপ দি চকালৈ পঠাই দিয়া হয়। এই বতাহ পঠোৱা কাম কৰে চালক জনে। যেতিয়া চালক জনে ৰে’ল খন ৰখাবৰ বাবে ব্ৰেক প্ৰয়োগ কৰে তেতিয়া আচলতে সেই Compressor এ পাইপ ত ভৰাই থোৱা গোতেই বতাহ খিনি একেলগে উলিয়াই দিয়া হয়। আৰু তাৰ ফলত ব্ৰেক-টো চকাত লাগি ৰেল খন ৰখি যাই। Train Brake System.

What Is Chain Pulling System?

Train Brake System.

Chain Pulling হৈছে এনেকুৱা এটা ব্যৱস্থা, যি ব্যৱস্থাই জৰুৰীকালীন সময়ত সকলো যাএী এই ৰেল খন ব্ৰেক প্ৰয়োগ কৰি ৰখাব পাৰে। ভাল দৰে লক্ষ কৰিলে দেখা যাব যে ৰেলৰ প্ৰত্যেকটো ডবাৰ ভিতৰ ফালে বেৰত এডাল ৰঙা ৰঙৰ হাকোটা সদৃশ ৰচি লগোৱা থাকে। সেইডালেই হৈছে Emergency Brake অথ্যাৎ Chail Pulling System

Chail Pulling কৰিলে ই কেনেদৰে কাম কৰে? কিছুমানৰ মনত এইটো প্ৰশ্ন আহিব পাৰে যে যেতিয়া কোনো ডবাত Chail Pulling কৰা হয় তেতিয়া অকল সেই ডবা টোৰে ব্ৰেকৰ বতাহ ওলাই যায় নে গোটেই ৰে’ল খনৰেই ওলাই যায়? ইয়াৰ উত্তৰ Chail Pullong ৰ কাৰণে ৰেলত এডাল এই পাইপ থাকে। সেই বাবে যেতিয়া কোনো ডবাত Chail Pulling কৰা হয় তেতিয়া অকল সেই ডবা টোৰে ব্ৰেকৰ বতাহ ওলাই নাযায় গোটেই ৰে’ল খনৰেই ওলাই যায় আৰু ৰে’ল খন ৰখি যায়। Train Brake System.

What Is Alarm Chain Puling Light?

ৰেলৰ ডবা বোৰৰ বাহিৰফালে ওপৰত সাধাৰণতে এটা লাইট দেখা যায়। এই লাইট টোৰ নাম Alarm Chain Puling Light. এই লাইট টোৰ কাম হ’ল কোনটো ডবাত Chain Pulling কৰা হৈছে সেইটো জনাত সহায় কৰা। যেতিয়া Chain Puling কৰা হয় তেতিয়া চালক জনে তিনিটা সৰু সৰু হৰণ বজাই ৰেল খনৰ Guird আৰু T.T জনক অৱগত কৰে। তেতিয়া তেওঁলোকে গৈ সেই ডবা টোত নিৰিক্ষণ কৰে। যদি কোনোবা লোকে অনাবশ্যকীয় ভাৱে Chain Puling কৰে তেন্তুে তেওক গ্ৰেফটাৰ কৰা হয়।

এই খিনিতে কথা হ’ল যেতিয়া Chain Puling কৰা হয় তেতিয়া চালক জনে ইচ্ছা কৰিলে ৰে’ল খন নৰখোৱাকৈ চলাই যাব পাৰিবনে? ইয়াৰ উত্তৰ পাৰিব। কাৰণ ব্ৰেকৰ বাবে এখন ৰে’লত দুডাল পাইপ থাকে আৰু আৰু ইয়াৰ Controling চালক জনৰ হাতত থাকে। যেতিয়া Chain Pulling কৰা হয় তেতিয়া এডাল পাইপৰ বতাহ ওলাই গ’লে চালক জনে আন ডাল পাইপ দি পুনৰ ব্ৰেক আাতৰাই চলাই যাব পাৰে।

কিছুমান ৰে’লত Chain Puling কৰিলেও Train Brake System এ কেতিয়াবা কাম নকৰে। ইয়াৰ কাৰণ পাইপ ডালত এটা বন্ধ কৰিব পৰা ব্যৱস্থা থাকে আৰু সেইটো বন্ধ কৰি থ’লে Chain Puling এ কাম নকৰে। Train Brake System.

Goods Wagon Train | মাল বাহী ৰে’ল:-

মাল বাহী ৰে’ল সমূহত ওজন যঠেষ্ট বেছি হয়। সেই বাবে এই ৰে’ল বোৰত ব্ৰেকৰ পদ্ধতি অধিক উন্নত। এই ৰে’ল বোৰত চালক জনে ব্ৰেক নিয়ন্ত্ৰন কৰাৰ লগতে ৰে’ল খনৰ একেবাৰে শেষত থকা Brake Van ৰ সহায় লোৱা হয়। ৰে’ল খনৰ দুইটা System এই 5kg Per Centimiter Squar ৰ হিচাপত বতাহৰ হেচা প্ৰয়োগ কৰে।

Goods Wagon Hand Brake System | মালবাহী ৰেলৰ হেণ্ড ব্ৰেক পদ্ধতি :-

Train Brake System.

এখন মাল ভৰ্তি ৰে’লৰ ডবা আৰু তাৰ মাজত এটা খালী ডবাই ৰে’লখন চলাই যোৱাত বহুতো প্ৰভাৱ পেলাব পাৰে। যেতিয়া কোনো এটা ডবাত বস্তু ভৰ্তি থাকিব তেতিয়া সেই ডবা তোৰ Load Indicator সোঁফালে দেখুৱাব আৰু যদি ডবা টো খালী হয় তেন্তে সেইটো ডবাৰ Load Indicator বাওঁফালে দেখা যায়।

যেতিয়া এটা ডবা খালী থাকিব তেতিয়া সেই ডবা তোৰ ওজন কম হ’ব আৰু ব্ৰেকৰ হেঁচা কম থাকিব ফলত চালক ৰ বহুতো অসুবিধা হব পাৰে। সেইবাবে এই ব্ৰেক ৰ হেঁচাটো বঢ়াব ৰ বাবে অথ্যাৎ চকা আৰু ব্ৰেক-চুৰ মাজৰ দূৰত্ব কমাবৰ বাবে এই হেণ্ড ব্ৰেক ব্যৱহাৰ কৰা হয়। অথ্যাৎ ডবাটোত একো নাথাকিলে এই হেণ্ড ব্ৰেকৰ ব্যৱহাৰ কৰি হেঁচা বঢ়াই লোৱা হয়। বৰ্তমান সময়ত ৰেল বোৰত ব্ৰেকৰ কাৰণে দুডাল পাইপ দিয়া হয়। ইয়াৰ ফলত যেতিয়া ৰেল খন গৈ থাকে তেতিয়া এডাল পাইপৰ বতাহ খালি হ’লে আন ডাল দি পুনৰ ভৰাই দিব পৰা যায় আৰু দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা নাথাকে। Train Brake System.

Leave a Comment

error: Content is protected !!